ETV Bharat / state

ৰাজ্যত অব্যাহত গঁড়ৰ আতংক; গোলাঘাটত বাতিল হ’ল হুঁচৰি অনুষ্ঠান - Rhino roaming freely in Golaghat

author img

By ETV Bharat Assamese Team

Published : Apr 16, 2024, 1:40 PM IST

Rhino terror : গোলাঘাট জিলাৰ খুমটাই ৰাজহ চক্ৰত গঁড়ৰ আতংক ৷ কথমপি প্ৰাণৰক্ষা 6 জনৰ ৷ বাতিল বিহু অনুষ্ঠান ।

Rhino roaming freely in Golaghat
ৰাজ্যত অব্যাহত গঁড়ৰ আতংক; গোলাঘাটত বাতিল হ’ল হুঁচৰি অনুষ্ঠান

গোলাঘাট, 16 এপ্ৰিল: ৰাজ্যত পুনৰ গঁড়ৰ আতংক ৷ গঁড়ৰ বাবেই এইবাৰ বাতিল কৰা হ’ল হুঁচৰি অনুষ্ঠান ৷ জানিব পৰা মতে, গোলাঘাট জিলাৰ খুমটাই ৰাজহ চক্ৰৰ অন্তৰ্গত আলামি আৰু ৰোহিতা চাপৰি অঞ্চলত গঁড়ৰ আতংকই নিদ্ৰাহৰণ কৰিছে স্থানীয় লোকৰ । মঙলবাৰে আলামিৰ ৰোহিতা চাপৰিত গঁড় খেদিবলৈ বনবিভাগে ব্যৱহাৰ কৰে স্থানীয় এজন কৃষকৰ টেক্টৰ ৷ গঁড়ৰ আক্ৰমণত উক্ত টেক্টৰখনৰ ক্ষতিসাধন হয় বুলি স্থানীয় লোকে উল্লেখ কৰে ।

স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি, গোলাঘাট জিলাৰ এটি বন বিভাগৰ দলে গঁড়টো কাজিৰঙালৈ খেদি পঠাবলৈ চেষ্টা কৰি আছিল ৷ তেনেতে ৰোহিতা চাপৰি অঞ্চলত গঁড়টোৱে টেক্টৰখনক আক্ৰমণৰ লক্ষ্য কৰি লয় । গঁড়ৰ আক্ৰমণত টেক্টৰখনত থকা এজন বনকৰ্মীৰ লগতে আন 5 জন লোকৰ জীৱন কথমপি ৰক্ষা পৰে ।

দুৰ্ভাগ্যজনকভাৱে গঁড়ৰ আতংকৰ বাবেই আলামি, লাকলঙিয়া, ৰোহিতাকে আদি কৰি প্ৰায় 5 খন গাঁৱত বাপতি সাহোন ব'হাগ বিহুৰ হুঁচৰি অনুষ্ঠান বাতিল কৰা হয় ৷ এই কথা স্থানীয় ৰাইজে জানিবলৈ দিছে । বন বিভাগে জানিবলৈ দিয়া অনুসৰি গঁড়টো যথেষ্ট ভাগৰুৱা হোৱাৰ লগতে বন বিভাগ তথা স্থানীয় লোকে গঁড়টোক পুনৰ বনাঞ্চললৈ খেদি পঠিয়াবৰ চেষ্টা কৰি থকাৰ ফলতে সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে গঁড়টো ।

উল্লেখ্য যে, শুকুৰবাৰে পুৱাৰ ভাগত দেৰগাঁৱৰ গেলাবিল নদীৰ সমীপতো পৰিলক্ষিত হৈছিল গঁড়ৰ আতংক ৷ শুকুৰবাৰে পুৱাই দেৰগাঁৱৰ গেলাবিল নদীৰ সমীপত এজন যুৱকক গুৰুতৰভাৱে আহত কৰিছিল এটা গঁড়ে ৷ ৰঙামাটি অঞ্চলত মুক্ত বিচৰণ কৰি থকা গঁড়টোক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ খেদি পঠিয়াবৰ বাবে উপস্থিত হোৱা বন বিভাগৰ কৰ্মীৰ গুলীত আহত হৈছিল স্থানীয় এজন যুৱক ৷

লগতে পঢ়ক: গঁড় খেদিবলৈ অহা বনকৰ্মীৰ গুলীত আহত যুৱক - Rhino terror

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.