ETV Bharat / state

কোকৰাঝাৰ সাহিত্য মহোৎসৱত জাপানৰ বিশিষ্ট ঔপন্যাসিকৰে মতবিনিময়

author img

By ETV Bharat Assamese Team

Published : Jan 28, 2024, 8:26 PM IST

Kokrajhar Literary Festival: দেশ-বিদেশৰ ১৮০ গৰাকী কবি, সাহিত্যিকৰ সমাগমৰে উখল মাখল কোকৰাঝাৰৰ বডোফা সাংস্কৃতিক প্ৰকল্প ক্ষেত্ৰ ৷ কাইলৈ অনুষ্ঠিত হ’ব নৈপৰীয়া সভ্যতাৰ ওপৰত এখন আলোচনাচক্ৰ ।

Kokrajhar Literary Festival
Kokrajhar Literary Festival
কোকৰাঝাৰ সাহিত্য মহোৎসৱ

কোকৰাঝাৰ, ২৮ জানুৱাৰী : কোকৰাঝাৰ সাহিত্য মহোৎসৱৰ আজি দ্বিতীয় দিন ৷ কোকৰাঝাৰ চহৰৰ সমীপৱৰ্তী গৌৰাং নদীৰ পাৰৰ বডোফা সাংস্কৃতিক প্ৰকল্পৰ চৌহদত শনিবাৰৰ পৰা আৰম্ভ হয় তৃতীয় কোকৰাঝাৰ সাহিত্য উৎসৱ ৷ আজি দ্বিতীয় দিনা কোকৰাঝাৰ সাহিত্য মহোৎসৱত বহিঃৰাষ্ট্ৰ উপৰি দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কবি, সাহিত্যিক, লেখকৰ সমাগমৰে এক উখল মাখল হৈ পৰে বডোফা সাংস্কৃতিক প্ৰকল্প ক্ষেত্ৰ ৷

উল্লেখ্য যে বিটিআৰ চৰকাৰৰ উদ্যোগত অনুষ্ঠিত কোকৰাঝাৰ সাহিত্য মহোৎসৱত জাপান, ম্যানমাৰ, থাইলেণ্ড, শ্ৰীলংকা, কেনিয়া, বাংলাদেশসহ আঠখন বিদেশী ৰাষ্ট্ৰৰ লগতে দেশৰ বিভিন্ন ৰাজ্যৰ ১৮০ গৰাকী কবি-লেখকে অংশগ্ৰহণ কৰিছে ৷ আজি দুপৰীয়া জাপানৰ পৰা অহা বিশিষ্ট কবি , সাহিত্যিক, ঔপন্যাসিক টাইঅ’ ফুজিৰ সৈতে মহোৎসৱৰ কবি-লেখক সকলৰ মাজত এক মতবিনিময় অনুষ্ঠান অনুষ্ঠিত হয় ৷ টাইঅ’ ফুজিয়ে কোকৰাঝাৰত প্ৰথমবাৰ অহা বুলি উল্লেখ কৰি তেওঁ আঠখন উপন্যাস লিখা বুলি কয় ৷

আজিৰ অনুষ্ঠানত প্ৰখ্যাত সাংবাদিক প্ৰেটিচিয়া মুখিমৰ লগতে দেশ -বিদেশৰ কবি সাহিত্যিকে অংশগ্ৰহণ কৰে ৷ উল্লেখ্য যে আজি সাহিত্য মহোৎসৱত বড়ো যুৱ লেখক সমাৰোহ আৰু বড়ো মহিলা লেখক সমাৰোহ অনুষ্ঠিত যত বিভিন্ন বড়ো যুৱ আৰু মহিলা লেখকে অংশগ্ৰহণ কৰে ৷

ইপিনে,আয়োজক সমিতিৰ উপ-সভাপতি তথা বিশিষ্ট সাহিত্যিক গোবিন্দ বড়োৱে সদৰী কৰা মতে, এইবাৰ তৃতীয় সংখ্যক সাহিত্য উৎসৱৰ মূল বিষয়বস্তু হৈছে ‘সীমাগৈয়ৗ ফৗচালী নাগিৰনানৗ থাগিবি সুবুংফৰনি ফৰমাইথি’ অৰ্থাৎ ‘সীমাহীন দিগন্তৰ অন্বেষণ স্থানীয় কথোন’ ৷ অহা ২৯ জানুৱাৰীত নৈপৰীয়া সভ্যতাৰ ওপৰত এখন আলোচনাচক্ৰ অনুষ্ঠিত হ’ব বুলি কয় বিশিষ্ট সাহিত্যিক গোবিন্দ বড়োৱে ৷

লগতে পঢ়ক:আৰম্ভ হ’ল তৃতীয় কোকৰাঝাৰ সাহিত্য উৎসৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.