তৃতীয়বাৰৰ বাবে মুখ্য কাৰ্যবাহী সদস্য হিচাপে দেৱলাল গাৰ্লোচাৰ শপতগ্ৰহণ
CEM Devlal Garlosa sworn: হাফলং জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত মুখ্য কাৰ্যবাহী সদস্য হিচাবে শপতগ্ৰহণ দেৱলাল গাৰ্লোচাৰ । শপতগ্ৰহণ কৰিয়েই আৰু বেছি কাম কৰাৰ চেষ্টা চলাব বুলি কয় গাৰ্লোচাই ।

Published : January 24, 2024 at 6:13 PM IST
হাফলং, ২৪ জানুৱাৰী : তৃতীয়বাৰৰ বাবে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য হিচাবে নিৰ্বাচিত হৈছে দেৱলাল গাৰ্লোচা । আজি হাফলং জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত মুখ্য কাৰ্যবাহী সদস্য হিচাবে শপতগ্ৰহণ কৰে দেৱলাল গাৰ্লোচাই । ডিমা হাছাও জিলাৰ আয়ুক্ত সীমান্ত কুমাৰ দাসে পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰায় ।
বুধবাৰে দেৱলাল গাৰ্লোচাই মাতৃভাষা ডিমাছা ভাষাত শপতগ্ৰহণ কৰে । উল্লেখযোগ্য যে বিজেপিৰ বিধায়নী দলৰ বৈঠকত দেৱলাল গাৰ্লোচাক বিধান পৰিষদীয় দলৰ নেতা নিৰ্বাচিত কৰাৰ পিচতে মুখ্য কাৰ্যবাহী সদস্য হিচাবে ৰাজ্যপালৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰে । ইয়াৰ পিচতে ৰাজ্যপাল গুলাবচান্দ কাটাৰিয়াই অনুমোদন জনোৱাৰ পিচতে আজি এই শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয় । ৰাজ্যপাল গুলাবচান্দ কাটাৰিয়াই শপতগ্ৰহণৰ ১৫ দিনৰ ভিতৰত সদনত সংখ্যা গৰিষ্ঠতাৰ প্ৰমাণ দিবলৈ দেৱলাল গাৰ্লোচাক নিৰ্দেশ দিয়ে ।
ইপিনে, শপতগ্ৰহণ কৰি দেৱলাল গাৰ্লোচাই কয়," ডিমা হাছাও জিলাৰ মানুহে আৰু পাঁচ বছৰ কাম কৰাৰ সুযোগ দিছে মোক । তাৰ বাবে সকলোকে ধন্যবাদ জনাইছো ।" দেৱলাল গাৰ্লোচাই কয় যে যোৱা ৭ বছৰ তেওঁ মুখ্য কাৰ্যবাহী সদস্য হৈ শান্তি আৰু উন্নয়নৰ স্বাৰ্থত কাম কৰি গৈছে । এই পাঁচ বছৰ আৰু বেছি কাম কৰাৰ চেষ্টা চলাব বুলি কয় দেৱলাল গাৰ্লোচাই ।
উন্নয়নৰ দিশত ৰাজ্যৰ ভিতৰতে ডিমা হাছাও জিলাক এক নম্বৰ স্থানলৈ লৈ যোৱাৰ প্ৰচেষ্টা অব্যাহত থাকিব বুলি উল্লেখ কৰি দেৱলাল গাৰ্লোচাই পাহাৰীয়া জিলাৰ শান্তি আৰু উন্নয়নৰ হকে বিজেপি দলে কাম কৰি যাব বুলি কয় । দেৱলাল গাৰ্লোচাই কয় যে বিশেষকৈ ডিমা হাছাও জিলাৰ শিক্ষাৰ পৰা আৰম্ভ কৰি স্বাস্থ্য পৰ্যটন,পথ নিৰ্মাণ আৰু কৃষিক্ষেত্ৰত অধিক গুৰুত্ব দিয়া হ'ব বুলি কয় । অহা ১০ ফেব্ৰুৱাৰীৰ ভিতৰতে কাৰ্যনিৰ্বাহ সমিতি গঠন কৰি কাৰ্যনিৰ্বাহ সদস্য সকলৰ মাজতে দপ্তৰ বিতৰণ কৰা হ'ব বুলি তেওঁ কয় । এই কাৰ্যনিৰ্বাহ সমিতিত এগৰাকী পৰিষদৰ মহিলা সদস্যই স্থান পোৱাটো নিশ্চিত বুলি কয় দেৱলাল গাৰ্লোচাই ।
লগতে পঢ়ক:প্ৰথমবাৰৰ বাবে দেশৰ গণৰাজ্য দিৱসৰ বিশেষ অতিথি ভাইব্ৰেন্ট ভিলেজৰ নাগৰিক

