ETV Bharat / state

কলম্বোত ৰঙৰ পোহাৰ মেলিলে লখিমপুৰৰ শিল্পী পৰেশ ভূঞাই

author img

By ETV Bharat Assamese Team

Published : Feb 9, 2024, 1:16 PM IST

Assamese painter Paresh Bhuyan: দেশে বিদেশে ৰঙৰ পোহাৰ মেলি দেশক গৌৰৱান্বিত কৰি আহিছে লখিমপুৰৰ শিল্পী পৰেশ ভূঞাই । বিশ্বৰ বিভিন্ন দেশত চিত্র প্ৰদৰ্শনী কৰি খ্যাতি অৰ্জন কৰা পৰেশ ভূঞাই শেহতীয়াকৈ কলম্বোত দুহাত ৰঙীন কৰি ৰঙৰ পোহাৰ মেলে ।

Portrait of Paresh Bhuyan on display at Colombo art exhibition
কলম্বোত ৰঙৰ পোহাৰ মেলিলে লখিমপুৰৰ শিল্পী পৰেশ ভূঞাই
কলম্বোত ৰঙৰ পোহাৰ মেলিলে লখিমপুৰৰ শিল্পী পৰেশ ভূঞাই

লখিমপুৰ,৯ ফ্ৰেব্ৰুৱাৰী: কলম্বোৰ আন্তঃৰাষ্ট্ৰীয় চিত্ৰ প্ৰদৰ্শনীত উজলিল অসমৰ চিত্ৰশিল্পীৰ ৰহণ । দেশে দেশে ৰঙৰ পোহাৰ মেলি আহিছে লখিমপুৰৰ চিত্রশিল্পী পৰেশ ভূঞাই । দুহাতত ৰং তুলিকা লৈ তেওঁ বিশ্বৰ প্ৰান্তে প্ৰান্তে ৰঙেৰে বিলাইছে মানুহ আৰু প্ৰকৃতিৰ জয়গান । ৰঙেৰে জীৱনটো সজাব খোজা শিল্পী পৰেশ ভূঞাই দেশক প্ৰতিনিধিত্ব কৰি বিশ্বৰ বিভিন্ন দেশত ৰঙৰ পোহাৰ মেলিছেগৈ ।

ভিয়েটনাম, ইজিপ্ট, মালদ্বীপ, নেপাল, বাংলাদেশ আদি বিভিন্ন দেশত চিত্র প্ৰদৰ্শনী কৰি খ্যাতি অৰ্জন কৰা পৰেশ ভূঞাই শেহতীয়াকৈ কলম্বোত ৰঙৰ পোহাৰ মেলে । শ্ৰীলংকাৰ কলম্বো চহৰৰ ইউনিভাৰ্চিটি অৱ ভিজুৱেল এণ্ড পাৰ্ফৰ্মিং আৰ্টছ আৰু ভাৰতীয় উচ্চায়ুক্তৰ কাৰ্যালয়ৰ স্বামী বিবেকানন্দ কালচাৰেল চেন্টাৰত অনুস্থিত আন্তঃৰাষ্ট্ৰীয় চিত্ৰ প্ৰদৰ্শনীত অসমৰ পৰেশ ভূঞাসহ আৰু এজন চিত্ৰশিল্পীৰ চিত্ৰকৰ্ম প্ৰদৰ্শিত হয় ।

গুৱাহাটীৰ চিত্রশিল্পী মিণ্টু ডেকাৰ লগতে অসমৰ পৰেশ ভূঞা চিত্ৰ প্ৰদৰ্শনীখনত প্ৰদৰ্শিত হয় । যোৱা ১ ফেব্ৰুৱাৰীৰ পৰা কলম্বোত চলি থকা 'DIFFERENT PALATE' শীৰ্ষক চিত্ৰ প্ৰদৰ্শনীখন উদ্বোধন কৰে কলম্বোৰ স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰৰ প্ৰথম সচিব ন্যাশনাল চিংলা আৰু স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰৰ সঞ্চালক অংকণ দত্তই । অসমৰ এই দুয়োগৰাকী চিত্ৰশিল্পীৰ লগতে ভাৰতবৰ্ষৰ মুঠ ১৪ গৰাকী শিল্পীৰ এক্ৰিলিক, পানী ৰং, তেলৰঙকে ধৰি বিভিন্ন মাধ্যমৰ ৩৫ খন শিল্পকৰ্ম প্ৰদৰ্শনীখনত প্ৰদৰ্শিত হয় ।

ভালেসংখ্যক শিল্পৰসিকৰ লগতে প্ৰদৰ্শনীখনত উপস্থিত আছিল ক্ৰমে ইউনিভাৰ্ছিটি অৱ ভিজুৱেল এণ্ড পাৰফৰ্মিং আৰ্টছ,কলম্বোৰ ডিন জগত ৰবীন্দ্ৰ , হিৰানহী ফাৰ্ণাণ্ডো আৰু কলম্বোৰ কাছা চেৰেণা আৰ্ট গেলাৰীৰ স্বত্তাধিকাৰ নিচানচালা কৰুণাৰত্নে ৰাজাপাক্স । চিত্ৰশিল্পী হিৰানহী ফাৰ্ণাণ্ডোৰ উদ্যোগত আৰু এছ এম ডি আৰ্ট ফাউণ্ডেচনৰ সহযোগত অনুস্থিত চিত্ৰপ্ৰদৰ্শনী খনৰ যোৱা ৬ ফেব্ৰুৱাৰীত সামৰণি পৰে ।

অসমৰ এছ এম ডি আৰ্ট ফাউণ্ডেচনৰ প্ৰতিস্থাপক চিত্ৰ শিল্পী মিণ্টু ডেকাই উদ্বোধনী অনুস্থানত উপস্থিত থকাসকলক আদৰণি জনোৱাৰ লগতে ধন্যবাদ সূচক মন্তব্য আগবঢ়াই । এনেদৰে বিশ্বৰ বিভিন্ন দেশত ৰঙৰ পোহাৰ মেলা শিল্পী পৰেশ ভূঞাই খেদ প্ৰকাশ কৰে ।

দেশক প্ৰতিনিধিত্ব কৰি দেশলৈ সুনাম কঢ়িয়াই আনিলেও চিত্রশিল্পী অথবা ভাস্কর্য শিল্পীসকলৰ প্ৰতি চৰকাৰৰ অৱহেলাৰ মনোভাৱ । চকুত পৰাকৈ প্ৰচাৰো নহয় এনে শিল্পীসকলৰ কাম-কাজৰ বতৰা । মনত এনে আক্ষেপ থাকিলেও তেওঁ কিন্তু থমকি ৰোৱা নাই । কাৰণ তেওঁ শিল্পী । দুহাতত তেওঁৰ ৰঙৰ বোল । এই ৰঙেৰে তেওঁ জীৱনটোক সজাব খোজে । দুহাত ৰঙীন কৰি বিশ্বত বিলাব খোজে মানৱতাৰ বাণী ।

লগতে পঢ়ক: সমাগত আলি আয়ে লৃগাং, ঐনিতমৰ সুৰত মতলীয়া মিচিং ডেকা-গাভৰু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.