ৰাভা জনগোষ্ঠীৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত জোনাইত জন জাগৰণ সভা
Awareness meeting : ৰাভা হাচং স্বায়ত্ত পৰিষদৰ বাহিৰৰ ৰাভাসকলৰ বাবে উন্নয়ন পৰিষদ গঠনৰ দাবী, ৰাভা জাতীয় সংগঠনৰ উদ্যোগত চমকং নাৰায়ণপুৰত ৰাভাসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ দাবীত জন জাগৰণ সভা ।

Published : February 7, 2024 at 10:04 AM IST
জোনাই, 7 ফেব্ৰুৱাৰী: নিখিল ৰাভা সাহিত্য সভা, নিখিল ৰাভা ছাত্ৰ সন্থা, নিখিল ৰাভা জাতীয় পৰিষদ, ৰাভা উন্নয়ণ পৰিষদ দাবী সমিতি আৰু নিখিল ৰাভা মহিলা পৰিষদৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত চমকং নাৰায়পুৰ ৰাভা গাঁৱত এখন জন জাগৰণ সভা অনুষ্ঠিত কৰা হয় । নিখিল ৰাভা সাহিত্য সভাৰ ধেমাজি জিলা সমিতিৰ সভাপতি পানীৰাম ৰাভাই সভাপতিত্ব কৰা সভাত আদৰণি ভাষণৰ লগতে তাৎপৰ্য ব্যাখ্যা কৰে ৰাভা উন্নয়ন দাবী সমিতিৰ সাধাৰণ সম্পাদক বকুল ৰাভাই ৷
ৰাভাই কয়, "ৰাভা হাচং স্বায়ত্তশাসিত পৰিষদৰ আওতাৰ বাহিৰৰ ৰৈ যোৱা ৰাভাসকলে আজিও ৰাজনৈতিক, আৰ্থ-সামাজিক, শৈক্ষিক, সাংস্কৃতিকভাৱে পিছপৰি আছে । ৰাভা হাচং স্বায়ত্তশাসিত পৰিষদৰ আওতাৰ বাহিৰৰ অসমৰ ভূমিপুত্ৰ জনজাতীয় ৰাভাসকলৰ সৰ্বাংগীণ উন্নয়ন আৰু বিকাশৰ বাবে ৰাভা উন্নয়ন পৰিষদ গঠনৰ বিকল্প ৷" চৰকাৰক শীঘ্ৰে এইক্ষেত্ৰত ব্যৱস্থা হাতত ল'বলৈ দাবী জনায় ৰাভাই ।
সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি নিখিল ৰাভা ছাত্র সন্থাৰ সভাপতি নৃপেন খাণ্ডাই কয়, "ভূমিপুত্ৰ জনজাতি ৰাভাসকলে স্বৰাজোত্তৰ পয়সত্তৰ বছৰৰ পাচতো কোনো উন্নয়নৰ মুখ দেখিবলৈ সক্ষম হোৱা নাই ৷ দীঘলীয়া সংগ্ৰামৰ ফলত এটা নিৰ্দিষ্ট সীমাৰ ভিতৰত ৰাভা স্বায়ত্তশাসিত পৰিষদ গঠন কৰি দিছে যদিও বৃহৎ সংখ্যক ৰাভা ৰাইজ ইয়াৰ বাহিৰত ৰৈ গৈছে । ৰাভা পৰিষদৰ বাহিৰৰ ৰাভাসকলৰ উন্নয়ন নিশ্চিত কৰিবলৈ বিকল্প প্ৰশাসনিক ব্যৱস্থাৰ প্ৰয়োজন অতি দৰকাৰ ।"
- " class="align-text-top noRightClick twitterSection" data="">
সভাত নিখিল ৰাভা জাতীয় পৰিষদৰ সভাপতি বাবুল চন্দ্ৰ ৰাভা, নিখিল ৰাভা সাহিত্য সভাৰ মুখ্য সম্পাদক ৰাজকুমাৰ ৰাভা, নিখিল ৰাভা মহিলা পৰিষদৰ সভানেত্ৰী কবিতা ৰাভাই স্বকীয় সাংবিধানিক অধিকাৰ প্ৰাপ্তিৰ বাবে ৰাভা জনগোষ্ঠীৰ সচেতন ব্যক্তি, মহিলা, পুৰুষ, যুৱক-যুৱতী, কৃষক সকলোকে উমৈহতীয়া চিন্তা আৰু জাতীয় চেতনাৰে আগবাঢ়ি আহিবলৈ আহ্বান জনায় । অনুষ্ঠানত ৰাভা জাতীয় সংগঠনৰ কেন্দ্ৰীয় আৰু ধেমাজি জিলা সমিতিৰ বিষয়ববীয়াসকলৰ লগতে বহু ৰাভা জনগোষ্ঠীয় লোক উপস্থিত থাকে ।
লগতে পঢ়ক: মিচিং ডেকা-গাভৰুৰ গুমৰাগ-ঐনিঃতমৰ সুৰত উখল-মাখল কাৰেং চাপৰি

