ETV Bharat / state

প্ৰতিবাদত উত্তাল শিৱসাগৰ

author img

By ETV Bharat Assamese Team

Published : Feb 6, 2024, 6:53 AM IST

Protest in Sivasagar : শিৱসাগৰত কৈৱৰ্ত যুৱ ছাত্ৰ সন্মিলনৰ অৱস্থান ধৰ্মঘট ৷ 14 টাকৈ দাবীৰ সমৰ্থনত গ্ৰহণ কৰে এই কাৰ্যসূচী ৷ অসম চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্তৰ প্ৰতিবাদত শিৱসাগৰৰ দ'লমুখ চাৰিআলিত সদৌ অসম ছাত্ৰ সন্থাই গ্ৰহণ কৰে প্ৰতিবাদী কাৰ্যসূচী ৷ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ প্ৰতিকৃতি দাহ কৰে আছুৱে ।

Protests against various government decisions
শিৱসাগৰত প্ৰতিবাদী কাৰ্যসূচী
শিৱসাগৰত প্ৰতিবাদী কাৰ্যসূচী

শিৱসাগৰ, 6 ফেব্ৰুৱাৰী: অসমত বসবাস কৰা কৈৱৰ্তসকলক পূৰ্ণ স্বায়ত্তশাসন প্ৰদান কৰাৰ লগতে অন্য 14 টাকৈ দাবীৰ সমৰ্থনত সদৌ অসম কৈৱৰ্ত যুৱ-ছাত্ৰ সন্মিলনৰ শিৱসাগৰ জিলা সমিতিয়ে সোমবাৰে দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে ৷ এই কাৰ্যসূচীত সংগঠনটোৰ বহু কৰ্ম-কৰ্তাই যোগদান কৰে ৷

সন্মিলনৰ দাবী অনুসৰি কৈৱৰ্তসকলক স্বায়ত্তশাসন প্ৰদান কৰা, অসমৰ প্ৰতিখন জিলাত থকা মীন মহল আৰু মাছৰ বজাৰসমূহ কৈৱৰ্ত লোকসকলৰ বাবে সংৰক্ষণ কৰা, কৈৱৰ্ত লোকসকলৰ জাতিগত প্ৰমাণপত্ৰ অনুসন্ধান সমিতি গঠন কৰা, বানপানী গৰাখহনীয়াই গৃহহীন কৰা লোকসকলক তৎকালীনভাৱে পুনৰসংস্থাপন দিয়াৰ ব্যৱস্থা কৰা, কৈৱৰ্ত জনগোষ্ঠীৰ বুৰঞ্জী প্ৰস্তুত কৰাৰ বাবে চৰকাৰৰ ফালৰ পৰা এক কোটি টকাৰ ৰাজসাহায্য প্ৰদান কৰা আদিকে ধৰি 15 দফীয়া দাবী সম্বলিত এক স্মাৰকপত্ৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে সংগঠনটোৱে ৷

আনহাতে, সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত অসম চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্তৰ প্ৰতিবাদত সমগ্ৰ অসমৰ লগতে সোমবাৰে শিৱসাগৰ নগৰৰ সদাব্যস্ত দ'লমুখ চাৰিআলিত সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই গ্ৰহণ কৰে প্ৰতিবাদী কাৰ্যসূচীৰ ৷ মাতৃভাষা মাধ্যমৰ সৰ্ম্পকত লোৱা কেবিনেট সিদ্ধান্তৰ বিৰোধিতাৰে আৰু শীঘ্ৰে এই সিদ্ধান্ত বাতিলৰ দাবীত দুপৰীয়া 12.30 বজাত অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ প্ৰতিকৃতি দাহ কৰে আছুৱে ।

তৃতীয় শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞানৰ পাঠ্যপুথি মাতৃভাষাৰ পৰিৱৰ্তে ইংৰাজী ভাষাত প্ৰস্তুত কৰাৰ চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ কৰিছে, সেয়া কোনো কাৰণত মানি ল'ব পৰা নাযায় আৰু এনে সিদ্ধান্তই আইৰ মুখৰ মাত কাঢ়ি নিয়াৰ দৰে হ'ব বুলি মন্তব্য কৰে আছু কৰ্মীয়ে ।

লগতে পঢ়ক: চৰকাৰৰ মাধ্যম বিৰোধী সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবীত আছুৰ বিক্ষোভ সমদল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.