ETV Bharat / state

প্ৰতিকূল বতৰৰ বাবে পাটকাই পাহাৰত ব্যাহত উদ্ধাৰ অভিযান - ILLEGAL COAL MINE COLLAPSE

author img

By ETV Bharat Assamese Team

Published : May 27, 2024, 1:56 PM IST

Illegal Coal Mine Collapse : পাটকাই পাহাৰত পুনৰ মৃত্যুৰ কিৰিলি ৷ ভূ-গৰ্ভস্থ হোৱা তিনি শ্ৰমিকৰ সন্ধানত অভিযান অব্যাহত আছে উদ্ধাৰকাৰী দলৰ ৷ কিন্তু প্ৰতিকূল বতৰে দিছে বাধা...

Illegal Coal Mine Collapse
প্ৰতিকূল বতৰৰ বাবে পাটকাই পাহাৰত ব্যাহত উদ্ধাৰ অভিযান (ETV BHARAT ASSAM)

তিনিচুকীয়া, ২৭ মে’: এতিয়াও শাম কটা নাই পাটকাই পাহাৰত সংঘটিত অঘটনৰ বিননি ৷ দেওবাৰে পুৱাৰ পৰা ভূ-গৰ্ভস্থ হোৱা পৰিয়ালৰ লোকৰ উপস্থিতিত আৰক্ষী আৰু উত্তৰ-পূৱ কয়লা ক্ষেত্ৰৰ উদ্ধাৰকাৰী দলে ভূ-গৰ্ভস্থ হোৱা তিনি শ্ৰমিকৰ সন্ধানত অভিযান চলায় ৷ কিন্তু প্ৰতিকূল বতৰৰ বাবে তেওঁলোকৰ কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম নহ’ল ।

জানিব পৰা মতে, অভিযানকাৰী দলে প্ৰায় ২০ ফুট পৰ্যন্ত গভীৰতালৈ খনন কৰে যদিও পাহাৰত হোৱা প্ৰবল বৰষুণৰ বাবে উদ্ধাৰ অভিযানকাৰী দলটোৱে বিমুখ হৈ উভতি আহে ৷ অভিযানকাৰী দলটোৰ তথ্য অনুসৰি, তিনিগৰাকী শ্ৰমিক প্ৰায় ২৪ ফুট গভীৰতাত আৱদ্ধ হৈ আছে ৷ শ্ৰমিকৰ দলটোৱে ইতিমধ্যে ২০ ফুট গভীৰতালৈকে সফলভাৱে খনন কৰিছিল ৷ পৰৱৰ্তী সময়ত ডিব্ৰুগড়ৰ এটা বিশেষ দলৰ সৈতে উদ্ধাৰ অভিযান চলাবলৈ যোগাযোগ কৰা বুলি জানিব পৰা গৈছে ৷

ঘটনা অনুসৰি, লিডুৰ টিকক কলিয়ৰীৰ অন্তৰ্গত বৰগোলাই-নামদাঙৰ মাজত থকা টিকক ৱেষ্ট মাইনিঙত অবৈধভাৱে গঢ়ি তোলা এটা আণ্ডাৰ গ্ৰাউণ্ড মাইনিঙত কয়লা খনন কৰিবলৈ গৈছিল চাৰি শ্ৰমিক । ইয়াৰে তিনিজনে ভিতৰত কয়লা খনন কৰি আছিল আৰু এজনে বাহিৰত থাকি সৰবৰাহ কৰি আছিল । তেনে সময়তে ভূমিস্খলন হৈ মাইনিঙৰ পথটো বন্ধ হৈ পৰে । ফলত তাতে তিনিজন শ্ৰমিক আৱদ্ধ হৈ মৃত্যু মুখত পৰা বুলি আশংকা কৰা হৈছে ।

মাইনিঙৰ বাহিৰত কয়লা কঢ়িয়াই থকা এজন শ্ৰমিকৰ চকু সন্মুখতে এই সমগ্ৰ ঘটনা সংঘটিত হয় আৰু সমগ্ৰ ঘটনাৰ বিৱৰণ দিয়ে নিজ মুখেৰে । শ্ৰমিক তিনিজনৰ এজন নেপালৰ ভূজপুৰৰ দাৱা চেৰপা আৰু আন দুজন মেঘালয়ৰ নাম জন আৰু ফিনাল বুলি জানিব পৰা গৈছে ৷

পৰৱৰ্তী সময়ত ঘটনাস্থলীত স্থানীয় আৰক্ষীৰ দল আৰু উত্তৰ-পূব কয়লা ক্ষেত্ৰৰ উচ্চপদস্থ বিষয়া উপস্থিত হৈ তিনি শ্ৰমিকৰ সন্ধানত উদ্ধাৰৰ অভিযান চলোৱাৰ লগতে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷ পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব কাৰ ছত্ৰছায়াত প্ৰতিদিনে অবৈধভাৱে এনেদৰে কয়লা খনন অব্যাহত ৰাখি ইজনৰ পিছত সিজন শ্ৰমিকক মৃত্যুৰ মুখলৈ থেলি দিছে ।

লগতে পঢ়ক: পাটকাই পাহাৰত পুনৰ মৃত্যুৰ কিৰিলি : ৩ জন কয়লা শ্ৰমিক জীৱন্তে ভূগৰ্ভস্থ - PEOPLE DIE IN COAL MINES

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.