ETV Bharat / state

চিলাপথাৰৰ কাৰেং চাপৰিত চাৰিদিনীয়াকৈ অনুষ্ঠিত হ’ব মিচিং যুৱ মহোৎসৱ

author img

By ETV Bharat Assamese Team

Published : Jan 29, 2024, 7:05 AM IST

1 ফেব্ৰুৱাৰীৰ পৰা চিলাপথাৰৰ কাৰেং চাপৰিত চাৰিদিনীয়াকৈ অনুষ্ঠিত হ’ব মিচিং যুৱ মহোৎসৱ । নৱম সংখ্যক এই মহোৎসৱক লৈ আৰম্ভ হৈছে ব্যাপক প্ৰস্তুতি ৷ 3 ফেব্ৰুৱাৰীৰ মুকলি সভাত উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৷

preparation for mising youth festival
মিচিং যুৱ মহোৎসৱ
মিচিং যুৱ মহোৎসৱ

জোনাই, 29 জানুৱাৰী: ধেমাজি জিলাৰ চিলাপথাৰত অনুষ্ঠিত হ’ব নৱম সংখ্যক 'মিচিং যুৱ মহোৎসৱ' ৷ অসমৰ দ্বিতীয় সৰ্ববৃহৎ ভূমিপুত্ৰ জনজাতি মিচিং ৰাইজৰ মাজত 'মিচিং যুৱ মহোৎসৱটিক লৈ ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে ৷ অহা 1 ফেব্ৰুৱাৰীৰ পৰা চাৰিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে এই অনুষ্ঠানৰ ৷

ধেমাজি জিলাৰ চিলাপথাৰৰ বগীবিল কাৰেং চাপৰিৰ ব্ৰহ্মপুত্ৰৰ পাৰত অনুষ্ঠিত হ’ব এই বৃহৎ যুৱ মহোৎসৱ ৷ মিচিং জাতীয় সংগঠনৰ তৎপৰতাত মূল তোৰণৰ পৰা মূল মঞ্চলৈ, বিপণীৰ পৰা অতিথিশালালৈ আটকধুনীয়াকৈ সজাই তোলা হৈছে ৷ উল্লেখ্য যে, এইবাৰৰ পৰা প্ৰতিবছৰে 'টাকাম মিচিং পৰিন কৗবাং’ চমুকৈ টিএমপিকে’ৰ নেতৃত্বত বগীবিল কাৰেং চাপৰিত অনুষ্ঠিত হ’ব মিচিং যুৱ মহোৎসৱ ৷ 12 শ বিঘা ভূমিত অনুষ্ঠিত কৰা এই মহোৎসৱত প্ৰায় দহ হেজাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব বুলি উদ্যোক্তাসকলে জানিব দিয়ে ।

মহোৎসৱত মিচিং জনগোষ্ঠীৰ থলুৱা পৰম্পৰা কৃষ্টি-সংস্কৃতি, নৃত্য-গীত, বিভিন্ন খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে মিচিং শিল্পীসকলে সংগীতানুষ্ঠান পৰিৱেশন কৰিব বুলি মহোৎসৱৰ উদ্যোক্তাসকলে জনায় । ইপিনে 3 ফেব্ৰুৱাৰীৰ দিনা মুকলি সভাত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ৰণোজ পেগু, সাংসদ প্ৰদান বৰুৱা, বিধায়ক নৱ দলেকে ধৰি কেইবাগৰাকীও সাংসদ, মন্ত্ৰী, বিধায়ক ৷

'মিচিং যুৱ মহোৎসৱ' ৰ শেষৰ দিনা অনুষ্ঠিত হ’বলগীয়া মুকলি সভাত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ লগতে বিভিন্ন জাতীয় দল-সংগঠনৰ মুৰব্বীসকল উপস্থিত থাকিব বুলি উদযাপন সমিতিৰ সম্পাদক তথা স্থানীয় বিধায়ক ভূৱন পেগুয়ে সংবাদ মাধ্যমৰ আগত কয় ।

অনুষ্ঠানত ৰাইজৰ উপস্থিতি কামনা কৰিছে উদ্যোক্তা সমিতিয়ে ৷

লগতে পঢ়ক: কোকৰাঝাৰ সাহিত্য মহোৎসৱত জাপানৰ বিশিষ্ট ঔপন্যাসিকৰে মতবিনিময়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.