ETV Bharat / state

গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ৰাষ্ট্ৰপতিৰ পদক ঘোষণা, অসমৰ ১৫ গৰাকী আৰক্ষীলৈ পদক

author img

By ETV Bharat Assamese Team

Published : Jan 25, 2024, 7:16 PM IST

Republic Day 2024 : গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ঘোষণা কৰা হৈছে ৰাষ্ট্ৰপতিৰ আৰক্ষীৰ বিভিন্ন পদক । অসমৰ পৰা আৰক্ষীৰ 15 গৰাকীয়ে লাভ কৰিছে ৰাষ্ট্ৰপতিৰ বিভিন্ন পদক।

Republic Day 2024
গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ৰাষ্ট্ৰপতিৰ পদক ঘোষণা, অসমৰ ১৫ গৰাকী আৰক্ষীলৈ পদক

গুৱাহাটী, 25 জানুৱাৰী: কাইলৈ 75 সংখ্যক গণৰাজ্য দিৱস ৷ গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ঘোষণা কৰা হৈছে ৰাষ্ট্ৰপতিৰ আৰক্ষীৰ বিভিন্ন পদক । অসমৰ পৰা আৰক্ষীৰ 15 গৰাকীয়ে লাভ কৰিছে ৰাষ্ট্ৰপতিৰ বিভিন্ন পদক। এই পদকসমূহ গণৰাজ্য দিৱসৰ দিনা প্ৰদান কৰা হ’ব । অসমৰ এগৰাকী আৰক্ষী বিষয়াই বিশিষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ পদক লাভ কৰাৰ লগতে 14 গৰাকীলৈ আগবঢ়োৱা হৈছে উৎকৃষ্ট সেৱা পদক।

উল্লেখ্য যে, গণতন্ত্ৰ দিৱস উপলক্ষে দেশৰ আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী, গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা আৰু সংশোধনমূলক সেৱাসমূহৰ বাবে মুঠ 1132 জনক বিভিন্ন পদক প্ৰদান কৰা হৈছে । এই কথা সদৰী কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ।

এই পদকসমূহৰ ভিতৰত আছে বীৰত্বৰ বাবে ৰাষ্ট্ৰপতিৰ পদক, বীৰত্বৰ পদক, বিশিষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ পদক আৰু উৎকৃষ্ট সেৱা পদক। এইবাৰ অসমৰ মুঠ 15 গৰাকী আৰক্ষী জোৱানে লাভ কৰিছে পদক। ইয়াৰ ভিতৰত ভিজিলেন্স এণ্ড এণ্টিক’ৰাপশ্যনৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান সুৰেন্দ্ৰ কুমাৰলৈ ৰাষ্ট্ৰপতিৰ বিশিষ্ট সেৱা পদক আগবঢ়োৱা হৈছে ।

আনহাতে 14 গৰাকীলৈ আগবঢ়োৱা হৈছে উৎকৃষ্ট সেৱা পদক । উৎকৃষ্ট সেৱা পদক লাভ কৰা আৰক্ষীৰ লোকসকল হৈছে- ডিচিপি জয়ন্ত সাৰথি বৰা, ডিচিপি চিদানন্দ বৰা, ডি এছ পি অসীম কুমাৰ দে', এ এছ আই ধৰ্মেন্দ্ৰ শইকীয়া, এ এছ আই প্ৰণৱ বৰা, এ এছ আই বিজয়ন্ত দাস, লেন্সনায়ক চক্ৰধৰ দাস, ইউ বি চি সঞ্জয় কুমাৰ দাস, ইউ বি চি ৰাজেশ কুমাৰ ওজা, ইউ বি চি নীলিমা দাস, এ বি চি নীলকমল শুক্লবৈদ্য, ডব্লিউ পি চি জুনুমণি ডেকা বৰা, নায়ক বলন্দো ফংলৌ আৰু হাবিলদাৰ ক্লাৰ্ক পৰীক্ষিত গন্ধিয়া ৷

লগতে পঢ়ক: খানাপাৰাত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হ’ব ৭৫ সংখ্যক গণৰাজ্য দিৱসৰ কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.