ETV Bharat / state

কাবাডী খেলুৱৈ, এন চি চিৰ চি-চাৰ্টিফিকেট লাভ কৰা শ্যাম মৰাণৰ আৰ্তনাদ, সহায়ৰ আহ্বান - Deprived From Treatment

author img

By ETV Bharat Assamese Team

Published : May 13, 2024, 9:26 PM IST

Youth seeks help : ডুমডুমা মহাবিদ্যালয়ৰ পৰা এন চি চিৰ চি-চাৰ্টিফিকেট লাভ কৰা শ্যাম মৰাণৰ আৰ্তনাদ শুনিব কোনে ? এক পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ জীৱন-মৃত্যুৰে যুঁজি আছে আৰক্ষীত নিযুক্তিৰ বাবে অনুশীলন চলাই থকা শ্যাম মৰাণে । ধনৰ অভাৱত আধাতেই চিকিৎসা সামৰি ঘৰলৈ ঘূৰাই আনিবলৈ বাধ্য হ’ল শ্যামৰ দৰিদ্ৰ পৰিয়াল ।

URGED FINANCIAL ASSISTANCE
জীৱন-মৃত্যুৰে যুঁজি আছে আৰক্ষীত নিযুক্তিৰ বাবে অনুশীলন চলাই থকা শ্যাম মৰাণ (ETV BHARAT ASSAM)
শ্যাম মৰাণৰ আৰ্তনাদ শুনিব কোনে (ETV BHARAT ASSAM)

তিনিচুকীয়া, 13 মে’: তিনিচুকীয়া জিলাৰ ডুমডুমাত থকা হিন্দুস্তান ইউনিলিভাৰ ফেক্টৰীৰ সন্মুখত বিগত বৰ্ষৰ 9 নৱেম্বৰত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছিল ৷ তিনিচুকীয়াৰ পৰা বৰডুমচাৰ 1 নং মহং গাঁৱৰ ঘৰলৈ গৈ থকাৰ সময়তে শ্যাম মৰাণ এজন যুৱক মটৰ চাইকেল দুৰ্ঘটনাত পতিত হৈ গুৰুতৰভাৱে আহত হৈছিল ৷ আহত শ্যামক ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ ইতিমধ্যে যুৱকজনৰ 6 টাকৈ জটিল অস্ত্ৰোপচাৰ সম্পন্ন হৈছে যদিও আন দুটা অস্ত্ৰোপচাৰৰ বাবে চিকিৎসকে শ্যামক ৰাজ্যৰ বাহিৰলৈ যাবলৈ পৰামৰ্শ আগবঢ়াইছে ৷

এই কথাই এতিয়া বৰডুমচাৰ 1 নং মহং গাঁৱৰ শ্যাম মৰাণৰ দৰিদ্ৰ পৰিয়ালটোক চিন্তিত কৰি তুলিছে ৷ কাৰণ ইতিমধ্যেই শ্যামৰ চিকিৎসাৰ বাবে সাঁচতীয়া সমস্ত ধন শেষ হৈছে দৰিদ্ৰ পৰিয়ালটোৰ ৷ শ্যামক বহিঃৰাজ্যত চিকিৎসা কৰোৱাবৰ বাবে প্ৰয়োজন হ’ব বৃহৎ পৰিমাণৰ ধনৰ ৷ কিন্তু শ্যামক বহিঃৰাজ্যত নি চিকিৎসা কৰাব পৰাকৈ পৰিয়ালটোৰ হাতত নাই পৰ্যান্ত ধন ৷ ফলত আধাতেই চিকিৎসা সামৰি এতিয়া ঘৰলৈ লৈ অনা হৈছে শ্যামক ৷ যাৰ পৰিপেক্ষিতত এতিয়া ৰাইজৰ পৰা সহায় বিচাৰিছে শ্যামৰ দৰিদ্ৰ পৰিয়ালটোৱে ৷

শ্যামক কিঞ্চিত সহায় কৰিবলৈ 8811912510 ম’বাইল নম্বৰত যোগাযোগ কৰাৰ লগতে শ্যাম মৰাণৰ নামত থকা Indian Post Payment Bank ৰ Account Number: 006410031218 আৰু IFSC Code: IPOS0000001 ত সাহাৰ্য আগবঢ়াব পাৰে ৷ অন্যহাতে শ্যাম মৰাণৰ পিতৃ লংকেশ্বৰ মৰাণৰ নামত Punjab National Bankৰ বৰডুমচা শাখাত থকা Account Number: 2048201700011891 আৰু ISFC Code: PUNB0204820 তো সহায় আগবঢ়াব পাৰে ৷ উল্লেখযোগ্য যে, শ্যাম মৰাণে ডুমডুমা মহাবিদ্যালয়ৰ পৰা এন চি চিৰ চি-চাৰ্টিফিকেট লাভ কৰি আৰক্ষী বিভাগত নিযুক্তিৰ বাবে অনুশীলন চলাই আছিল ৷ ইফালে তিনিচুকীয়া জিলা কাবাডী দলৰো খেলুৱৈ আছিল শ্যাম ৷

লগতে পঢ়ক : আৰ্থিক দুৰৱস্থাৰ বাবে চিকিৎসাৰ পৰা বঞ্চিত কিশোৰ: বিচাৰিছে মুখ্যমন্ত্ৰীৰ সহায় - Deprived From Treatment

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.