দেশৰ ৪৫ হাজাৰ পুথিভঁৰালত 'মহাবীৰ লাচিত বৰফুকন' : ২৪টা ভাষাত অসমবীৰৰ জীৱন-গাথা
২০২৩ চনত আৰম্ভ হোৱা প্ৰক্ৰিয়াত ইংৰাজী ভাষাত গ্ৰন্থখন ৰচনা কৰিছিল অৰূপ কুমাৰ দত্তই । দেশৰ ২৩ গৰাকী অনুবাদক আৰু সম্পাদকে বিভিন্ন ভাষালৈ অনুবাদ কৰিছিল ।

Published : June 18, 2025 at 5:57 PM IST
|Updated : June 18, 2025 at 8:25 PM IST
গুৱাহাটী : অসমৰ শৌৰ্য-বীৰ্যৰ প্ৰতীক মহাবীৰ লাচিত বৰফুকনৰ জীৱনৰ আধাৰত ৰচনা কৰা গ্ৰন্থই দেশৰ ৪৫ হাজাৰ পুথিভঁৰালৰ শোভাবৰ্ধন কৰিছে । ‘মহাবীৰ লাচিত বৰফুকন’ নামৰ গ্ৰন্থখন দেশৰ সংবিধান স্বীকৃত সকলো ভাষাতে অনুবাদ কৰি দেশৰ পুথিভঁৰালসমূহলৈ প্ৰেৰণ কৰা হৈছে ।
দেশৰ প্ৰান্তে প্ৰান্তে লাচিত বৰফুকনৰ বীৰত্বৰ গাথা
মহাবীৰ লাচিত বৰফুকনৰ পৰাক্ৰম তথা বীৰত্বৰ গাথা সমগ্র দেশবাসীৰ আগত দাঙি ধৰাৰ বাবে অসম চৰকাৰে বিগত বছৰকেইটাত বিভিন্ন কার্যসূচী গ্ৰহণ কৰাৰ লগতে লাচিত বৰফুকনৰ বীৰত্বপূৰ্ণ জীৱন-গাথা গ্ৰন্থৰ জৰিয়তে সমগ্ৰ দেশতে প্ৰচাৰ কৰাৰ এক অভিনৱ পদক্ষেপ গ্ৰহণ কৰিছিল । তাৰেই অংশস্বৰূপে মহাবীৰ লাচিত বৰফুকনৰ জীৱনৰ আধাৰত ৰচনা কৰা গ্ৰন্থখন দেশৰ ৪৫ হাজাৰ পুথিভঁৰাললৈ প্ৰেৰণ কৰা হৈছে ।
অসম প্ৰকাশন পৰিষদৰ পদক্ষেপ
অসম চৰকাৰৰ নিৰ্দেশনা অনুসৰি এই কাৰ্য সম্পূৰ্ণ কৰিছে অসম প্ৰকাশন পৰিষদে । এই সন্দৰ্ভত অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাৰ সৈতে ইটিভি ভাৰতৰ এক আছুতীয়া সাক্ষাতকাৰৰ বিশেষ প্ৰতিবেদন ।

কিদৰে আগবাঢ়িছিল গ্ৰন্থ ৰচনাৰ প্ৰক্ৰিয়া
মহাবীৰ লাচিত বৰফুকনৰ জীৱনৰ আধাৰত ৰচনা কৰা গ্ৰন্থ ভাৰতীয় সকলো ভাষাতে অনুবাদ কৰি বিতৰণ কৰাটো তেনেই সহজ কাম নাছিল । এই কঠিন প্ৰক্ৰিয়াটো সম্পন্ন কৰিছিল অসম প্ৰকাশন পৰিষদে ।

এই সন্দৰ্ভত অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই কয়, "মহাবীৰ লাচিত বৰফুকনৰ জীৱনক লৈ এখন গ্ৰন্থ ৰচনা কৰি ভাৰতৰ সংবিধান স্বীকৃত আটাইকেইটা ভাষালৈ অনুবাদ কৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম প্ৰকাশন পৰিষদক দায়িত্ব অর্পণ কৰিছিল, যাতে সাহিত্যৰ যোগেদি আমি লাচিত বৰফুকনক দেশৰ প্ৰান্তে প্ৰান্তে লৈ যাব পাৰোঁ । তাৰ পাছতেই অসম প্রকাশন পৰিষদে এই গ্ৰন্থখন ৰচনা কৰাৰ বাবে প্রথিতযশা লেখক অৰূপ কুমাৰ দত্তক দায়িত্ব দিছিল ।"

