ETV Bharat / state

শামুকৰ খোলাত মুকুতা; চৰৰ ল'ৰা আজি ন্যায়াধীশৰ আসনত

প্ৰত্যাহ্বান যিয়ে নহওঁক, ইচ্ছা কৰিলে কি কৰিব নোৱাৰি ! সেয়াই কৰি দেখুৱালে চহৰাঞ্চলৰ আবু আৰিফ খানে ।

char area youth become judge
কমলসুঁতি চৰৰ আবু আৰিফ খান (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : June 18, 2025 at 1:40 PM IST

3 Min Read
Choose ETV Bharat

নগাঁও : সচৰাচৰ চৰ-চাপৰি বুলিলে সকলো দিশৰ পৰা পিছপৰা বুলিয়ে মানুহে ধাৰণা কৰে । বান বিধ্বস্ত চৰ-চাপৰি উন্নয়নৰ ক্ষেত্ৰতো পিছপৰা । প্ৰায় প্ৰতিটো ক্ষেত্ৰতে অৱহেলিত চহৰাঞ্চলত শিক্ষাগত অৰ্হতাও তেনেই ক্ষীণ । বিশেষকৈ শিক্ষানুষ্ঠানৰ অভাৱ, যাতায়তৰ অসুবিধাৰ বাবেই উচ্চ শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হ'বলগীয়া হয় চৰাঞ্চলৰ যুৱক-যুৱতী । কিন্তু এনে এক পৰিস্থিতিতে ডাঙৰ দীঘল হোৱা এজন যুৱকে এতিয়া নিজকে যোগ্য কৰি তুলিছে । ন্যায়াধীশৰ দৰে অতি সন্মানীয় আসনত বহিবলৈ সক্ষম হৈছে যুৱকজনে ।

ন্যায়াধীশৰ বাবে নিজকে যোগ্য কৰি তুলিবলৈ সক্ষম হোৱা যুৱকজন হৈছে নগাঁও জিলাৰ কমলসুঁতি চৰৰ আবু আৰিফ খান । কমলসুঁতি চৰৰ আব্দুল মজিদ আৰু আলিয়া বেগমৰ পুত্ৰ আবু অৰিফ খান সম্প্ৰতি নগাঁও অধিবক্তা সন্থাৰ সদস্য হিচাপে নগাঁও আদালতত অধিবক্তাৰ দায়িত্ব পালন কৰি আছে । কিন্তু এই ব্যস্ততাৰ মাজতো ন্যায়াধীশৰ বাবে প্ৰস্তুতি চলাই আহিছিল আৰিফ খানে ।

অতিৰিক্ত ন্যায়াধীশ হিচাপে বাছনি আবু আৰিফ খান (ETV Bharat)

ন্যায়াধীশৰ আসনত বহিবলৈ এবাৰ দুবাৰ নহয়, ১২ বাৰকৈ পৰীক্ষাত অৱতীৰ্ণ হৈছিল কমলসুঁতি চৰৰ আবু আৰিফ খানে । কিন্তু ১২ বাৰেই ব্যৰ্থ হোৱাৰ পাছতো ভাগি পৰা নাছিল আৰিফ খান । নিজৰ লক্ষ্যত উপনীত হ'বলৈ পুনৰ এবাৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল আবু আৰিফ খান ।

অৱশেষত ১৩ নম্বৰ বাৰত নিজৰ লক্ষ্যত উপনীত হ'বলৈ সক্ষম হ'ল আৰিফ খান । অতিৰিক্ত ন্যায়াধীশৰ বাবে বাছনি হোৱা আৰিফ খানে নিজৰ সফলতাৰ খবৰ লাভ কৰাৰ পাছতে উৎফুল্লিত হৈ পৰে । এই সন্দৰ্ভত প্ৰত্যাহ্বানৰ কথা সুঁৱৰি ইটিভি ভাৰতৰ সন্মুখত আৱেগিক হৈ পৰে আবু আৰিফ খান ।

নগাঁৱৰ ধিং সমষ্টিৰ বহু ভিতৰুৱা চৰাঞ্চলৰ পৰাই শিক্ষা জীৱন আৰম্ভ কৰা আৰিফ খানে এই প্ৰাপ্তিৰ পাছত ভিতৰুৱা কোনো অঞ্চলৰ জীৱনৰ সফলতাৰ অন্তৰায় হ'ব নোৱাৰে বুলি ইটিভি ভাৰতৰ সন্মুখত মন্তব্য কৰে ।

char area youth become judge
চৰৰ যুৱত আবু আৰিফ খান আজি ন্যায়াধীশৰ আসনত (ETV Bharat)

উল্লেখ্য যে, কমলসুঁতি চৰৰ অপ্ৰাদেশিকৃত প্ৰাথমিক বিদ্যালয়ৰ পৰা শিক্ষা জীৱন আৰম্ভ কৰা আৰিফে টুলুঙা নাওঁ, খোজকাঢ়ি, বাঁহৰ সাঁকো পাৰ হৈ প্ৰায় ৭-৮ কিলোমিটাৰ নিলগৰ কান্দুলিমাৰী হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ পৰৱৰ্তী সময়ত ধিং মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি নগাঁও আইন মহাবিদ্যালয়ৰ পৰা এল এল বিত উত্তীৰ্ণ হয় ।

পৰৱৰ্তী সময়ত ওকালতি কৰি যোৱাৰ উপৰিও এল এল এম ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছিল । আৰিফ খানৰ সফলতাত এতিয়া আনন্দমুখৰ পৰিৱেশ কমলসুঁতি চৰৰ তেওঁৰ ঘৰত । উৎফুল্লিত হৈ পৰিছে আৰিফ খানৰ পিতৃ-মাতৃৰ লগতে আত্মীয় । ভিতৰুৱা চৰাঞ্চলৰ আৰিফ খানৰ সফলতাত এতিয়া কমলসুঁতি চৰবাসীৰ লগতে নগাঁৱৰ বিভিন্নজন আনন্দিত হোৱাৰ লগতে এই সফলতাৰ বাবে তেওঁক শুভেচ্ছা জনাইছে ।

ইটিভি ভাৰতৰ আগত তেওঁ কয়, "নথৈ আনন্দিত হৈছো । বিগত ১২-১৩ বছৰ ধৰি নিৰৱচ্ছিন্নভাৱে চেষ্টা কৰি আহিছিলো । বহুবাৰ বিফলো হৈছো । এতিয়া সফলতা পাই মই যথেষ্ট আনন্দিত হৈছো । মোৰ প্ৰথম কৃতিত্ব মা-দেউতা । তেওঁলোকে চৰতে জীৱিকা নিৰ্বাহ কৰি অশেষ কষ্ট কৰি প্ৰকৃতিৰ সৈতে যুঁজি আমাক যে এইখিনি সুবিধা দিছে লিখা পঢ়া কৰাৰ কাৰণে...।"

লগতে পঢ়ক : এগৰাকী চিকিৎসকৰ অতুলনীয় কৰ্মৰ চানেকি 'প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয়'