ETV Bharat / state

আত্মহত্যাৰ গোচৰ সন্দৰ্ভত সুদখোৰক গ্ৰেপ্তাৰ যোৰহাট আৰক্ষীৰ

author img

By ETV Bharat Assamese Team

Published : Feb 8, 2024, 7:43 PM IST

Jorhat Suicide Case
যোৰহাটত সুদখোৰৰ অতপালি

Jorhat Suicide Case : সুদখোৰৰ অত্যাচাৰৰ বলি হৈ এগৰাকী ব্যৱসায়ীয়ে চৰম পন্থা বাচি লোৱা ঘটনা সন্দৰ্ভত এটা সুদখোৰক গ্ৰেপ্তাৰ কৰিছে যোৰহাট আৰক্ষীয়ে ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সুদখোৰটোৰ নাম নৱজিৎ শইকীয়া বুলি জানিব পৰা গৈছে ৷

ব্যৱসায়ীৰ আত্মহত্যাৰ গোচৰ সন্দৰ্ভত সুদখোৰক গ্ৰেপ্তাৰ

যোৰহাট, 8 ফেব্ৰুৱাৰী : সুদখোৰৰ মানসিক অত্যাচাৰৰ সন্মুখীন হৈ এগৰাকী ব্যৱসায়ীয়ে চৰম পন্থা বাচি লোৱা ঘটনাৰ সন্দৰ্ভত অৱশেষত এটা সুদখোৰক গ্ৰেপ্তাৰ কৰিছে যোৰহাট আৰক্ষীয়ে ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সুদখোৰটোৰ নাম নৱজিৎ শইকীয়া বুলি জানিব পৰা গৈছে ৷ এই ঘটনাৰে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সুদখোৰ নৱজিৎ শইকীয়াক ৷ যোৰহাটৰ দক্ষিণ প্ৰান্তৰ চিনামৰাৰ স্বায়ী বাসিন্দা নৱজিত শইকীয়া নামৰ সুদখোৰটো বৰ্তমান পৰিয়ালৰ সৈতে যোৰহাট নগৰৰ দহাবৰা চুকত বসবাস কৰি আছিল ৷

  • " class="align-text-top noRightClick twitterSection" data="">

উল্লেখ্য যে মঙলবাৰে যোৰহাট চোলাধৰাৰ নিজ ব্যৱসায়ী প্ৰতিষ্ঠানত কিশোৰ কুমাৰ বৰঠাকুৰ নামৰ ব্যৱসায়ী গৰাকীয়ে আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত লৈছিল ৷ সুদখোৰৰ মানসিক অত্যাচাৰ আৰু নিৰ্যাতন সহ্য কৰিব নোৱাৰি ব্যক্তিজনে এই পন্থা গ্ৰহণ কৰা বুলি অভিযোগ উঠিছিল ৷ ব্যৱসায়ীজনে জেইল ৰোডৰ কুশল নগৰ অঞ্চলত ভাড়াঘৰ লৈ বসবাস কৰি আছিল ৷ ভাড়াঘৰ আৰু ব্যৱসায়ীক প্ৰতিষ্ঠানলৈ আহি সুদখোৰে আহি বিভিন্ন দাবী-ধমকি প্ৰদান কৰি ব্যৱসায়ী গৰাকীক মানসিক অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰিছিল পৰিয়াল লোকে ৷ সুদখোৰৰ এই অত্যাচাৰৰ ফলতে চোলাধৰাত থকা ব্যৱসায়ীক প্ৰতিষ্ঠানত আত্মহত্যাৰ দৰে চৰম পন্থা গ্ৰহণ কৰিছিল ব্যৱসায়ীজনে ৷

আনহাতে পিতৃৰ মৃত্যুৰ এদিনৰ পিছতে তেওঁৰ একমাত্ৰ কন্যাই দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত অৱৰ্তীণ হৈছে ৷ সুদখোৰৰ বাবে চৰম পন্থা গ্ৰহণ কৰা ব্যৱসায়ী গৰাকীয়ে মৃত্যুৰ সময়ত একমাত্ৰ কন্যা আৰু পত্নীক এৰি থৈ গৈছে ৷ পৰিয়ালৰ লোকৰ মতে সুদখোৰৰ অত্যাচাৰৰ বাবে চৰম পন্থা গ্ৰহণ কৰা পঞ্চাশ উৰ্ধৰ ব্যক্তিজনৰ প্ৰকৃত ঘৰ ডিব্ৰুগড়ৰ খোৱাঙত ৷ এই ঘটনাই যোৰহাটৰ লগতে সমগ্ৰ ৰাজ্যতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়ক : সুদখোৰৰ মানসিক নিৰ্যাতনৰ বলি হৈ ব্যৱসায়ীৰ আত্মহনন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.