ETV Bharat / state

আহত অকলশৰীয়া ৰাছিয়াৰ পৰ্যটকক লৈ বিমোৰত পৰিছে চিকিৎসালয় কৰ্তৃপক্ষ - Rhinos attack

Rhinos attack: নদীৰে সাঁতুৰি কাজিৰঙাত প্ৰৱেশ কৰিছিল ৰাছিয়াৰ পৰ্যটকজনে । গঁড়ৰ আক্ৰমণত আহত পৰ্যটকজনক উদ্ধাৰ কৰে বনকৰ্মীয়ে । বোকাখাতৰ শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা পৰ্যটকজনক লৈ বিমোৰত চিকিৎসক ।

Rhinos attack
কাজিৰঙাত গঁড়ৰ আক্ৰমণত আহত অকলশৰীয়া ৰাছিয়াৰ পৰ্যটক
author img

By ETV Bharat Assamese Team

Published : Apr 6, 2024, 8:37 PM IST

Updated : Apr 6, 2024, 9:25 PM IST

কাজিৰঙাত গঁড়ৰ আক্ৰমণত আহত অকলশৰীয়া ৰাছিয়াৰ পৰ্যটক

গোলাঘাট,৬ এপ্ৰিল : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে । কিছুদিন পূৰ্বে গঁড়ৰ আক্ৰমণত আহত হৈছিল এজন বিদেশী পৰ্যটক ৷ বিগত ১০ দিন ধৰি বোকাখাতৰ শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৰাছিয়াৰ পৰ্যটকজন । আৰক্ষী তথা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত এতিয়া বিমোৰত পৰিছে চিকিৎসালয় কৰ্তৃপক্ষ ।

  • " class="align-text-top noRightClick twitterSection" data="">

জানিব পৰা মতে নিকিতা কৰিয়াভস্কিন নামৰ ৰাছিয়ান পৰ্যটকজনে ২৪ মাৰ্চৰ পুৱা কঁহৰা বনাঞ্চলৰ বৰবিল গাঁৱত মৰা ডিফলু নদী পাৰত বৰবিল বন শিবিৰৰ বনকৰ্মীয়ে ৰাষ্ট্ৰীয় উদ্যানত অনাধিকাৰ প্ৰৱেশ কৰা প্ৰত্যক্ষ কৰিছিল আৰু তেনে সময়ত গঁড়েও তেওঁক আক্ৰমণ কৰিছিল । বনকৰ্মীয়ে পৰ্যটকজনক কৰায়ত্ত কৰি কঁহৰা আৰক্ষী চকীক গতাই দিছিল ।

জানিব পৰা মতে কঁহৰা আৰক্ষীয়ে পৰ্যটকজনক চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি হোম ষ্টেত থাকিবলৈ দিছিল ৷ কিন্তু চিকিৎসাধীন অৱস্থাতে কঁহৰাত ঘূৰি ফুৰা ৰাছিয়ান পৰ্যটকজনে ২৭ মাৰ্চত আহি বোকাখাতত উপস্থিত হোৱাত স্থানীয় লোকে আহত পৰ্যটকজনক বোকাখাতৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় ৷ শৰীৰৰ বিভিন্ন স্থানত আঘাতৰ দাগ থকা ৰাছিয়ান পৰ্যটকজন সম্প্ৰতি বোকাখাতৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ।

ইফালে পৰ্যটকজন সম্প্ৰতি সুস্থ হৈছে যদিও কোনো অভিভাৱক নথকাত চিকিৎসালয়ৰ পৰা অব্যাহতি দিব পৰা নাই । এনে পৰিস্থিতিত বিমোৰত পৰিছে চিকিৎসালয় কৰ্তৃপক্ষ । এই সন্দৰ্ভত বোকাখাত আৰক্ষী থানাত চিকিৎসালয় কৰ্তৃপক্ষই লিখিত পত্ৰ প্ৰেৰণ কৰাৰ পিচতো কোনো ব্যৱস্থা লোৱা নাই আৰক্ষীয়ে । পৰ্যটকজনে জনোৱা মতে কলকাতাৰ পৰা তেওঁ ২২ মাৰ্চত অসমলৈ আহে আৰু ২৪ মাৰ্চত কাজিৰঙাত উপস্থিত হয় ৷

কাজিৰঙাত প্ৰৱেশৰ নিয়ম নজনাৰ বাবেই তেওঁ গঁড়ৰ আক্ৰমণৰ বলি হয় । অৱশ্যে এই সমগ্ৰ ঘটনাটোক লৈ এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । প্ৰকৃততে পৰ্যটকজনে কাজিৰঙাত কেনেকৈ প্ৰৱেশ কৰিছিল ? তেওঁ চিকিৎসকক অৱগত কৰা কথাবোৰ সঁচানে ? আৰক্ষীয়ে এইক্ষেত্ৰত কিয় ব্যৱস্থা লোৱা নাই ? বিভিন্নজনৰ বাবে ই এক ডাঙৰ প্ৰশ্ন !

লগতে পঢ়ক :শিক্ষা সেতু এপ: শংকিত শিক্ষক সমাজ - Shiksha Setu App

Last Updated : Apr 6, 2024, 9:25 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.