ETV Bharat / state

চিৰাঙৰ পাটাবাৰী ভিচিডিচি কাৰ্যালয়ত তলা ওলোমালে ৰাইজে

Protest in Chirang: প্ৰমোদ বড়োৰ দুৰ্নীতিমুক্ত বিটিআৰ গঠনৰ সপোনত চেঁচাপানী ভিচিডিচি সভাপতিৰ । দুৰ্নীতিগ্ৰস্ত ভিচিডিচি সভাপতিৰ বিৰুদ্ধে ক্ষুব্ধ জনতাৰ প্ৰতিবাদ ।

Protest in Chirang
পাটাবাৰী ভিচিডিচি কাৰ্যালয়
author img

By ETV Bharat Assamese Team

Published : February 28, 2024 at 9:01 PM IST

2 Min Read
Choose ETV Bharat
পাটাবাৰী ভিচিডিচি কাৰ্যালয়

চিৰাং, ২৮ ফেব্ৰুৱাৰী: বিটিআৰৰ মুখ্য় কৰ্যবাহী সদস্য় প্ৰমোদ বড়োৰ দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ মুক্ত বিটিআৰ গঠন কৰাৰ প্ৰতিশ্ৰুতি এতিয়া যেন অসাৰ হৈ পৰিছে । বিটিআৰত স্বয়ং শাসকীয় দল ইউপিপিএলৰ দুৰ্নীতিগ্ৰস্ত ভিচিডিচি সভাপতিৰ বিৰুদ্ধে দলৰে নেতা-কৰ্মীয়ে তীব্ৰ প্ৰতিবাদ প্ৰতিবাদ সাব্য়স্ত কৰিছে । চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্ত তথা চিদলী-চিৰাং উন্নয়ন খণ্ডৰ অন্তৰ্গত পাটাবাৰী ভিচিডিচিৰ সভাপতি নুমেল নাৰ্জাৰীৰ বিৰুদ্ধে দলৰ উৰ্দ্ধতন কৰ্তৃপক্ষক অভিযোগ কৰাৰ পিচতো দলে কোনো অনুশাসনমূলক ব্যবস্থা গ্ৰহণ নকৰাত ক্ষুব্ধ হৈ পৰিছে দলৰ তৃণমূল পৰ্যায়ৰ নেতা-কৰ্মী ।

  • " class="align-text-top noRightClick twitterSection" data="">

দুৰ্নীতিগ্ৰস্ত ভিচিডিচি সভাপতি নুমেল নাৰ্জাৰীৰ বিৰুদ্ধে আজি দলেবলে ওলাই আহে দলৰ তৃণমূল পৰ্যায়ৰ নেতা-কৰ্মী । প্ৰতিবাদকাৰী সকলে পাটাবাৰী ভিচিডিচি কাৰ্যালয়ত তলা ভাঙি নিজাববীয়াকৈ তলা মাৰি বন্ধ কৰি দিয়ে । চৰকাৰী আঁচনি ৰূপায়ন কৰাৰ নামত সংঘটিত কৰা দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰক কেন্দ্ৰ কৰি ইউপিপিএল দলৰ মজিয়াতে এই ঘটনা সংঘটিত হৈছে চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্ত তথা চিদলী-চিৰাং উন্নয়ন খণ্ডৰ অন্তৰ্গত পাটাবাৰী ভিচিডিচি এলেকাত ।

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণ, এমজিএনৰেগাকে ধৰি চৰকাৰৰ উন্নয়নমূলক আঁচনি ৰূপায়ন কৰাৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উঠিছে ভিচিডিচি সভাপতি নুমেল নাৰ্জাৰীৰ বিৰুদ্ধে । হিতাধিকাৰী তথা আচঁনিৰ ধন আত্মসাত কৰা দুৰ্নীতিগ্ৰস্ত ভিচিডিচি সভাপতি নুমেল নাৰ্জাৰীক ভিচিডিচিৰ সভাপতি পদৰ পৰা অপসাৰণ নকৰা পৰ্যন্ত ভিচিডিচি কাৰ্যালয়ত তলা বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ইউপিপিএল দলৰ পাটাবাৰী প্ৰাথমিক সমিতিয়ে । এই ঘটনাক কেন্দ্ৰ দলৰ মাজতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ।

লগতে পঢ়ক:আটাছুৱে ৰাজপথত দাহ কৰিলে জ্যেষ্ঠ সাংবাদিক মনোজ গোস্বামীৰ প্ৰতিমূৰ্তি