২০২৩ চনত আৰম্ভ হৈছিল এই প্ৰক্ৰিয়া
প্ৰমোদ কলিতাই কয়, "এই প্ৰক্ৰিয়াটো ২০২৩ চনত আৰম্ভ হৈছিল আৰু অৰূপ কুমাৰ দত্তই নিৰ্দিষ্ট সময়ত গ্ৰন্থখন ৰচনা কৰি উলিয়াইছিল । ইয়াৰ পাছত নিৰ্দিষ্ট সময়ৰ ভিতৰত এই গ্ৰন্থখন ভাৰতৰ সংবিধান স্বীকৃত আটাইকেইটা ভাষালৈ অনুবাদ কৰাৰ বাবে সমগ্ৰ দেশতে মুঠ ২৩ গৰাকী অনুবাদকক দায়িত্ব অর্পণ কৰা হৈছিল । অনুবাদ কার্য শেষ হোৱাৰ লগে লগে ২৩ টা ভাষাৰ পৰা একোগৰাকীকৈ সম্পাদকক গ্ৰন্থখন সম্পাদনা কৰাৰ বাবে পৰিষদে নিযুক্ত কৰিছিল ।"

অৰূপ কুমাৰ দত্তই ৰচনা কৰিছিল ইংৰাজী গ্ৰন্থখন
গ্ৰন্থকেইখন প্ৰণয়ন সন্দৰ্ভত অসম প্ৰকাশন পৰিষদৰ সচিবগৰাকীয়ে কয়, "লেখক অৰূপ কুমাৰ দত্তই ইংৰাজী ভাষাত ৰচনা কৰা ‘আছামছ ব্রেভহার্ট লাচিত বৰফুকন' গ্ৰন্থখন নির্দিষ্ট সময়ত পৰিষদৰ হাতত তুলি দিয়াৰ পাছতে অনুবাদ কাৰ্য আৰম্ভ হৈছিল । আঠ মাহৰ ভিতৰত অনুবাদ কৰাৰ কাম সম্পূৰ্ণ কৰা হৈছিল । এই প্ৰকল্পটোৰ বাবে অপৰাজিতা পূজাৰীক দায়িত্ব দিয়া হৈছিল ।"

কি কি ভাষাত উপলব্ধ লাচিত বৰফুকনৰ জীৱনভিত্তিক গ্ৰন্থখন
এই সন্দৰ্ভত তেওঁ কয়, "অসমীয়া, নেপালী, বড়ো, মণিপুৰী, বাংলা, চাওতালী (চান্থাল), মৈথেলী, উড়িয়া, তেলুগু, তামিল, কানাড়া, মালয়ালম, কংকোনী, মাৰাঠী, গুজৰাটী, উর্দু, সংস্কৃত, পাঞ্জাবী, কাশ্মীৰী, ডোগ্ৰী, সিন্ধী আৰু হিন্দী ভাষাৰ লগতে ৰাজস্থানী ভাষালৈকো গ্ৰন্থখন অনুবাদ কৰি আঠ মাহৰ ভিতৰতে মুঠ ২৪ টা ভাষাত প্ৰকাশৰ ব্যৱস্থা কৰা হৈছিল ।"

অমিত শ্বাহে উন্মোচন কৰিছিল গ্ৰন্থখন
তেওঁ লগতে কয়, "গ্ৰন্থ অনুবাদৰ কাম সম্পূৰ্ণ হোৱাৰ পাছত ২০২৪ চনৰ ২০ জানুৱাৰীত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে ২৩ টা ভাষালৈ অনুদিত হোৱা এই গ্রন্থখন উন্মোচন কৰিছিল । উন্মোচন কার্য সুকলমে হৈ যোৱাৰ পাছতেই মুখ্যমন্ত্ৰীয়ে অসম প্ৰকাশন পৰিষদক দেশৰ সকলো বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ পুথিভঁৰালৰ লগতে সমগ্ৰ দেশৰ চৰকাৰী আৰু চৰকাৰী স্বীকৃতিপ্রাপ্ত পৃথিভঁৰালৰ ঠিকনা সংগ্ৰহ কৰি উক্ত পুথিভঁৰালসমূহলৈ লাচিত বৰফুকনক লৈ ৰচিত গ্ৰন্থখনৰ দুটাকৈ কপি প্ৰেৰণ কৰাৰ দায়িত্ব দিছিল ।"

দেশৰ ৪৫ হাজাৰ পুথিভঁৰাললৈ প্ৰেৰণ
প্ৰমোদ কলিতাই কয়, "এনেদৰে গ্ৰন্থ প্ৰেৰণ কৰোঁতে যাতে প্ৰতিখন ৰাজ্যত প্রচলিত ভাষাৰ গ্ৰন্থহে সেই ৰাজ্যৰ পুথিভঁৰাললৈ প্ৰেৰণ কৰা হয় সেই ক্ষেত্ৰত নজৰ ৰাখিবলৈ মুখ্যমন্ত্ৰীয়ে প্ৰকাশন পৰিষদক পৰামৰ্শ দিছিল । ইয়াৰ পাছতেই অসম প্ৰকাশন পৰিষদে দেশৰ মুঠ ৪৫ হাজাৰ পুথিভঁৰালৰ ঠিকনা সংগ্ৰহ কৰি সেই পুথিভঁৰালসমূহলৈ গ্ৰন্থখনৰ দুটাকৈ কপি প্ৰেৰণ কৰা কাৰ্য আৰম্ভ কৰিছিল । ইতিমধ্যে গ্রন্থ প্ৰেৰণৰ কাম সম্পূৰ্ণ হৈছে । আনহাতে, বহুতো আগশাৰীৰ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ে তেওঁলোকৰ পুথিভঁৰালৰ গুৰুত্বপূৰ্ণ গ্ৰন্থৰ তালিকাৰ মাজত এই গ্ৰন্থখন অন্তর্ভুক্ত কৰিছে ।"

