ETV Bharat / state

আয়ুষ্মান আৰোগ্য মন্দিৰতেই চিকিৎসকৰ অভাৱ - Ayushman Arogya Mandir

author img

By ETV Bharat Assamese Team

Published : May 25, 2024, 10:10 PM IST

Poor health service: উন্নয়ন ! এজন চিকিৎসকৰে চলিছে ৩০ খন বিচনাযুক্ত চিকিৎসালয় ৷ ফলত চিকিৎসক, ঔষধৰ অভাৱত গাঁঠিৰ ধন ভাঙি ৰোগীসকল অন্য ঠাইলৈ চিকিৎসাৰ বাবে আহিবলগা হয় ৷ ক'ত আছে এই চিকিৎসালয়খন ।

Poor health service
আয়ুষ্মান আৰোগ্য মন্দিৰ (ETV BHARAT ASSAM)

জোনাই, ২৫ মে': বিজেপি নেতৃত্বাধীন চৰকাৰে বিভিন্ন ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠানৰ নাম সলনি কৰিলেও সলনি হোৱা নাই উন্নয়নৰ প্ৰকৃত ছবিখন । তেনে এক দৃশ্য প্ৰতিফলিত হৈছে ধেমাজি জিলাৰ জোনাইত । জোনাইৰ ৩০ খন বিচনাযুক্ত চিকিৎসালয়খনৰ নাম সলনি কৰি আয়ুষ্মান আৰোগ্য মন্দিৰ ৰাখিলে ঠিকেই, কিন্তু আজিও অতি শোচনীয়ভাৱে চলি আছে চিকিৎসালয়খন । জোনাইৰ ৩০ খন বিচনাযুক্ত চিকিৎসালয়ৰ পয়াঁলগা দৃশ্যই পুনৰবাৰ অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ ফোঁপোলা স্বৰূপ উদঙাইছে ।

এই চিকিৎসালয়খনত অতি কমেও বিভিন্ন বিভাগৰ ৰোগৰ ৯ গৰাকী চিকিৎসক থাকিব লাগে । কিন্তু আজি দীৰ্ঘদিনৰ পৰা মাত্ৰ চাৰিগৰাকী নিয়মীয়া চিকিৎসকৰ দ্বাৰা পৰিচালিত হৈ আছে চিকিৎসালয়খন । যাৰ ফলত ৰোগীয়ে ঘণ্টা ঘণ্টা ধৰি শাৰী পাতি ৰৈ থাকিবলগীয়া হয় । ফলত জোনাইৰ দৰে অতি পিচপৰা অঞ্চলত চিকিৎসকৰ অভাৱত বিভিন্ন সমস্যাত ভুগি আহিছে বহু ৰোগীয়ে । ইফালে, চিকিৎসকৰ উপৰি চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ অভাৱতো একেই পৰিস্থিতি সৃষ্টি হৈ আহিছে চিকিৎসালয়খনত । মাথো কেইগৰাকীমান চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰে কোনোমতে চলাব লগীয়া হোৱাত চিকিৎসালয়খনত বহু সমস্যাৰ সৃষ্টি হোৱা বুলি উল্লেখ কৰিছে চিকিৎসালয়খনৰ স্বয়ং চিকিৎসকে ।

এই চিকিৎসালয়খনত বিদ্যুৎ সংযোগ পৰ্যাপ্ত নোহোৱাৰ লগতে চিকিৎসালয় গৃহৰ বিভিন্ন ঠাইত টিনপাত ফুটি ৰোগীৰ কোঠালী সমূহত পানী সোমায় । ফলত যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱা বুলিও অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । সেয়েহে অতি শীঘ্ৰে চিকিৎসালয়খনত প্ৰতিটো বিভাগত পৰ্যাপ্ত চিকিৎসক আৰু কৰ্মচাৰী নিযুক্তিৰ লগতে চিকিৎসালয়খনত বিকল হৈ থকা বিদ্যুৎ তথা গৃহ পুনৰ মেৰামতিৰ বাবে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তক আহ্বান জনাইছে জোনাইৰ স্থানীয় ৰাইজে ।

লগতে পঢ়ক:চিকিৎসালয়ত নাই চিকিৎসক-ঔষধ: যমৰ যাতনা ভুগিছে জোনাইৰ সাধাৰণ ৰাইজে

Pathetic Condition Of Sub-Health Center: তিনিচুকীয়াত তথৈবচ অৱস্থাত উপ-স্বাস্থ্য কেন্দ্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.