ETV Bharat / state

বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং অসুস্থ: উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্রেৰণ - Rongbong Terang hospitalized

author img

By ETV Bharat Assamese Team

Published : Apr 7, 2024, 7:27 PM IST

Rongbong Terang hospitalized: পদ্মশ্ৰী ৰংবং তেৰাং চিকিৎসাধীন ৷ দেওবাৰে দুপৰীয়া হঠাৎ অসুস্থ হৈ পৰে বিশিষ্ট সাহিত্যিকগৰাকী ৷

Rongbong Terang hospitalized
বিশিষ্ট সাহিত্যিক পদ্মশ্ৰী ৰংবং তেৰাং অসুস্থ

ডিফু, ৭ এপ্ৰিল : দেওবাৰে গুৰুতৰভাৱে অসুস্থ হৈ পৰিল বিশিষ্ট সাহিত্যিক ৰংবং তেৰাং ৷ অসম সাহিত্য সভাৰ দুবাৰৰ সভাপতি তথা ‘ৰংমিলিৰ হাঁহি’খ্যাত পদ্মশ্ৰীগৰাকী আজি দুপৰীয়া অসুস্থ হৈ পৰে ।

উল্লেখ্য যে সাহিত্যিকগৰাকীয়ে দুপৰীয়া নিজা বাসগৃহত বিশ্ৰাম লৈ থকা অৱস্থাত উশাহ-নিশাহ লোৱাত অসুবিধা অনুভৱ কৰে ৷ ফলত পৰিয়ালৰ লোকে ততাতৈয়াকৈ চিকিৎসাৰ বাবে সাহিত্যিকগৰাকীক চিকিৎসালয়লৈ লৈ যায় । ডিফু চিকিৎসা মহাবিদ্যালয় ও হাস্পতালত প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হয় ৷

বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ অনুসৰি বিশিষ্ট সাহিত্যিকগৰাকীক আইচিইউত ৰখা হয় ৷ পৰৱৰ্তী সময়ত সাহিত্যিকগৰাকীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লোৱা হয় । সাহিত্যিকগৰাকীৰ অসুস্থতাৰ খবৰে তেওঁৰ গুণমুগ্ধসকলৰ লগতে সাহিত্যপ্ৰেমীক চিন্তিত কৰি তুলিছে ।

লগতে পঢ়ক: আহত অকলশৰীয়া ৰাছিয়াৰ পৰ্যটকক লৈ বিমোৰত পৰিছে চিকিৎসালয় কৰ্তৃপক্ষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.