ETV Bharat / state

সংবিধান প্ৰণেতালৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনাই পীযুষে হাজৰীকাই কৰিলে এই মন্তব্য

author img

By ETV Bharat Assamese Team

Published : Jan 26, 2024, 9:14 PM IST

Republic day : মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত তৰুণৰাম ফুকন খেলপথাৰত অনুষ্ঠিত দেশৰ ৭৫ সংখ্যক গণতন্ত্ৰ দিৱসত পত্নী-পুত্ৰসহ মন্ত্ৰী পীযুষ হাজৰীকাৰ অংশগ্ৰহণ ।

republic day observed in morigaon
৭৫ সংখ্যক গণতন্ত্ৰ দিৱস
৭৫ সংখ্যক গণতন্ত্ৰ দিৱস

মৰিগাঁও, 26 জানুৱাৰী : "যিসকলৰ মহান ত্যাগৰ ফলত আমি ভাৰতীয় জনগণে স্বাধীনতা লাভ কৰিলো, যিসকলে জীৱনৰ সৰ্বোচ্চ বলিদান দি স্বাধীনোত্তৰভাৱে আমাক সংবিধানখন আগুৱাই দিলে তেখেতসকলক আজি সশ্ৰদ্ধাৰে সুঁৱৰিছো । শুকুৰবাৰে মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত তৰুণৰাম ফুকন খেলপথাৰত অনুষ্ঠিত দেশৰ ৭৫ সংখ্যক গণতন্ত্ৰ দিৱসৰ পতাকা উত্তোলন কৰি এই মন্তব্য আগবঢ়াই মন্ত্ৰী পীযুষ হাজৰীকাই ।

ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয় যে ক্ষুদ্ৰ ঋণৰ ২১শ কোটি টকা ঋণ মুখ্যমন্ত্ৰীয়ে কথা দিয়া মতেই পৰিশোধ কৰা হৈছে । জিলাখনৰ নব্বৈ শতাংশ বানপানীৰ সমস্যা সমাধান কৰা হৈছে । মৰিগাঁও জিলাৰ জাগীৰোডৰ ৰে’লৱে উৰণ সেতু উদ্বোধন কৰিব । এই বছৰৰ জুন মাহত ভকত গাঁৱৰ কপিলীদলংখন উদ্বোধন কৰা হ’ব ।

‘‘মৰিগাঁও আমাৰ প্ৰাণ । সন্ত্ৰাসবাদীৰ সমস্যা সমাধান হৈছে । আজিৰ তাৰিখত প্ৰত্যেকটো পথে চাৰিলেন যুক্ত । দহ হাজাৰ কোটিৰে কাজিৰঙাত নিমাৰ্ণ হ’ব ৩২ কিলোমিটাৰ ৰিংৰোড । নুমলীগড়ৰ পৰা গড়পুৰৰ সুৰংগ পথ হ’ব । কৃষকসকলৰ বাবেও এই চৰকাৰে । গৌৰৱ কৰি ক’ব পাৰো যে কৃষকসকলে ৮৫০ প্ৰতিমোন ধান এতিয়া বিক্ৰী কৰি সকাহ লাভ কৰিছে ৷’’ এই মন্তব্য পীযুষ হাজৰীকাৰ ৷

republic day observed in morigaon
সপৰিয়ালে পীযুষে হাজৰীকা

পীযুষ হাজৰীকাই আৰু কয়, ‘‘সৰিয়হৰ চাৰে পাঁচ হাজাৰ প্ৰতিকুইন্টল দাম ধৰা হৈছে । কাৰণ কৃষক সকল আমাৰ অন্নদাতা । এটা টকাও বান সাহায্য দিব লগা হোৱা নাই । এশ শতাংশ বান মুক্ত কৰিম । ধেমাজি, লখিমপুৰ, মাজুলী আজি বানমুক্ত । জলসম্পদ বিভাগত পূৰ্বে ১৫০০০ কোটি টকা আবন্টন দিয়াৰ পৰিৰ্ৱতে এতিয়া ২০,০০০ কোটি টকা চৰকাৰে মোকলাই দিলে । চাৰে চাৰি শ কোটি টকা আবন্টন কৰিছে’’ ।

ইয়াৰ লগতে তেওঁ আৰু কয়, "ছাত্ৰ-ছাত্ৰীসকলক জাতিগত প্ৰমাণ পত্ৰ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে । হাজাৰ হাজাৰ নিৱনুৱা যুৱক-যুৱতীক চাকৰি দিয়া হৈছে । চাৰিশ বছৰীয়া লাচিত বৰফুনৰ কীৰ্তি তথা বীৰত্বৰ বিষয়ে লাচিত দিৱসতো দিল্লীতো পতা হৈছে । ১২০০০ ঢুলীয়া-নাচনী উলিয়াই বিশ্ব ৰেকৰ্ডছ কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । এই কাম আমাৰ চৰকাৰে কৰিছে । আমি সকলোৱে জানো যে আমি আমাৰ ৰাজ্যখনক দেশৰ অন্যতম ৰাজ্য হিচাপে গঢ়াৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছো । মই মোৰ মৰিগাঁও জিলাখনক আগুৱাই নিয়া সংকল্প গ্ৰহণ কৰিছো’’ ৷

উল্লেখ্য যে, মন্ত্ৰীগৰাকীয়ে আৰক্ষী, অৰ্ধ সামৰিক বাহিনী, গৃহৰক্ষী, এন চি চি, স্কুল-কলেজীয়া ছাত্ৰ-ছাত্ৰীসকলৰ অভিবাদন গ্ৰহণ কৰি সাংস্কৃতিক অনুষ্ঠান পত্নী তথা জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাসহ উপভোগ কৰাৰ লগতে পুৰস্কাৰ বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে । মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত কাৰ্যসূচীত মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী, তিৱা স্বায়ত্তপৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰৰ লগতে স্বাধীনতা সেননীৰ পৰিয়াল, তিৱা স্বায়ত্তপৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য তথা বিজেপি নেতা পৱন মান্তাসহ ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক : গোলাঘাটত গণৰাজ্য দিৱসৰ পতাকা উন্মোচন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.