দিল্লী বিশ্ববিদ্যালয়ত জিলিকিছে লাচিত বৰফুকন সম্পৰ্কীয় গ্ৰন্থ
বিভিন্ন পুথিভঁৰালৰ প্ৰসংগ উল্লেখ কৰি প্ৰকাশন পৰিযদৰ সচিবগৰাকীয়ে কয়, "ইতিমধ্যে দিল্লী বিশ্ববিদ্যালয়ৰ জাকিৰ হুছেইন কলেজৰ পুথিভঁৰালত নতুনকৈ অন্তর্ভুক্ত হোৱা গ্ৰন্থ প্রদর্শনত লাচিত বৰফুকন বিষয়ক মূল ইংৰাজী গ্ৰন্থখন জিলিকিছে । কেৰালাৰ ৰামাপুৰমৰ জি ই এম এছ কলেজৰ পুথিভঁৰালত প্ৰদৰ্শনৰ বাবে ৰখা বিখ্যাত লেখকৰ গ্ৰন্থৰ স্থানতো মালয়ালম ভাষালৈ অনুদিত গ্ৰন্থখনে স্থান লাভ কৰিছে । এনেদৰেই বহু বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ পুথিভঁৰালত এতিয়া ‘মহাবীৰ লাচিত বৰফুকন' গ্ৰন্থখন জিলিকি আছে ।"

চলি আছে ভূপেন হাজৰিকাৰ জীৱন আধাৰিত গ্ৰন্থৰ অনুবাদৰ কাম
অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই কয়, "মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আমাক এই বছৰ ভূপেন হাজৰিকাৰ বিষয়ে এখন গ্ৰন্থ লিখি ভাৰতীয় সকলো ভাষাতে অনুবাদ কৰাৰ বাবে নিৰ্দেশ দিছে । এইবাৰ আমি লক্ষ্য ৰাখিছোঁ যে ফৰাচী আৰু স্পেনিছ ভাষাত এই গ্ৰন্থখন অনুবাদ কৰি বাহিৰলৈ পঠাব পাৰোঁ নেকি । ইয়াৰ বাবে বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্রী পৱিত্র মাৰ্ঘেৰিটাৰ লগতো কথা পাতিছোঁ ।"

অনুৰাধা শৰ্মা পূজাৰীয়ে লিখিছে ভূপেন হাজৰিকাৰ ওপৰত গ্ৰন্থ
প্ৰমোদ কলিতাই কয়, "ইতিমধ্যে গ্ৰন্থখন অসমীয়া ভাষাত লিখা হৈছে আৰু গ্ৰন্থখন লিখি উলিয়াইছে বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে । এতিয়া ইংৰাজী অনুবাদ হৈ আছে আৰু লগতে ভাৰতীয় সকলো ভাষাতে অনুবাদ কৰাৰ কাম চলি আছে । এই গ্ৰন্থখনত ভূপেন হাজৰিকাৰ কিছু গীতো থাকিব ।"
অসম চৰকাৰে উদযাপন কৰিছিল লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী
উল্লেখ্য যে ২০২২ চনত অসম চৰকাৰে বৰ্ষজোৰা কাৰ্যসূচীৰে মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী উদযাপন কৰিছিল । ২৫ ফেব্ৰুৱাৰীত গুৱাহাটীৰ কলাক্ষেত্রত এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰিছিল তদানীন্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে । আনহাতে, বছৰজোৰা কাৰ্যসূচীৰ সামৰণিৰ মূল অনুষ্ঠান নতুন দিল্লীৰ বিজ্ঞান ভৱনত ২০২২ চনৰ ২৩ আৰু ২৪ নৱেম্বৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ অনুষ্ঠিত কৰা হৈছিল । য'ত প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহ মন্ত্রী অমিত শ্বাহকে ধৰি বহুকেইগৰাকী কেন্দ্ৰীয় মন্ত্রীয়ে অংশগ্ৰহণ কৰিছিল ।
ইফালে লাচিত বৰফুকনৰ চাৰিশ বছৰীয়া জয়ন্তী উপলক্ষে অসম চৰকাৰে অনুষ্ঠিত কৰা লাচিত বৰফুকনৰ বিষয়ে লিখা ৰচনাই বিশ্ব অভিলেখ গঢ়িছিল । অসম চৰকাৰৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ৰাজ্যখনৰ ৪২ লাখৰো অধিক ব্যক্তিয়ে অনলাইনযোগে লাচিত বৰফুকনৰ বিষয়ে ৰচনা লিখি আপলোড কৰিছিল । লাচিত বৰফুকনৰ বিষয়ে লিখা সেই ৰচনাই গীনিজ বুক অব ৱৰ্ল্ড ৰেকৰ্ডছত স্থান লাভ কৰিছিল ।

