ETV Bharat / state

হত্যাকাৰীক ফাঁচীৰ দাবীত কঁপি উঠিল মানশিৰি

Gorkha Students Union: প্ৰতিবাদত উত্তাল হ’ল মানশিৰি ৷ ব্যৱসায়ী বিকাশ কাটোৱালৰ হত্যাকাৰীক কৰায়ত্ব কৰি ফাঁচী দিয়াৰ দাবীত ৰূপায়ণ কৰা হ’ল প্ৰতিবাদী কাৰ্যসূচী ৷

Rangapara Murder
গোৰ্খা ছাত্ৰ সন্থা
author img

By ETV Bharat Assamese Team

Published : February 9, 2024 at 8:36 PM IST

3 Min Read
Choose ETV Bharat
প্ৰতিবাদত উত্তাল হ’ল শোণিতপুৰৰ মানশিৰি

ৰঙাপৰা, ৯ ফেব্ৰুৱাৰী: ব্যৱসায়ী বিকাশ কাটোৱালৰ হত্যাকাৰীক কৰায়ত্ব কৰি শাস্তি প্ৰদানৰ দাবীত শুকুৰবাৰে উত্তাল হ’ল মানশিৰি ৷ আমাক ন্যায় লাগে, ব্যৱসায়ী বিকাশ কাটোৱালৰ হত্যাকাৰীক অতিশীঘ্ৰে কৰায়ত্ব কৰক, হত্যাকাৰীক ফাঁচী দিয়ক, বিকাশ কাটোৱালৰ হত্যাৰ ন্যায় লাগে, ন' জাষ্টিচ ন’ ৰেষ্ট, গোৰ্খাবিৰোধী হুচিয়াৰ, জাতীয় ঐক্য জিন্দাবাদ, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা জিন্দাবাদ আদি বিভিন্ন শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই ।

শুকুৰবাৰে দিনৰ ১১ বজাত মানশিৰি চেণ্টাৰত মানশিৰিত এজন সফল ব্যৱসায়ী তথা সীমা সুৰক্ষা বাহিনীৰ প্ৰাক্তন জোৱানৰ হত্যাৰ প্ৰতিবাদত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত আৰু স্থানীয় দল-সংগঠনে গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে । জিলাখনৰ ৰঙাপৰা, তেজপুৰ, মানশিৰি, উত্তৰ জামুগুৰি, ঠেলামৰা, খনামুখ আঞ্চলিক সমিতিৰ পৰা অহা গোৰ্খা ছাত্ৰ সন্থাৰ সদস্যসকল আৰু স্থানীয় শ শ পুৰুষ-মহিলাই হাতে হাতে বেনাৰ-ফেষ্টুন লৈ বিভিন্ন শ্ল’গানেৰে মানশিৰিৰ আকাশ-বতাহ মুখৰিত কৰি সমগ্ৰ অঞ্চলটোত পৰিক্ৰমা কৰে ।

ইফালে প্ৰতিবাদকাৰীসকলে মানশিৰি চেণ্টাৰৰ মূল পথছোৱা অৱৰোধ কৰি বিকাশ কাটোৱালৰ হত্যাকাৰীক অতিশীঘ্ৰে আটক কৰি ফাঁচী দিয়াৰ দাবী তোলে । প্ৰতিবাদকাৰীসকলে পথছোৱা অৱৰোধ কৰাত বহু সময় ধৰি যান-বাহন চলাচল ব্যাহত হৈ পৰে । প্ৰতিবাদী কাৰ্যসূচীত গোৰ্খা ছাত্ৰ সন্থাৰ জিলাৰ সভাপতি দীপক চুব্বা, সম্পাদক হিতেশ পৰাজুলি, কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি দিলীপ গজৰেলকে আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে ।

প্ৰতিবাদস্থলীত উপস্থিত থকা গোৰ্খা ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে ভাষণ প্ৰসংগত কয় যে এজন প্ৰাক্তন সেনা জোৱানক কোনো দুৰ্বৃত্তই ভাৰাঘৰত নিশা হত্যা কৰি থৈ যোৱাটো অতি দুৰ্ভাগ্যজনক । দেশমাতৃক ৰক্ষা কৰি অহা এজন প্ৰাক্তন সৈনিকক যদি এনেদৰে হত্যা কৰে, তেতিয়াহ’লে সাধাৰণ জনতাৰ ভৱিষ্যতৰ সুৰক্ষা ক'ত থাকিব?

জিলা প্ৰশাসনে হত্যাকাৰীক শীঘ্ৰেই আটক কৰি শাস্তি প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে । অন্যথা সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই ইয়াতকৈ তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি সকিয়াই দিয়ে । কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি দিলীপ গজৰেলে কয় যে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগতো হত্যাকাণ্ড ঘটনা সংঘটিত হোৱাৰ আজি চাৰিদিন অতিক্ৰম কৰাৰ পিচত হত্যাকাৰী মুকলি আকাশৰ তলত থাকে, ইয়াতকৈ দুৰ্ভাগ্যজনক কি হ'ব পাৰে?

অসম আৰক্ষীয়ে বিকাশ কাটোৱালৰ হত্যাকাৰীক আটক কৰিব নোৱাৰা পৰ্যন্ত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰি যাব । দেশৰ এজন প্ৰাক্তন সৈনিকক সন্মান জনোৱাৰ বিপৰীতে মহ-মাখিৰ দৰে নৃশংসভাৱে হত্যা কৰাটো গোৰ্খা ছাত্ৰ সন্থাই কোনো কাৰণতে সহ্য নকৰে । এইখন ৰাজ্যত মানুহৰ নিৰাপত্তা নাই সেই কথাষাৰ পুনবাৰ প্ৰতিপন্ন হৈছে ।

ইপিনে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা সমিতিয়ে প্ৰতিবাদস্থলীৰ পৰা জিলা আয়ুক্তক এখন স্মাৰকপত্ৰ প্ৰদান কৰে । উল্লেখ্য যে, যোৱা ৬ ফেব্ৰুৱাৰীত বৰঘাট আৰক্ষী চকী অন্তৰ্গত মানশিৰিত তেজপুৰৰ চান্দমাৰি অঞ্চলৰ বাসিন্দা বিকাশ কটোৱালৰ মৃতদেহ ৰক্তাক্ত অৱস্থাত ভাৰাঘৰত উদ্ধাৰ হৈছিল । আজি তিনিটা-চাৰিদিন অতিক্ৰম কৰাৰ পিচতো হত্যাকাৰীক আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে ।

লক্ষ্যণীয় যে গোৰ্খা ছাত্ৰ সন্থাই ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীৰ সময়ত মানশিৰি চেণ্টাৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ আছিল ।

লগতে পঢ়ক: ৰঙাপাৰাত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ দহ কিশোৰ-কিশোৰী