ETV Bharat / state

লখিমপুৰত গণৰাজ্য দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি

author img

By ETV Bharat Assamese Team

Published : Jan 25, 2024, 6:11 PM IST

শান্তিপূৰ্ণভাৱে গণৰাজ্য দিৱস উদযাপন কৰিবলৈ জিলা প্ৰশাসন, আৰক্ষী বাহিনী উঠি পৰি লাগিছে । লখিমপুৰতো গণৰাজ্য দিৱসৰ পতাকা উত্তোলনথলী নগৰৰ খেলপথাৰখনত এতিয়া আৰক্ষীৰ তৰণি নোহোৱা ব্যস্ততা দেখা পোৱা গৈছে ।

republic day preparation in lakhimpur
গণৰাজ্য দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি
গণৰাজ্য দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি

লখিমপুৰ, ২৫ জানুৱাৰী : দেশৰ ৭৫ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰিবলৈ মাজত মাথো কেইঘন্টামানহে বাকী । এনে সময়ত চৌদিশে এৰাব নোৱৰা ব্যস্ততা পৰিলক্ষিত হৈছে । গণৰাজ্য দিৱসৰ ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে লখিমপুৰত । তৰণি নোহোৱা হৈছে আৰক্ষীৰ । আৰু মাথো কেইঘন্টামানৰ পাচতে সমগ্ৰ দেশত উদযাপন কৰা হ’ব দেশৰ ৭৫ সংখ্যক গণৰাজ্য দিৱস ।

গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত চৌদিশে ব্যাপক প্ৰস্তুতি চলিছে । বিশেষকৈ আৰক্ষী বাহিনীৰ তৰণি নোহোৱা হৈছে । নিষিদ্ধ ঘোষিত সংগঠন আলফা (স্বা) এ গণৰাজ্য দিৱস বৰ্জনৰ আহ্বান জনোৱাৰ ফলত আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা সম্পূৰ্ণ কটকটীয়া কৰি তুলিছে ৷ ইয়াৰ সমান্তৰালকৈ কুচকাৱাজ আদিৰো প্ৰস্তুতি চলিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ।

ৰাজ্যৰ আন ঠাইৰ দৰে লখিমপুৰতো আৰক্ষী তথা জিলা প্ৰশাসন গণৰাজ্য দিৱসৰ ব্যাপক প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে । নগৰৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত গণৰাজ্য দিৱস উদযাপনৰ প্ৰস্তুতি কৰা হৈছে । কিছুদিন আগৰে পৰা আৰক্ষী আৰু আৰক্ষীৰ বিশেষ শাখাৰ কঠোৰ পহৰাৰ মাজত ৰখা হৈছে খেলপথাৰখন । গণৰাজ্য দিৱসৰ পতাকা উত্তোলনৰ সকলো ব্যৱস্থা ইতিমধ্যে সম্পূর্ণ হৈ উঠিছে ।

আৰক্ষী, গৃহৰক্ষীৰ লগতে বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে পেৰেডৰ অনুশীলন কৰিছে খেলপথাৰখনত । ইফালে সমগ্ৰ লখিমপুৰ নগৰত চলিছে আৰক্ষীৰ নিছিদ্ৰ তালাচী । আৰক্ষীৰ কঠোৰ তালাচীৰ উপৰি চৌদিশে আৰক্ষীৰ বিশেষ শাখাৰ লোকে হাতত মেটেল ডিটেক্টৰ লৈ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ চৌহদৰ পৰা নগৰখনৰ সকলো কাৰ্যালয়ৰ চৌহদ, ৰাজহুৱা স্থান, লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ আদিত অহৰ্নিশে বিস্ফোৰক জাতীয় পদার্থৰ সন্ধান কৰি আছে । পথত টহল দি আছে আৰক্ষীৰ লোকে ।

দেশৰ ৭৫ সংখ্যক গণৰাজ্য দিৱস শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে আৰক্ষীয়ে বিশেষ সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰিছে । গণৰাজ্য দিৱসটো যাতে শান্তিপূৰ্ণভাৱে পালন কৰিব পাৰি তাৰ বাবে আৰক্ষী তথা জিলা প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে ৷

লগতে পঢ়ক : খানাপাৰাত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হ’ব ৭৫ সংখ্যক গণৰাজ্য দিৱসৰ কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.