ETV Bharat / state

অসমৰ চাৰি সাহিত্যিকলৈ সন্মানীয় সাহিত্য অকাডেমি বঁটা

অসমৰ সুপ্ৰকাশ ভূঞা আৰু অমৰ খুংগুৰ বড়োলৈ যুৱ সাহিত্য আৰু সুৰেন্দ্ৰ মোহন দাস, বিনয় কুমাৰ ব্ৰহ্মলৈ শিশু সাহিত্য বঁটা ।

Sahitya Akademi Awards 2025
অসমৰ তিনি সাহিত্যিকলৈ সন্মানীয় সাহিত্য অকাডেমি বঁটা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 18, 2025 at 7:40 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী : অসমৰ সাহিত্য জগতলৈ সফলতাৰ গৌৰৱ ৷ ৰাজ্যৰ চাৰিগৰাকী সাহিত্যিকলৈ সাহিত্য অকাডেমিৰ সন্মান ।

যুৱ গল্পকাৰ সুপ্ৰকাশ ভূঞালৈ অসমীয়া ভাষাৰ আৰু কবি অমৰ খুংগুৰ বড়োলৈ বড়ো ভাষাৰ সাহিত্য অকাডেমি যুৱ বঁটা ২০২৫, সুৰেন্দ্ৰ মোহন দাসলৈ সাহিত্য অকাডেমি শিশু সাহিত্য বঁটা ২০২৫ আগবঢ়োৱাৰ লগতে বিনয় কুমাৰ ব্ৰহ্মলৈ বড়ো ভাষাৰ সাহিত্য অকাডেমিৰ শিশু সাহিত্য বঁটা আগবঢ়োৱা হৈছে ।

Sahitya Akademi Awards 2025
মইনাহঁতৰ পদ্য নামৰ গ্ৰন্থখনৰ বাবে সুৰেন্দ্ৰ মোহন দাসে লাভ কৰে সাহিত্য অকাডেমি বঁটা (ETV Bharat Assam)

বুধবাৰে সাহিত্য অকাডেমিয়ে ঘোষণা কৰে দেশৰ ২৩ টা ভাষাৰ বাবে ২০২৫ বৰ্ষৰ সাহিত্য অকাডেমি বঁটা ৷ অৱশ্যে ডোগ্ৰী ভাষাত আগবঢ়োৱা হোৱা নাই অকাডেমি বঁটা ৷ আনহাতে, ২৪ টা ভাষাৰ বাবে শিশু সাহিত্য অকাডেমি বঁটা ঘোষণা কৰা হৈছে ।

Sahitya Akademi Awards 2025
সাহিত্য অকাডেমি বঁটা ২০২৫ ঘোষণা (ETV Bharat Assam)

যুৱ গল্পকাৰ সুপ্ৰকাশ ভূঞাক তেওঁৰ গল্প সংকলন 'কুঁচিয়ানামা’ৰ বাবে অকাডেমিয়ে ২০২৫ বৰ্ষৰ যুৱ সাহিত্য বঁটা আগবঢ়াইছে ৷ আনহাতে, 'মইনাহঁতৰ পদ্য’ নামৰ শিশু উপযোগী গ্ৰন্থৰ বাবে শিশু সাহিত্যিক সুৰেন্দ্ৰ মোহন দাসলৈ ২০২৫ বৰ্ষৰ শিশু সাহিত্য অকাডেমি বঁটা আগবঢ়োৱা হৈছে ।

Sahitya Akademi Awards 2025
সুৰেন্দ্ৰ মোহন দাস (ETV Bharat Assam)

২০২৫ বৰ্ষৰ সাহিত্য একাডেমি শিশু সাহিত্য বঁটাপ্ৰাপক সুৰেন্দ্ৰ মোহন দাস এগৰাকী শিশু-সাহিত্যিক আৰু পেচাত এগৰাকী অৱসৰপ্ৰাপ্ত বেংক বিষয়া ৷ গুৱাহাটীৰ বাসিন্দা সুৰেন্দ্ৰমোহন দাসে শিশু-কিশোৰৰ বাবে বিভিন্ন আলোচনীত শিশু কবিতা আৰু বিভিন্ন লেখা লিখি আহিছে ৷ 'পদ্যৰ সঁফুৰা' আৰু 'তিনিকুৰি শব্দ বিভ্ৰাট' তেওঁৰ আন প্ৰকাশিত গ্ৰন্থ ৷ পদ্যৰ সঁফুৰা নামৰ গ্ৰন্থখনলৈ অকণিৰ সাহিত্য সভাই ‘২০২২ বৰ্ষৰ শ্ৰেষ্ঠ শিশুগ্ৰন্থ বঁটা’ আগবঢ়াইছিল ৷

