ETV Bharat / state

চৰকাৰৰ মাধ্যম বিৰোধী সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবীত আছুৰ বিক্ষোভ সমদল

author img

By ETV Bharat Assamese Team

Published : Feb 5, 2024, 10:44 PM IST

AASU protest: সোমবাৰে ৰাজ্যজুৰি আছুৱে বিক্ষোভ সমদল কাৰ্যসূচী গ্ৰহণ কৰে । চৰকাৰৰ মাধ্যম বিৰোধী সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবীত ছাত্ৰ সন্থাই গ্ৰহণ কৰে এই বিক্ষোভ সমদল কাৰ্যসূচী ।

aasu protest in lakhimpur regarding medium controversy
বিক্ষোভ সমদল কাৰ্যসূচী
আছুৰ বিক্ষোভ সমদল

লখিমপুৰ, ৫ ফেব্ৰুৱাৰী : ৰাজ্যজুৰি আছুৰ বিক্ষোভ সমদল । ৰাজ্য চৰকাৰৰ মাধ্যম বিৰোধী সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবীত এই সমদল । সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সোমবাৰে ৰাজ্যজুৰি জিলাই জিলাই ছাত্ৰ সন্থাই বিক্ষোভ সমদল কৰে । ৰাজ্য চৰকাৰে ষষ্ঠ শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞান বিষয় দুটা ইংৰাজীত পাঠদানৰ বাবে লোৱা সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবীত ছাত্ৰ সন্থাই এই বিক্ষোভ সমদল কাৰ্যসূচী গ্ৰহণ কৰে ।

ইয়াৰ পূৰ্বেও ছাত্ৰ সন্থাই ৰাজ্য চৰকাৰৰ এনে মাধ্যম বিৰোধী সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবীত বহু কেইটা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে যদিও এই পৰ্যন্ত চৰকাৰ নিজৰ সিদ্ধান্তত অটল হৈ আছে । যাৰ বাবে ছাত্ৰ সন্থাই ধাৰাবাহিকভাৱে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে । সোমবাৰে ৰাজ্যৰ আন জিলাৰ দৰে লখিমপুৰতো নগৰত ছাত্ৰ সন্থাই বিক্ষোভ সমদল কৰি উত্তাল পৰিৱেশৰ সৃষ্টি কৰে । জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সমীপৰ পৰা বিক্ষোভ সমদল কৰি ছাত্ৰ সন্থাই শ্ল’গানেৰে সমগ্ৰ নগৰখন উত্তাল কৰি তোলে ।

বিজেপি গ’ বেক, শিক্ষামন্ত্ৰীৰ কাম নাই, শিক্ষামন্ত্ৰী হুঁচিয়াৰ আদি শ্ল’গান দি বিক্ষোভ সমদল কৰে ছাত্ৰ সন্থাই । সমদলত অংশগ্ৰহণ কৰি জিলা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক পুনম জ্যোতি বুঢ়াগোহাঁইয়ে কয়, ‘ছাত্ৰ সন্থা ইংৰাজী ভাষাৰ বিদ্বেষী নহয় । পাঠ্যক্ৰমত ইংৰাজী ভাষা এক মূল বিষয় হিচাপে আছে । ইংৰাজী ভাষাত ছাত্ৰ-ছাত্ৰীসকলে ব্যুৎপত্তি লাভ কৰাটো কাম্য । সমানে অসমীয়া ভাষাৰো দখল থাকিব লাগিব । মাতৃভাষাক অনাদৰ কৰা মানি লোৱা নহ’ব । চৰকাৰে ষষ্ঠ শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী ভাষাত পাঠদানৰ বাবে লোৱা সিদ্ধান্তত ছাত্ৰ সন্থাই বিৰোধিতা কৰিছো ৷’

চৰকাৰৰ এই সিদ্ধান্তই মাতৃভাষাৰ ওপৰত কুঠাৰাঘাট কৰিব । সেয়ে ছাত্ৰ সন্থাই ইয়াৰ বিৰোধ কৰি আহিছে বুলিও তেওঁ উল্লেখ কৰে । তেওঁ আৰু কয় যে ইতিমধ্যে ছাত্ৰ সন্থাই চৰকাৰৰ এনে মাধ্যম বিৰোধী সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবীত কেইবাটাও প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে যদিও চৰকাৰৰ গা লৰা নাই । অহা সাত ফেব্ৰুৱাৰীত ছাত্ৰ সন্থাই ১৩ ঘন্টীয়া অনশন কাৰ্যসূচী গ্ৰহণ কৰিব আৰু পৰৱৰ্তী সময়ত গুৱাহাটীত প্ৰতিবাদ সাব্যস্ত কৰা হ’ব বুলি উল্লেখ কৰে ৷ তেওঁ চৰকাৰক সকীয়াই দি কয় যি পৰ্যন্ত চৰকাৰে এই মাধ্যম বিৰোধী সিদ্ধান্ত প্ৰত্যাহাৰ নকৰে সেই পৰ্যন্ত ছাত্ৰ সন্থাই জোৰদাৰ গণতান্ত্ৰিক আন্দোলন চলাই যাব ।

লগতে পঢ়ক : চৰকাৰৰ মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে বৰপেটাত আছুৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.