ETV Bharat / state

এতিয়াৰে পৰা স্থানৰ কথা নাভাবি সৰ্বভাৰতীয় পৰ্যায়ত উজলিব ছাত্ৰ-ছাত্ৰী - Assam HS RESULT 2024

author img

By ETV Bharat Assamese Team

Published : May 9, 2024, 1:32 PM IST

HS RESULT 2024 WEBSITE
পুলক পাটগিৰী (ETV BHARAT ASSAM)

HS result 2024: 36 বছৰীয়া পৰম্পৰা ভংগ কৰি উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল ঘোষণা ৷ কি ক’লে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সচিবে...

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সচিবৰ ভাষ্য (ETV BHARAT ASSAM)

গুৱাহাটী, 9 মে’ : আজি ঘোষণা হ’ল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল ৷ কিন্তু এইবাৰ সৰহ সংখ্যক মানুহৰ মাজতে দেখিবলৈ পোৱা নগ’ল পূৰ্বৰ দৰে উছাহ-উদ্দীপনা ৷ কিয়নো চলিত বছৰটোত শীৰ্ষস্থান অবিহনেই ঘোষণা কৰা হ’ল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল ৷

36 বছৰীয়া পৰম্পৰা ভংগ কৰি এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে । এই বৰ্ষৰ পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফলত নাই শীৰ্ষ স্থান । 1986 পৰা 2023 চন লৈকে ফলাফলৰ দিনা কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ শীৰ্ষস্থান প্ৰাপকৰ নাম ওলাই আহিছিল ।

ফলাফল ঘোষণাৰ দিনটো যেন অসমবাসীৰ বাবে আছিল উৎসৱৰ নিচিনা ৷ কিন্তু এই বছৰৰ পৰা আৰু তেনে দিন কেতিয়াও ঘূৰি নাহে ৷ পৰীক্ষাত স্থান ঘোষণা কৰিব লাগে নে নালাগে সেই বিষয়ত বহু দিন ধৰি আলোচনা চলি থকাৰ অন্তত অৱশেষত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে স্থান ঘোষণা নকৰাৰ সিদ্ধান্ত লয় ৷

এই সম্পৰ্কে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সচিব পুলক পাটগিৰীয়ে কয়, “পজিশ্যন এটা অস্বাস্থ্যকৰ প্ৰতিযোগিতা । স্থান প্ৰাপকৰ নাম ঘোষণা কৰা সন্দৰ্ভত বহুতে সপক্ষে-বিপক্ষে যুক্তি দাঙি ধৰি আহিছে । এইবাৰ পৰীক্ষা কমিটীত এই বিষয়ে প্ৰশ্ন উত্থাপন কৰাৰ পিচতে কমিটীয়ে সিদ্ধান্ত গ্ৰহণ কৰিলে যে এইবাৰৰ পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাত শীৰ্ষস্থান ঘোষণা কৰা নহয় ৷’’

‘‘আনহাতে ছাত্ৰ-ছাত্ৰীসকলক এইবাৰ ১০/১৫ দিন পাচত চাৰ্টিফিকেটৰ হাৰ্ড কপি দিয়া হ’ব । তদুপৰি কোনো ছাত্ৰ-ছাত্ৰীয়ে বহীৰ ফটো কপি বিচাৰিলে 15 দিনৰ পিচত আমাৰ ৱেবচাইট খুলি দিয়া হ'ব । যিসকলে আবেদন কৰিব তেওঁলোকক যিমান পাৰো সোনকালে দিয়াৰ ব্যৱস্থা কৰা হ'ব ।” তেওঁ কয় ৷

তেওঁ লগতে তিনিটা ষ্ট্ৰীমতে ৰাজ্যখনৰ ফলাফলো প্ৰকাশ কৰে-

  • কলা শাখাত বাক্সা জিলা 97.44 % ৰে প্ৰথম স্থানত থকাৰ লগতে নলবাৰী 97.03 % আৰু শিৱসাগৰ 95.91 % ৰে ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থানত আছে
  • বিজ্ঞান শাখাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমান্বয়ে তামুলপুৰ 97.98%, শিৱসাগৰ 97.60%, বাক্সা 95.86%
  • কমাৰ্চ শাখাত প্ৰথম স্থানত আছে শিৱসাগৰ 97.42%, দ্বিতীয় স্থানত বজালী 96.91% আৰু তৃতীয় স্থানত আছে বাক্সা, চৰাইদেউ 95.88%

লগতে পঢ়ক :

স্থান ঘোষণা নকৰা সন্দৰ্ভত শিক্ষক-শিক্ষাৰ্থীৰ মনৰ ভাৱ জানি লওক - Assam HS Result 2024

এইবাৰৰ ফলাফল খুবেই আশাব্যঞ্জক : শিক্ষামন্ত্ৰী - Assam HS Result 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.