তিনিদিনীয়াকৈ গুৱাহাটীৰ শিল্পগ্ৰামত অসম চিকিৎসা সেৱা সংস্থাৰ 50 সংখ্যক অধিৱেশন
Golden Jubilee of Assam Medical Services Association : গুৱাহাটীৰ পাঞ্জাবাৰীৰ শিল্পগ্ৰামত 1 ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব অসম চিকিৎসা সেৱা সংস্থাৰ সাধাৰণ অধিৱেশন ৷ মুখ্যমন্ত্ৰীৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকিব অধিৱেশনত ৷ উক্ত অধিৱেশনতে সংস্থাটোৰ নতুন কমিটী গঠনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি জানিবলৈ দিছে সংস্থাটোৰ সভাপতিগৰাকীয়ে ৷

Published : January 27, 2024 at 5:46 PM IST
গুৱাহাটী, ২৭ জানুৱাৰী : অসম চিকিৎসা সেৱা সংস্থা চমুকৈ আমছাৰ 50 সংখ্যক সাধাৰণ অধিৱেশন ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ’ব ৷ 1, 2 আৰু 3 ফেব্ৰুৱাৰীত গুৱাহাটীৰ পাঞ্জাবাৰীৰ শিল্পগ্ৰামত সোণালী জয়ন্তী বৰ্ষ হিচাপে পালন কৰিব আমছাই ৷ এই কথা জানিবলৈ দিছে সংস্থাটোৰ সভপতি ডাঃ কনক চন্দ্ৰ তালুকদাৰে ৷
1 ফেব্ৰুৱাৰীৰ দুপৰীয়া 12 বজাত প্ৰতিনিধি শিৱিৰ মুকলি কৰিব ভাৰপ্ৰাপ্ত স্বাস্থ্য সেৱা সঞ্চালক ডাঃ কাৰেং ৰংপিপিয়ে ৷ সন্ধিয়া 6 বজাত চিকিৎসা বিজ্ঞান সম্পৰ্কীয় আলোচনাত বক্তা হিচাপে উপস্থিত থাকিব জি এন আৰ চি, গুৱাহাটীৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ডাঃ নোমল চন্দ্ৰ বৰাই ৷ 2 ফেব্ৰুৱাৰীৰৰ দুপৰীয়া 12 বজাত চিকিৎসা বিজ্ঞান সম্পৰ্কীয় আলোচনাত বক্তা হিচাপে উপস্থিত থাকিব 2023 বৰ্ষৰ অসম বৈভৱ বঁটাৰে সন্মানিত মুম্বাইৰ বিশিষ্ট চিকিৎসক ডাঃ তপন কুমাৰ শইকীয়া ৷
3 ফেব্ৰুৱাৰীৰ দিনৰ 11 বজাত আৰম্ভ হ'বলগীয়া মুকলি সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, শিক্ষামন্ত্ৰী ৰণোজ পেগু, স্বাস্থ্য আৰু পৰিয়াল কল্যাণৰ অতিৰিক্ত মুখ্য সচিব অবিনাশ যোশী, এন এইচ এম অসমৰ মিছন সঞ্চালক ডাঃ এম এছ লক্ষ্মীপ্ৰিয়া, পদ্মশ্ৰী ডাঃ ইলিয়াছ আলী, অসম সৌৰভ ডাঃ শশীধৰ ফুকন, ভাৰতপ্ৰাপ্ত স্বাস্থ্য সেৱা সঞ্চালক ডাঃ কাৰেং ৰংপিপি, শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচার্য ডাঃ ধ্ৰুৱজ্যোতি বৰা প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকিব ৷
এইবাৰৰ অধিৱেশনতে সংস্থাৰ নতুন কমিটী গঠনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ 3 ফেব্ৰুৱাৰীৰ নিশা 7 বজাত সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে বুলি জানিবলৈ দিছে অসম চিকিৎসা সেৱা সংস্থা সভপতি ডাঃ তালুকদাৰে ৷
লগতে পঢ়ক : জোনাই কেন্দ্ৰীয় সাৰ্বজনীন নামঘৰৰ সোণালী জয়ন্তী আৰম্ভ

