ETV Bharat / state

কপৌ-কেতেকীৰ গোন্ধে আমোলমোলাইছে টংকেশ্বৰ দলৈৰ বাৰী - Bohag Bihu

author img

By ETV Bharat Assamese Team

Published : Apr 13, 2024, 6:05 PM IST

ORCHIDS IN DHEMAJI
কপৌ-কেতেকীৰ গোন্ধেআমোলমোলাইছে টংকেশ্বৰ দলৈৰ বাৰী

ব’হাগ বাৰুকৈয়ে ফুলিছে অৰ্কিডমেনৰ বাৰীত ৷ নাচনীৰ নেঘেৰী খোপা শুৱনি কৰিবলৈ সাজু বিশেষ বাৰীখন ৷ ব’হাগ বুলিলেই কাষৰীয়াৰ মনলৈ আহে চিনাকী বাৰীখন ৷

কপৌ-কেতেকীৰ গোন্ধেআমোলমোলাইছে টংকেশ্বৰ দলৈৰ বাৰী

ধেমাজি, 13 এপ্ৰিল: আকৌ আহিল হেঁপাহৰ ব’হাগ ৷ ব’হাগৰ বতাহত কঁপিছে ন-কুঁহিপাত ৷ ঢোল-পেঁপা, গগনাই কওক অথবা ঢেঁকীয়েই হওক, কেউফালে গা-মন ৰাইজাই কৰা শবদ ৷ তথাপিও জানো বসন্তৰ চিনাকি কপৌফুলপাহিৰ অবিহনে সম্পূৰ্ণ হ’ব ব’হাগ ! ৰঙালী বিহু বুলিলেই অসমীয়াৰ চকুত ভাঁহি থকা কপৌপাহি এসময়ত অসমীয়াৰ চোতালে-বাৰীয়ে দেখা গৈছিল ৷ কিন্তু পৰিৱৰ্তনৰ ধামখুমীয়াত সেই দৃশ্য এতিয়া দুৰ্লভ ৷ কিন্তু চিন্তা কৰিব নালাগে ৷ আপোনাকো যদি লাগে এই ব’হাগত গোটাচেৰেক কপৌফুল, তেন্তে আপুনিও আহিব পাৰে ধেমাজিৰ টংকেশ্বৰ দলৈৰ বাৰীখনলৈ ৷ টংকেশ্বৰ দলৈৰ বাৰীখনত সংৰক্ষিত হৈ আছে অসমীয়া মনটোৰ লগত সংপৃক্ত হৈ থকা এই বিশেষ অৰ্কিডবিধ ৷ জানি আচৰিত হ’ব যে প্ৰায় ১৩০ টা বিভিন্ন প্ৰজাতিৰ কপৌফুল সংৰক্ষণ কৰিছে বিশেষ ব্যক্তিজনে ৷

ধেমাজি নগৰৰ নলনিপাম গাঁৱৰ অৰ্কিডৰ সংৰক্ষক, খেতিয়ক টংকেশ্বৰ দলৈৰ বাৰীত এতিয়া যেন কপৌ-কেতেকীৰ মেলাহে বহিছে ! এই মেলা দেখি সঁচাকৈয়ে আপুনিও আপ্লুত হ’ব ৷ প্ৰতিজোপা তামোল গছত ৰোপণ কৰা থলুৱা প্ৰজাতিৰ কপৌ ফুলৰ উপৰিও মাটিত ফুলা কপৌ , অন্যজাতৰ হালধীয়া, বেঙুনীয়া আৰু বিলুপ্তপ্ৰায় বগা কপৌ আদিৰে বাৰীখন জকমকাই আছে ৷ ১৯৮২ চনৰ পৰা নিৰৱচ্ছিন্নভাৱে এই প্ৰশংসনীয় কামটো কৰি আহিছে দলৈয়ে ৷ এই কামত তেওঁক সহায়ৰ হাত আগবঢ়াই আহিছে পত্নীয়ে ৷

ব’হাগ মাহত কেৱল কপৌফুল নাচনীক বিক্ৰী কৰিয়ে প্ৰায় দহ হাজাৰৰো অধিক টকা অৰ্জন কৰে পৰিয়ালটোৱে ৷ ধেমাজি জিলাৰ নাচনীৰ উপৰিও লখিমপুৰ ,শিৱসাগৰৰ লগতে আন জিলাৰ বিহুৱতীয়েও দলৈৰ বাৰীৰ পৰা লৈ যায় কপৌফুল ৷ এয়াই সুখ টংকেশ্বৰ দলৈৰ ৷ ওৰেটো বছৰ নহ’লেও ব’হাগৰ দিনকেইটাতেই যেন মান্যতা পায় তেওঁৰ এই কৰ্মই ৷

লগতে পঢ়ক: কংক্ৰিটৰ মহানগৰীতো পাব পাৰে থলুৱা খাদ্যৰ সোৱাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.