ETV Bharat / state

সুদখোৰৰ মানসিক নিৰ্যাতনৰ বলি হৈ ব্যৱসায়ীৰ আত্মহনন

author img

By ETV Bharat Assamese Team

Published : Feb 7, 2024, 2:08 PM IST

Man commits suicide in Jorhat: যোৰহাটত চাঞ্চল্যকৰ ঘটনা । সুদখোৰৰ মানসিক নিৰ্যাতন সহ্য কৰিব নোৱাৰি আত্মহনন ব্যৱসায়ীৰ । বাৰে বাৰে সুদখোৰে চলাই অহা মানসিক নিৰ্যাতন সহিব নোৱাৰি চৰম পন্থা বাচি ল'লে যোৰহাটৰ ব্যৱসায়ী কিশোৰ কুমাৰ বৰঠাকুৰে ।

Man commits suicide to mental harassment by private money lander
সুদখোৰৰ মানসিক নিৰ্যাতনৰ বলি হৈ ব্যৱসায়ীৰ আত্মহনন

সুদখোৰৰ মানসিক নিৰ্যাতনৰ বলি হৈ ব্যৱসায়ীৰ আত্মহনন

যোৰহাট, ৭ ফেব্ৰুৱাৰী: ৰাজ্যত বৰ্তমানো অব্যাহত আছে সুদখোৰৰ অতপালি । সুদখোৰৰ মানসিক অত্যাচাৰ আৰু নিৰ্যাতন সহ্য কৰিব নোৱাৰি চৰম সিদ্ধান্ত বাচি ল'লে এজনে । সুদখোৰৰ মানসিক নিৰ্যাতন সহ্য কৰিব নোৱাৰিয়ে আত্মহননৰ দৰে চৰম সিদ্ধান্ত ল'বলৈ বাধ্য হ'ল যোৰহাটৰ ব্যৱসায়ী কিশোৰ কুমাৰ বৰঠাকুৰে ।

সময় সুবিধা পালেই ব্যৱসায়ীজনৰ কুশল নগৰ ভাড়াঘৰলৈ সুদখোৰ আহি বিভিন্ন ভয়-ভাবুকি দেখুৱাই মানসিক অত্যাচাৰ চলোৱা অভিযোগ উত্থাপন কৰে পৰিয়াল লোকে । তাৰ ফলস্বৰূপে চোলাধৰাত থকা ব্যৱসায়ীক প্ৰতিষ্ঠানত আত্মহত্যা দৰে চৰম পন্থা গ্ৰহণ কৰে ব্যৱসায়ীজনে ।

উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সুদখোৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষী আহ্বান জনোৱাৰ পিচতো ৰাজ্যত অব্যাহত আছে সুদখোৰৰ অতপালি । ব্যৱসায়ীজনৰ আত্মহত্যাৰ ঘটনাৰ পিচতে শোকত ভাঙি পৰিছে পৰিয়ালৰ লোক ।

মৃত ব্যৱসায়ী কিশোৰ কুমাৰ বৰঠাকুৰে ইহসংসাৰত একমাত্ৰ কন্যা আৰু পত্নীক এৰি থৈ যায় । জানিব পৰা অনুসৰি, পিতৃ মৃত্যুৰ এদিনৰ পিচতে তেওঁ একমাত্ৰ কন্যাই দ্বাদশ শ্ৰেণী চুড়ান্ত পৰীক্ষাত অৱৰ্তীণ হৈছে । সুতখোৰ অত্যাচাৰ বাবে চৰম পন্থা গ্ৰহণ কৰা পঞ্চাশ উৰ্ধৰ ব্যক্তিজনৰ প্ৰকৃত ঘৰ ডিব্ৰুগড় খোৱাঙত আৰু ব্যৱসায়ৰ স্বাৰ্থত তেওঁ যোৰহাটৰ কুশল নগৰত ভাড়াতীয়া হিচাপে বাস কৰিছিল ।

উক্ত ঘটনা ই যোৰহাটৰ লগতে সমগ্ৰ ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । সময় থাকোতে যদি এইসকল সুদখোৰৰ বিৰুদ্ধে কঠোৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ নকৰে তেনেহ'লে এনেধৰণৰ ঘটনা সংঘটিত হৈয়ে থাকিব বুলি সকলোৱে মত প্ৰকাশ কৰিছে । এই ঘটনাৰ এক উচিত ন্য়ায় বিচাৰিছে পৰিয়ালৰ লোকে ।

লগতে পঢ়ক: চৰকাৰৰ মাতৃভাষা বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে আছুৰ ১৩ ঘন্টীয়া অনশন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.