ETV Bharat / state

মুখ্যমন্ত্ৰীক থাৰ্ড ক্লাছ আখ্যা ৰকিবুল হুছেইনৰ - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 23, 2024, 8:58 PM IST

Rakibul Hussain slams CM Himanta Biswa Sarma in Dhuburi
মুখ্যমন্ত্ৰীক থাৰ্ড ক্লাছ আখ্যা ৰকিবুল হুছেইনৰ

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমলক টাৰ্গেট কৰি ধুবুৰীত নিৰ্বাচনী প্ৰচাৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ । মুখ্যমন্ত্ৰীক হিটলাৰৰ সৈতে তুলনা কৰি এদিন মুখ্যমন্ত্ৰীৰো বেয়া দিন আহিব বুলিও দাবী কৰে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে ।

মুখ্যমন্ত্ৰীক থাৰ্ড ক্লাছ আখ্যা ৰকিবুল হুছেইনৰ

ধুবুৰী,২৩ এপ্ৰিল: ধুবুৰীত ক্ৰমাৎ তুংগত উঠিছে শাসক-বিৰোধীকে আদি কৰি প্ৰতিটো ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ । দুই নং ধুবুৰী লোকসভা সমষ্টিত এইবেলি কংগ্ৰেছ, এ আই ইউ ডি এফ আৰু অগপ-বিজেপি মিত্ৰদলৰ মাজত তিনিকোণীয়া যুঁজৰ সম্ভাৱনা দেখা দিয়াৰ সময়তে উল্লেখিত তিনিওটা দলৰ ফালৰ পৰা ধুবুৰী সমষ্টিৰ চুকে-কোণে চলোৱা হৈছে নিৰ্বাচনী প্ৰচাৰ ।

  • " class="align-text-top noRightClick twitterSection" data="">

বিগত ১৫ বছৰে এ আই ইউ ডি এফৰ দখলত থকা ধুবুৰী সমষ্টি এইবাৰ উদ্ধাৰৰ বাবে উঠিপৰি লাগিছে কংগ্ৰেছে । একালৰ বন্ধু এতিয়াৰ ৰাজনৈতিক শত্ৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক টাৰ্গেট কৰি লৈ ধুবুৰীত দিনে-নিশাই নিৰ্বাচনী প্ৰচাৰ চলাইছে কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনে । ৰকিবুল হুছেইনে এখনৰ পিচত আন এখনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কৰি গৈছে তীব্র সমালোচনা ।

মুখ্যমন্ত্ৰীক হিটলাৰৰ সৈতে তুলনা কৰি এদিন মুখ্যমন্ত্ৰীৰ বেয়া দিন আহিব বুলিও দাবী কৰে ৰকিবুলে । ইপিনে বিগত ১৫ বছৰে ধুবুৰীৰ সাংসদ হৈ অহা বদৰুদ্দিন আজমলকো বিভিন্ন প্ৰকাৰে সমালোচনা কৰে ৰকিবুলে । নিশা ধুবুৰীৰ আদাবাৰী আৰু ঝগৰাৰ পাৰ অঞ্চলত দুখনকৈ সভাত অংশগ্ৰহণ কৰি এইবাৰ তেওঁক দিল্লীলৈ পঠাবলৈ ভোটাৰ ৰাইজক আহ্বান জনায় । আনহাতে সাংবাদিকৰ আগত ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী জয়ন্ত মল্লবৰুৱাক থাৰ্ড ক্লাছ, ফৰ্থ ক্লাছ মানুহ বুলি কটাক্ষ কৰে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে ।

লগতে এইবাৰ ধুবুৰী লোকসভা সমষ্টিৰ ৰাইজৰ ব্যাপক সঁহাৰি পাইছে বুলি দাবী কৰে ৰকিবুল হুছেইনে । একেদৰে দলীয় প্ৰাৰ্থী ৰকিবুল হুছেইনক সংগ দি নিজৰ ভাষণত বিধায়ক ৱাজেদ আলী চৌধুৰীয়ে আজমল আৰু বিজেপি দলক বিভিন্ন প্ৰকাৰে সমালোচনা কৰি এইবাৰ কংগ্ৰেছৰ প্ৰাৰ্থীক ভোট দিবলৈ আহ্বান জনায় ভোটাৰ ৰাইজক । সভাত জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী বেবী বেগমে নিজৰ ভাষণত আজমলে বিগত ১৫ বছৰে কোনো উন্নয়নমূলক কাম কৰা নাই বুলি উল্লেখ কৰাৰ বিপৰীতে পূৰ্বে দিয়া কোনো এটা প্ৰতিশ্ৰুতি আজমলে পালন কৰিব পৰা নাই বুলি কৈ তীব্র সমালোচনা কৰে বদৰুদ্দিন আজমলক ।

লগতে পঢ়ক: ৰকিবুল হুছেইনে গঁড়কে সুৰক্ষা দিব নোৱাৰিলে, ৰাইজক কি সুৰক্ষা দিব: নজৰুল হক - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.