ETV Bharat / state

লোকসভা নিৰ্বাচনক লৈ ডিব্ৰুগড় সমষ্টিৰ ৰাইজৰ মনৰ কথা

author img

By ETV Bharat Assamese Team

Published : Mar 4, 2024, 6:53 PM IST

Updated : Mar 4, 2024, 7:51 PM IST

সমাগত লোকসভা নিৰ্বাচনক লৈ তৎপৰতা বৃদ্ধি পাইছে শাসক-বিৰোধী উভয় দলৰ মাজত । উজনিৰ ডিব্ৰুগড় লোকসভা সমষ্টিত প্ৰতিটো ৰাজনৈতিক দলে আৰম্ভ কৰিছে প্ৰচাৰ অভিযান । বিভিন্ন আঁচনিক লৈ বিশাল সভা অনুষ্ঠিত কৰি ইতিমধ্যে ৰাইজৰ কাষ চাপিছে শাসক দল বিজেপি । ইয়াৰ মাজত আমি ই টিভি ভাৰতৰ তৰফৰ পৰা লোকসভা নিৰ্বাচনক লৈ ডিব্ৰুগড় সমষ্টিৰ ৰাইজৰ মনৰ কথা জনাৰ চেষ্টা কৰিছিলো ৷ বৰ্তমানৰ জনপ্ৰতিনিধিক লৈ সন্তুষ্টনে ডিব্ৰুগড়বাসী, তেওঁলোকে কি বিচাৰে জনপ্ৰতিনিধিৰ পৰা, এই সন্দৰ্ভত সাংবাদিক উমাকান্ত বৰুৱাৰ এক প্ৰতিবেদন ৷

Public reacts on MP candidate
লোকসভা নিৰ্বাচনক লৈ ডিব্ৰুগড় সমষ্টিৰ ৰাইজৰ মনৰ কথা

লোকসভা নিৰ্বাচনক লৈ ডিব্ৰুগড় সমষ্টিৰ ৰাইজৰ মনৰ কথা

ডিব্ৰুগড়, ৪ মাৰ্চ: লোকসভা নিৰ্বাচনক লৈ ৰাজনৈতিক দলৰ নেতা-কৰ্মীসকলৰ মাজত বৃদ্ধি পাইছে কুচকাৱাজ ৷ শাসক দল বিজেপিয়ে ইতিমধ্যে তেওঁলোকৰ 11 জনীয়া প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে ৷ সেই অনুসৰি এইবাৰ বিজেপি দলে এইবাৰ ডিব্ৰুগড়ৰ পৰা চাৰিবাৰকৈ সাংসদ হিচাপে নিৰ্বাচিত তথা বৰ্তমানৰ সাংসদ ৰামেশ্বৰ তেলীৰ পৰিবৰ্তে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে ৷ একেদৰে মনোজ ধানোৱাৰক আপ দলে নিজৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে ৷ কংগ্ৰেছ তথা বিৰোধী ঐক্যমঞ্চই বৰ্তমানলৈ তেওঁলোকৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিব পৰা নাই ৷

  • " class="align-text-top noRightClick twitterSection" data="">

কিন্তু ইয়াৰ মাজতে এই নিৰ্বাচনক লৈ ৰাইজৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিছিল ই টিভি ভাৰতে ৷ উন্নয়নৰ কথা কৈ অভিলাষী আঁচনি ৰূপায়ণৰ কথা ক'লেও বৰ্তমান চৰকাৰৰ কাম-কাজক লৈ মনত ক্ষোভ লৈ ফুৰিছে সাধাৰণ ৰাইজে । ডিব্ৰুগড় লোকসভা সমষ্টিত পূৰ্বৰ সাংসদসকলে ৰাইজৰ সমস্যা সমাধান কৰাত ব্যৰ্থ হোৱাৰ কথা ক'লে ৰাইজে । পথ, গৰাখহনীয়া সমস্যা সমাধান কৰাত গুৰুত্ব প্ৰদান নকৰা বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰ তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদৰ বিৰুদ্ধে ক্ষোভ উজাৰে ৰাইজে ।

গাঁৱে গাঁৱে গৈ ৰাইজ সমস্যাৰ বুজ ল'ব পৰা নেতাহে নিৰ্বাচিত কৰা হ'ব বুলি জানিব দিছে মনত ক্ষোভ-অসন্তুষ্টি লৈ ফুৰা ৰাইজে । উল্লেখ্য যে, ডিব্ৰুগড় লোকসভা সমষ্টিৰ বাবে ইতিমধ্যে শাসক দল বিজেপিয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক প্ৰাৰ্থিত্ব প্ৰদান কৰা লগতে আম আদমী দলে মনোজ ধানোৱাৰক প্ৰাৰ্থিত্ব প্ৰদান কৰাত দুয়োটা দলে প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে । চৰ্চা চলিছে ডিব্ৰুগড় লোকসভা সমষ্টিত বিৰোধী ঐক্য মঞ্চই প্ৰাৰ্থিত্ব দিব তাকে লৈ । তেনেস্থলত ডিব্ৰুগড় লোকসভা সমষ্টিৰ ভোটযুদ্ধ যে বিৰাট আকৰ্ষণীয় হৈ উঠিব সেয়া নিশ্চিত হৈ পৰিছে ।

লগতে পঢ়ক: লখিমপুৰবাসীয়ে পুনৰ আদৰিবনে প্ৰদান বৰুৱাক ?

Last Updated : Mar 4, 2024, 7:51 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.