Sahitya Akademi Awards 2025
সাহিত্য অকাডেমি বঁটা ২০২৫ ঘোষণা (ETV Bharat Assam)

আনহাতে, শিৱসাগৰ জিলাৰ দিখৌমুখৰ গুৱালগাঁৱৰ বাসিন্দা হৈছে যুৱ সাহিত্যিক সুপ্ৰকাশ ভূঞা ৷ ১৯৯০ চনত জন্মলাভ কৰা সুপ্ৰকাশ ভূঞাৰ গল্প প্ৰকাশ, প্ৰান্তিক, গৰীয়সী, সাতসৰী আদি সাহিত্য আলোচনীত নিয়মিতভাৱে প্ৰকাশিত হৈ আহিছে ৷ গল্পৰ লগতে সমাজ-ৰাজনৈতিক বিষয়ক লৈও সচেতন লিখক হিচাপে পৰিচয় দি আহিছে সুপ্ৰকাশ ভূঞাই ।

Sahitya Akademi Awards 2025
কুঁচিয়ানামা নামৰ গল্প সংকলনখনৰ বাবে সুপ্ৰকাশ ভূঞাই লাভ কৰে এই বঁটা (ETV Bharat Assam)

ইফালে 'खान्थि बोसोन आरो आखु दानाय' (নীতি পৰাদৰ্শ আৰু চৰিত্ৰ গঠন) নামৰ গল্প পুথিৰ বাবে বিনয় কুমাৰ ব্ৰহ্মলৈ আগবঢ়োৱা হৈছে বড়ো ভাষাৰ শিশু সাহিত্য বঁটা । বড়ো সাহিত্য জগতৰ এটি পৰিচিত নাম হ’ল বিনয় কুমাৰ ব্ৰহ্ম । বৰ্তমানলৈ বিনয় কুমাৰ ব্ৰহ্মই মুঠ ২৭ খন গ্ৰন্থৰে বড়ো সাহিত্যলৈ নিজৰ অৰিহণা আগবঢ়াইছে ৷

Sahitya Akademi Awards 2025
खान्थि बोसोन आरो आखु दानाय নামৰ গ্ৰন্থখনৰ বাবে বিনয় কুমাৰ ব্ৰহ্মই লাভ কৰে এই বঁটা (ETV Bharat Assam)

৫৬ বছৰীয়া বিনয় কুমাৰ ব্ৰহ্মৰ ঘৰ কোকৰাঝাৰ জিলাৰ দোতমাত । সেৰফাংগুৰি ইউ এন বি ভোকেচনেল উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষকৰূপে বিনয় কুমাৰ ব্ৰহ্মই কৰ্মজীৱন নিৰ্বাহ কৰি আহিছে ।

Sahitya Akademi Awards 2025
বিনয় কুমাৰ ব্ৰহ্ম (ETV Bharat Assam)

আনহাতে, বড়ো ভাষাৰ যুৱ কবি অমৰ খুংগুৰ বড়োৱেও লাভ কৰিছে এই বছৰ যুৱ পুৰস্কাৰ । 'আং অসুৰ' নামৰ কাব্যগ্ৰন্থখনৰ বাবে অমৰ খুংগুৰ বড়োৱে এই বঁটা লাভ কৰে । ওদালগুৰি জিলাৰ পানেৰীৰ উত্তৰ গেজেৰকুছিত ১৯৯৪ চনত জন্ম যুৱ কবি অমৰ খুংগুৰ বড়োৰ । তেওঁ স্কুলীয়া দিনৰ পৰায়ে বিভিন্ন কাকত-আলোচনীত বড়ো ভাষাত লেখা-মেলা কৰি আহিছে । তেওঁৰ প্ৰথম কবিতা পুথি 'হৌৱথাজানাই মিজিং ফৌৰনি চিমাং' ২০১৯ চনত প্ৰকাশ পায় । তেওঁ বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ ।

লগতে পঢ়ক :দেশৰ ৪৫ হাজাৰ পুথিভঁৰালত 'মহাবীৰ লাচিত বৰফুকন' : ২৪টা ভাষাত অসমবীৰৰ জীৱন-গাথা - BOOK ON LACHIT BORPHUKAN
লগতে পঢ়ক :শামুকৰ খোলাত মুকুতা; চৰৰ ল'ৰা আজি ন্যায়াধীশৰ আসনত - NAGAON YOUTH SUCCESS STORY