ETV Bharat / state

ৰকিবুল হুছেইনে গঁড়কে সুৰক্ষা দিব নোৱাৰিলে, ৰাইজক কি সুৰক্ষা দিব: নজৰুল হক - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 23, 2024, 6:05 PM IST

MLA Nazrul Haqe slams Rakibul Hussain for campaigning for AIUDF in Dhuburi
এ আই ইউ ডি এফৰ হৈ নিৰ্বাচনী প্ৰচাৰ বিধায়ক নজৰুল হকৰ

Lok Sabha Election in Assam: ধুবুৰীত এ আই ইউ ডি এফৰ হৈ নিৰ্বাচনী প্ৰচাৰ স্থানীয় বিধায়ক নজৰুল হকৰ । নিৰ্বাচনী প্ৰচাৰ চলাই কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনক তীব্র ভাষাৰে সমালোচনা বিধায়কগৰাকীৰ । ৰকিবুল হুছেইনক ভোট দিয়াতকৈ শুকুৰ আলীক ভোট দিয়াই ভাল বুলি উল্লেখ কৰে নজৰুল হকে ।

এ আই ইউ ডি এফৰ হৈ নিৰ্বাচনী প্ৰচাৰ বিধায়ক নজৰুল হকৰ

ধুবুৰী,২৩ এপ্ৰিল: তৃতীয় পৰ্যায়ৰ নিৰ্বাচনক কেন্দ্ৰ কৰি ধুবৰীৰ বিভিন্ন প্ৰান্তত প্ৰতিটো ৰাজনৈতিক দলে তীব্ৰতৰ কৰিছে নিৰ্বাচনী প্ৰচাৰ । আন ৰাজনৈতিক দলৰ সমান্তৰালকৈ ধুবুৰীত দিনে নিশাই নিৰ্বাচনী প্ৰচাৰ চলাইছে এ আই ইউ ডি এফে । নিশা ধুবুৰীৰ ঝগৰাৰপাৰ অঞ্চলৰ ভেটা বজাৰত দলীয় প্ৰাৰ্থী তথা দলৰ মুৰব্বী বদৰুদ্দিন আজমলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই ধুবুৰীৰ বিধায়ক নজৰুল হকে । কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনক টাৰ্গেট কৰি বিভিন্ন প্ৰকাৰে সমালোচনা কৰে বিধায়ক নজৰুল হকে ।

ৰকিবুল হুছেইন পঞ্চায়ত মন্ত্ৰী থকা সময়তে ধুবুৰী জিলা পৰিষদৰ অধ্যক্ষ আছিল বিধায়ক নজৰুল হক । সেই সময়তে কৱৰস্থানৰ বাবে আৱণ্টিত ধনৰ পৰা ৰকিবুলে কমিচন লৈছিল বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে নজৰুল হকে । তাৰোপৰি ৰকিবুল হুছেইনে হিন্দী, ইংৰাজী আৰু উৰ্দু ভাষা নাজানে গতিকে সংসদৰ মজিয়াত কোনো কথা ক'ব নোৱাৰিব বুলি কৈ ৰকিবুল হুছেইনত কৈ শুকুৰ আলীক ভোট দিয়া ভাল হ'ব বুলিও কটাক্ষ কৰে বিধায়কগৰাকীয়ে ।

লগতে এইবাৰ আজমলে কমেও দহ লাখ ভোটৰ ব্যৱধানত জয়ী হব বুলিও দাবী বিধায়ক নজৰুল হকৰ । ইপিনে তৰুণ গগৈ চৰকাৰৰ দিনত ১৫ বছৰে মন্ত্ৰী হৈ থকাৰ বিপৰীতে ধুবুৰী জিলাৰ দায়িত্বত থকা সময়তে ধুবুৰী জিলাৰ প্ৰতি কোনো গুৰুত্ব দিয়া নাছিল বুলি ৰকিবুলক সমালোচনা কৰে নজৰুল হকে । আনকি বি টি এ ডিৰ গোষ্ঠীগত সংঘৰ্ষত হেজাৰ হেজাৰ সংখ্যালঘু লোক নিৰ্যাতিত হ'বলগীয়া হোৱাৰ বিপৰীতে প্ৰাণ হেৰুৱাইছিল বহুতেই । কিন্তু সেই সময়ত এজন দায়িত্বশীল মন্ত্ৰী হৈও অলিম্পিক খেল চাবলৈ গৈছিল বুলি কৈ ৰকিবুল হুছেইনক তীব্র সমালোচনা কৰে বিধায়কগৰাকীয়ে ।

আনহাতে এ আই ইউ ডি এফ আৰু বিজেপিৰ গোপন মিত্ৰতাৰ বাবেই ৰাজ্যৰ কংগ্ৰেছৰ পৰাজয়ৰ অৱস্থা আহি পৰিছে অথবা বিজেপিৰ চৰকাৰ হৈছে বুলি কংগ্ৰেছে দাবী কৰি অহাৰ সময়তে যি সমূহ ৰাজ্যত এ আই ইউ ডি এফে প্ৰাৰ্থিত্ব দিয়া নাই সেইসমূহ ৰাজ্যত কংগ্ৰেছে কিয় হাৰিছে প্ৰশ্ন উত্থাপন কৰে নজৰুল হকে ।

লগতে পঢ়ক: নিৰ্বাচনী ঢৌ : চিৰাঙত সাতশৰো অধিক সংখ্যালঘূৰ বিজেপিত যোগদান - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.