আটাছুৱে ৰাজপথত দাহ কৰিলে জ্যেষ্ঠ সাংবাদিক মনোজ গোস্বামীৰ প্ৰতিমূৰ্তি - দিছপুৰ আৰক্ষী চকী

🎬 Watch Now: Feature Video

thumbnail
মনোজ গোস্বামীৰ প্ৰতিমূৰ্তি দাহ (undefined)

By ETV Bharat Assamese Team

Published : February 28, 2024 at 2:14 PM IST

1 Min Read
Choose ETV Bharat

শিৱসাগৰ, 28 ফেব্ৰুৱাৰী: আহোম সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰাক লৈ ৰাজ্যৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক মনোজ গোস্বামীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ৰাজ্যৰ বিভিন্ন দল- সংগঠন । বুধবাৰে শিৱসাগৰৰ দ'লমুখ চাৰিআলিত জ্যেষ্ঠ সাংবাদিক মনোজ গোস্বামীৰ প্ৰতিকৃতি দাহ কৰি তীব্ৰ ভাষাৰে গৰিহণা জনাই আটাছুয়ে ৷ দলটোৰ কৰ্মী বসন্ত গগৈয়ে কয়, "অসম বুলি ক’লেই ছশবছৰীয়া আহোমসকলৰ ৰাজত্বৰ গৌৰৱৰ চানেকি জিলিকি উঠা এখন প্ৰাকৃতিক সম্পদ তথা পৰিৱেশেৰে চহকী দেশৰ কথা মনলৈ আহে । 17 বাৰকৈ মোগলক পৰাস্ত কৰি অসমী আইৰ মান ৰক্ষা কৰা আহোম সন্দৰ্ভত বিতৰ্কিত মন্তব্য কোনো কাৰণতে গ্ৰহণযোগ্য নহয় ৷" 

আটাছুৱে বৃহস্পতিবাৰে এখন জৰুৰী বৈঠক আহ্বান কৰিছে ৷ আলোচনাত চৰকাৰৰ নীৰৱ স্থিতি সন্দৰ্ভতো আলোচনা কৰা হ’ব বুলি জানিব পৰা গৈছে । লগতে দিছপুৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰাৰ পাছতো মনোজ গোস্বামীৰ ক্ষেত্ৰত কিয় কোনো আইনগত ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই তাৰ ওপৰতো প্ৰশ্ন তুলিছে প্ৰতিবাদকাৰীয়ে । 

লগতে পঢ়ক: জ্যেষ্ঠ সাংবাদিক মনোজ গোস্বামীৰ বিৰুদ্ধে ক্ষোভ আটাছুৰ; সোণাৰিত জব্দ আগশাৰীৰ বাতৰি কাকত

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details