ETV Bharat / state

জোনাই কেন্দ্ৰীয় সাৰ্বজনীন নামঘৰৰ সোণালী জয়ন্তী আৰম্ভ

author img

By ETV Bharat Assamese Team

Published : Jan 27, 2024, 5:01 PM IST

Golden Jubilee of Jonai Namghar:অসম-অৰুণাচল সীমান্তৰ জোনাইত ৫০ খন পতাকা উত্তোলনেৰে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ সোণালী জয়ন্তী উৎসৱ । দেওবাৰে ভাগৱত ভ্রমণ আৰু বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্রা উলিওৱা হ'ব ।

Golden Jubilee of Jonai Namghar
জোনাই কেন্দ্রীয় সার্বজনীন নামঘৰ

জোনাই কেন্দ্রীয় সার্বজনীন নামঘৰ

জোনাই, ২৭ জানুৱাৰী: অসমীয়াৰ আধ্যাত্মিক আবেগ স্বৰূপ গুৰুজনাৰ আদর্শেৰে অসম -অৰুণাচল সীমান্তৰ জোনাই মহকুমাত প্ৰতিষ্ঠিত জোনাই কেন্দ্রীয় সার্বজনীন নামঘৰত আজিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে সোণালী জয়ন্তী উৎসৱ ৷ শনিবাৰে পুৱা ৫ বজাত প্রাতঃ প্রসঙ্গৰ আঁত ধৰে জোনাই কেন্দ্রীয় সার্বজনীন নামঘৰৰ জ্যেষ্ঠ ভকত নবীন চন্দ্ৰ গগৈ আৰু ধৰ্মকান্ত গগৈয়ে । ইয়াৰ পিচতেই পুৱা ৫.৩০ বজাত ঊষা কীৰ্ত্তন পৰিৱেশন,বৃক্ষ ৰোপন কাৰ্যসূচী শুভাৰম্ভ কৰে জোনাই আঞ্চলিক বন বিষয়া মুকুট ৰাভাই ৷

সোণালী জয়ন্তী উৎসৱ প্ৰস্তুতি সমিতি সভাপতি দেৱ কুমাৰ গগৈয়ে পুৱা ৭ বজাত বন্তি প্রজ্বলন কৰাৰ পাছত ৭.১০ বজাত ধর্মধ্বজা উত্তোলন কৰে জোনাই কেন্দ্রীয় সার্বজনীন নামঘৰ পৰিচালনা সমিতিৰ সভাপতি কেশৱ দত্তই । পৰিৱেশ নিকাকৰণ উদ্ধোধন কৰে ভকত মুনিন চেতিয়াই ৷ ইপিনে, চিকিৎসা সেৱা কেন্দ্র উদ্বোধন কৰে জোনাই অৱসৰপ্ৰাপ্ত চিকিৎসা বিষয়া তিলেশ্বৰ কামানে। অনুসন্ধান আৰু প্ৰচাৰ উপ-সমিতি কার্যালয় উদ্বোধন, ভোজনালয়ৰ তোৰণ আৰু গৃহ মুকলি কৰাৰ পিছত পুৱা ৯.৩০ বজাত নাম প্রসঙ্গ পৰিৱেশন কৰে ২ নং নগাঁও, মৰিঢল ভকত-বৈষ্ণবৃন্দই ৷

ইপিনে,নাম আৰু ভাগৱত পাঠ কৰিব মুনিন্দ্ৰ বৰা, অনিল শৰ্মা আৰু সহযোগী ভকত-বৈষ্ণৱসকলৰ লগতে জোনাই কেন্দ্রীয় সার্বজনীন নামঘৰ, শ্রীশ্রীশঙ্কৰগুৰু কৃষ্টি কেন্দ্র (পাচিঘাট), বলাই পাম নামঘৰ, উদয়পুৰ নামঘৰ, ঈশ্বৰ পথাৰ নামঘৰ, বিহপুৰীয়া প্ৰাথমিক, ১ নং নগৰ প্ৰাথমিক, মণিকাঞ্চন প্ৰাথমিক, ৰায়াং শাস্তিপুৰ প্ৰাথমিক, লুহিজান প্রাথমিক, ওলুকপুৰ প্ৰাথমিক, পূৱ-জোনাই প্রাথমিক, পবা প্রাথমিক, তাৰি মাজগাঁও প্রাথমিক, বেবা চাপৰি প্ৰাথমিক, বেৰা শাস্তিপুৰ প্ৰাথমিক, লুহিজান মাজগাঁও প্ৰাথমিক পৰমানন্দ আতা প্রাথমিক, শ্ৰীমন্ত শঙ্কৰদেৱ নামধর্ম সমাজ, জোনাই আঞ্চলিক পূর্বাঞ্চল সত্ৰ, জয়মাগুৰি নামঘৰ, অভয়পুৰ মেদেলা নামঘৰ, লিচাং দঃলুং নামঘৰ, বকে-মধ্যপুৰ নামঘৰৰ ভকত-বৈষ্ণৱ, আই-মাতৃসকলে ৷ দিনৰ ১১ বজাত মূল তোৰণ উন্মোচন কৰে জোনাই মহকুমাৰ মহকুমাধিপতি শান্তনু গগৈয়ে ৷ দিনৰ ১১.৩০ বজাত নামঘৰ প্ৰাংগণত চিত্রাঙ্কণ প্রতিযোগিতাৰ উদ্ধোধন কৰে জোনাইৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ধর্মকান্ত গগৈয়ে ।

সন্ধিয়া ৭ বজাত জোনাই কেন্দ্রীয় সার্বজনীন নামঘৰৰ শিল্পীসকলৰ দ্বাৰা পৰিৱেশ কৰিবলগীয়া 'নৃসিংহ মুৰাৰী' নামৰ ভাওনাৰ উদ্ধোধন কৰিব শ্রীমন্ত শঙ্কৰদেৱ সংঘ, জোনাই জিলা সমিতিৰ প্রাক্তন সভাপতি দেবেন গগৈয়ে ৷ দ্বিতীয় দিনা ২৮ জানুৱাৰী দেওবাৰে পুৱা পুৱা ৭.৩০ বজাত নাম প্ৰসংগ পৰিবেশন কৰিব চিমেন-চাপৰি বৰুৱাবালি ভৰত-বৈষ্ণৱসকলে ৷ পুৱা ৮ বজাত 'ভাগৱত ভ্রমণ ও বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্রা'ৰ শুভ উদ্ধোধন কৰিব জ্য়েষ্ঠ সাংবাদিক নিতুমণি শ‍ইকীয়াই ৷

লগতে পঢ়ক:মাধ্যম বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে আছুৰ চাইকেল ৰেলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.