ETV Bharat / state

ঢালিগাঁৱত কেন্দ্ৰীয় চিলাৰায় দিৱসৰ আয়োজন

author img

By ETV Bharat Assamese Team

Published : Jan 24, 2024, 7:17 PM IST

Chirang news: ২৪ ফেব্ৰুৱাৰীত চিৰাঙত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব চিলাৰায় দিৱস । ঢালিগাঁৱৰ শাখা সাহিত্য সভা কাৰ্যালয় কক্ষত আজি এই সন্দৰ্ভত অনুষ্ঠিত হয় প্ৰস্তুতি সভা ।

514th birth anniversary of Chilaraya
চিলাৰায়ৰ ৫১৪ তম জন্ম জয়ন্তী জয়ন্তী
চিলাৰায়ৰ ৫১৪ তম জন্ম জয়ন্তী জয়ন্তী

চিৰাং, ২৪ জানুৱাৰী : অসম সাহিত্য সভাই এইবাৰ চিৰাং জিলাৰ ঢালিগাঁৱত উদযাপন কৰিব বিশ্ব মহাবীৰ চিলাৰায়ৰ ৫১৪ তম জন্ম জয়ন্তী জয়ন্তী ৷ চিৰাং জিলা সাহিত্য সভাৰ উদ্যোগত, বঙাইগাঁও জিলা সাহিত্য সভাৰ সহযোগত আৰু ঢালিগাঁও শাখা সাহিত্য সভাৰ আতিথ্যত অহা ২৪ ফেব্ৰুৱাৰীত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব কেন্দ্ৰীয় চিলাৰায় দিৱস ৷ এই উদ্দেশ্য়ে বুধবাৰে ঢালিগাঁৱৰ শাখা সাহিত্য সভা কাৰ্যালয় কক্ষত চিলাৰায় দিৱস উদযাপন সমিতিৰ সভাপতি তথা চিৰাং জিলা সাহিত্য সভাপতি হৰিলাল বায়নৰ পৌৰোহিত্যত অনুষ্ঠিত হয় এখন প্ৰস্তুতি সভা ৷

অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক নয়নমণি চৌধুৰীৰ উপস্থিতিত দিৱস উদযাপনৰ প্ৰস্তুতিৰ ওপৰত আলোচনা কৰাৰ লগতে দিহা পৰামৰ্শ আগবঢ়োৱা হয় ৷ চিলাৰায় দিৱস উদযাপন সমিতিয়ে আজি দিৱসৰ কাৰ্যসুচী যুগুত,স্মৃতিগ্ৰন্থৰ অগ্ৰগতি, স্থান নিৰ্ধাৰণকে ধৰি কেইবাটাও দিশত আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰে ৷

চিৰাং জিলা সাহিত্য সভাৰ সভাপতি হৰিলাল বায়নে অসম সাহিত্য সভাৰ তত্বাৱধানত উদযাপন কৰিবলগা বিশ্ববীৰ চিলাৰায়ৰ কাৰ্যসূচীত ৰাইজক সহযোগিতা আগবঢাবলৈ আহ্বান জনায় ৷ চিলাৰায় দিৱসৰ প্ৰস্তুতি সম্পৰ্কে পৰ্যালেোচনা সভাত উপস্থিত থকা অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক নয়নমণি চৌধুৰীয়ে অসম সাহিত্য সভাৰ সভাপতি ড৹ সূৰ্যকান্ত হাজৰিকা, প্ৰধান সম্পাদক ড৹ ইন্দ্ৰজিত শৰ্মাসহ কেন্দ্ৰীয় নেতৃত্বই কাৰ্যসুচীত অংশ গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰে ৷

একেদৰে চিলাৰায় দিৱস উদযাপন সমিতিৰ সাধাৰণ সম্পাদক অতুল চন্দ্ৰ ৰায়ে চিলাৰায় দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ বাবে ৰাইজক আহ্বান জনায় ৷ চিলাৰায় দিৱস উদযাপন সমিতিৰ প্ৰস্তুতি সভাত বঙাইগাঁও জিলা সাহিত্য সভাৰ সভাপতি ৰোহিনী কুমাৰ চৌধুৰী, অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক অমৃত নাৰায়ণ পাটগিৰিকে ধৰি কেইবাখনো শাখা সাহিত্য সভাৰ প্ৰতিনিধি উপস্থিত থাকে ৷

লগতে পঢ়ক:তৃতীয়বাৰৰ বাবে মুখ্য কাৰ্যবাহী সদস্য হিচাপে দেৱলাল গাৰ্লোচাৰ শপতগ্ৰহণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.