ETV Bharat / politics

মুখ্যমন্ত্ৰীয়ে নাভূত-নাশ্ৰুত কথা কৈছে : প্ৰদেশ কংগ্ৰেছ

ৰাহুল গান্ধী সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ ৰমেন চন্দ্ৰ বৰঠাকুৰৰ ৷ ন্যায় যাত্ৰাক অসমত বাধা দি মুখ্যমন্ত্ৰীয়ে বলিয়ালি কৰিছে বুলি অভিযোগ অসম প্ৰদেশ কংগ্ৰেছৰ ৷

APCC Criticizes CM Himanta
মুখ্যমন্ত্ৰীক সমালোচনা প্ৰদেশ কংগ্ৰেছৰ
author img

By ETV Bharat Assamese Team

Published : January 25, 2024 at 7:21 PM IST

2 Min Read
Choose ETV Bharat
প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ ৰমেন চন্দ্ৰ বৰঠাকুৰৰ সংবাদমেল

গুৱাহাটী, 25 জানুৱাৰী: ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাক অসমত বাধা দি মুখ্যমন্ত্ৰীয়ে বলিয়ালি কৰিছে বুলি অভিযোগ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ জ্যেষ্ঠ মুখপাত্ৰ ৰমেন চন্দ্ৰ বৰঠাকুৰে ৷ বৃহস্পতিবাৰে গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত বৰঠাকুৰে কয় যে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা অসম তথা গুৱাহাটীৰ মাজেৰে যাওঁতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নানা ধৰণে বিধি-পথালি দি এই যাত্ৰাত হেঙাৰ দিবলৈ গভীৰ প্ৰচেষ্টা চলাইছিল ৷ কিন্তু হিতে বিপৰীত হৈ ভাৰত জোড়ো ন্যায় যাত্ৰাই বহুমুখী প্ৰচাৰ লাভ কৰিবলৈ সক্ষম হ’ল ৷

তেওঁ কয় যে মুখ্যমন্ত্ৰীগৰাকীয়ে বটদ্ৰৱা থান দৰ্শনত ৰাহুল গান্ধীক লেতেৰা কূটনীতি কৰি বাধা দিয়াৰ পাছত এতিয়া কামাখ্যা মন্দিৰ, হাজোৰ পোৱামক্কা, হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু বৰপেটা সত্ৰত নোসোমালে বুলি উচ্চ বাচ্য কৰিছে ৷ তেওঁ কয় যে, মুখ্যমন্ত্ৰীয়ে অসমৰ বুদ্ধিজীৱীৰ ওপৰত অলাগতিয়াল শব্দ প্ৰয়োগ কৰা, ভূপেন বৰা আৰু দেবব্ৰত শইকীয়াক গ্ৰেপ্তাৰৰ কথা, ৰাহুল গান্ধীৰ বাহনলৈ চোঁচা লোৱা, সাংবাদিকলৈ শিলগুটি নিক্ষেপ কৰা এই কথাবোৰে ভাৰত জোড়ো ন্যায় যাত্ৰাক প্ৰয়োজনতকৈ অধিক মাত্ৰা প্ৰদান কৰিলে ৷ লগতে অসমৰ জনসাধাৰণে দেখিলে যে, অসমৰ মুখ্যমন্ত্ৰীজন সম্পূৰ্ণ আইন বিৰোধ কৰা এজন মানুহ ৷ লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে যে অপ্ৰাসংগিক, অশালীন শব্দ প্ৰয়োগ কৰে আৰু গণতন্ত্ৰৰ প্ৰতি যে তেওঁৰ কোনো শ্ৰদ্ধা নাই সেয়া ৰাইজে দেখিলে ৷

শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীক উদ্দেশ্যি পুনৰ যি মন্তব্য প্ৰকাশ কৰিছে তাক লৈও প্ৰতিক্ৰিয়া ব্যক্ত কৰে প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰজনে ৷ তেওঁ কয় যে, ৰাহুল গান্ধী বৰপেটা সত্ৰ, পাটবাউসী সত্ৰ, পোৱা মক্কা আদি নোযোৱা সন্দৰ্ভত যিবোৰ মন্তব্য কৰিছে, সেয়া মুখ্যমন্ত্ৰীৰ কোনো শুভমনৰ পৰিচায়ক নহয় ৷ অসমৰ মানুহক মুখ্যমন্ত্ৰীয়ে বিপথে পৰিচালিত কৰিব বিচাৰিছে বুলি অভিযোগ কৰে বৰঠাকুৰে ৷ লগতে গুৱাহাটীী মহনগৰীত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত চৰকাৰে বাধা আৰোপ কৰি মুখ্যমন্ত্ৰীয়ে যি ৰাজনৈতিক ষড়যন্ত্ৰ কৰিছিল তাকেই ঢাকি ৰাখিবলৈ এতিয়া ৰাহুল গান্ধীৰ ওপৰত গোচৰ জাপি নিজৰ দুৰ্বলতাক নিজেই উদঙাই দেখুৱাইছে বুলি বৰঠাকুৰে অভিযোগ কৰে ৷

লগতে পঢ়ক : ৰাহুল গান্ধীয়ে অসমত সাম্প্ৰদায়িক সংঘাত লগোৱাৰ পৰিকল্পনা কৰিছিল : মুখ্যমন্ত্রী