ETV Bharat / state

চহা কৃষকৰ লগতে ৰাজনৈতিক নেতায়ো ৰক্ষা কৰিলে গৰু বিহুৰ পৰম্পৰা - Bohag Bihu

author img

By ETV Bharat Assamese Team

Published : Apr 13, 2024, 7:34 PM IST

GORU BIHU
চহা কৃষকৰ লগতে ৰাজনৈতিক নেতাও পালন কৰিলে গৰুবিহু

চহা কৃষকৰ উপৰিও মন্ত্ৰী-ৰাজনৈতিক নেতাও শনিবাৰে পালন কৰিলে গৰু বিহুৰ ৷ সম্পূৰ্ণ পৰম্পৰা ৰক্ষা কৰি গৰুবিহু পালন কৰা দেখা গ’ল ৰাজ্যৰ কেবাগৰাকীও ৰাজনৈতিক নেতাই ৷

চহা কৃষকৰ লগতে ৰাজনৈতিক নেতাও পালন কৰিলে গৰুবিহু

নিউজ ডেস্ক: ৰাজ্যবাসীয়ে আজি পালন কৰিলে গৰু বিহু ৷ চহা কৃষিজীৱী ৰাইজৰ লগতে নেতা-মন্ত্ৰীলৈকে সকলোৱে গৰুবিহুৰ পৰম্পৰা ৰক্ষা কৰা পৰিলক্ষিত হ’ল ৷

ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাকো পুৱাই দেখা গ’ল মাহ-হালধিৰে কমলপুৰস্থিত নিজা বাসগৃহৰ গৰুকেইটাক গা ধুওৱা পৰিলক্ষিত হ’ল ৷ সম্পূৰ্ণ পৰম্পৰা ৰক্ষা কৰি বিজেপি নেতাগৰাকীয়ে পালন কৰিলে গৰু বিহু ৷

মন্ত্ৰী অতুল বৰাকো দেখা গ’ল মাহ-হালধি সানি গৰুক গা ধুওৱা ৷ গোলাঘাটৰ নিজা গাঁৱত মন্ত্ৰীগৰাকীয়ে গাঁওবাসীৰ সৈতে উলহ-মালহেৰে গৰুবিহুৰ পৰম্পৰা ৰক্ষা কৰে ৷

ইফালে যুৱনেতা তথা অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈকো দেখা গ’ল ডিব্ৰুগড়ৰ ম’হপোৱালীমৰা গাঁৱত সম্পূৰ্ণ ৰীতিনীতিৰে গৰুক গা ধুৱাই ছাটৰ লাউ-বেঙেনা চটিয়াই গৰুবিহু পালন কৰিলে ৷ গাঁওবাসীৰ লগত একেলগে দেখা গ’ল যুৱনেতাগৰাকীক ৷

মৰিগাঁৱৰ বিভিন্ন বিল, জান, জুৰি, জলাশয় আদিত পৰম্পৰাগতভাৱে মাহ-হালধি সানি গৰুক গা ধুওৱা পৰিলক্ষিত হয় ৷ চাৰণ বিলৰ পাৰত স্থানীয় ঔজাৰি গাঁৱৰ চহাসকলে পৰম্পৰাগত সাজত ওলাই আহি ৰক্ষা কৰিলে গৰুবিহুৰ পৰম্পৰা । গালে বিভিন্ন বিহুনাম, বিহুগীত ।

বঙাইগাঁৱতো অনুৰূপ দৃশ্য ৷ বইটামাৰীৰ বেছিমাৰীত উলহ-মালহেৰে পালন কৰা হ’ল গৰু বিহু ৷ ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে বঙাইগাঁও জিলাৰ বইটামাৰীৰ বেছিমাৰীতো উলহ মালহেৰে পালন গৰু বিহু ৷ পুৱাই ঘৰে ঘৰে পৰম্পৰা ৰক্ষা কৰি বেছিমাৰীৰ ৰাইজে টুনি নৈৰ বাকৰীত গৰুক গা ধুৱাই গৰু বিহু পালন কৰে । গৰুক গা ধুওৱাৰ পিচতেই কোচ ৰাজবংশী লোকনৃত্যৰে আনন্দ উল্লাস কৰি বিষুৱা/ গৰু বিহু পালন কৰে বেছিমাৰীবাসী ৰাইজে ।

বৰপেটাৰ নিকটৱৰ্তী মাধৱ নগৰৰ বঙালী সম্প্ৰদায়ৰ লোকসকলে উৎসাহ-উদ্দীপনাৰে গৰু বিহু পালন কৰে । হিন্দু জাগৰণ মঞ্চ বৰপেটাৰ উদ্যোগত বিগত বছৰসমূহৰ দৰে এইবাৰো মাধৱ নগৰত গৰু বিহুৰ আয়োজন কৰা হয় । অঞ্চলটোৰ গাৰে বৈ যোৱা চাউলখোৱা নদীৰ পাৰত আয়োজিত বিহুৰ কাৰ্যসূচীত স্থানীয় লোকসকলে অসমীয়াৰ পৰম্পৰাগত নীতি-নিয়মেৰে গৰু বিহু পালন কৰে ।

ইফালে ৰঙালী বিহুৰ শুভেচ্ছা জনায় ৰাজ্যৰ স্বাস্থ্য, পৰিয়াল কল্যাণ, স্বাস্থ্য শিক্ষা তথা বিজ্ঞান আৰু প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্তই । কলিয়াবৰ বিধানসভা সমষ্টিৰ বিধায়ক মন্ত্ৰীগৰাকীয়ে ৰঙালী বিহুৰ শুভেচ্ছা জনোৱাৰ লগতে আহিবলগা নতুন বছৰটোত অসমবাসীৰ সুখ-সমৃদ্ধি বৃদ্ধিৰ কামনা কৰে ।

লগতে পঢ়ক: কপৌ-কেতেকীৰ গোন্ধে আমোলমোলাইছে টংকেশ্বৰ দলৈৰ বাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.