ETV Bharat / state

কংক্ৰিটৰ মহানগৰীতো পাব পাৰে থলুৱা খাদ্যৰ সোৱাদ - Indigenous Food In Thalgiri

author img

By ETV Bharat Assamese Team

Published : Apr 9, 2024, 7:42 PM IST

Traditional food in Guwahati: অসমীয়াৰ পৰম্পৰাগত খাদ্য জলপান, পিঠা, লাড়ু পোৱা এখন বিশেষ বিপণি । প্ৰতিদিনে দেশ-বিদেশৰ পৰ্যটকে সোৱাদ লয় অসমীয়া পৰম্পৰাগত খাদ্যৰ । সাংবাদিকতা বৃত্তি এৰি মনোৰম গগৈ আৰু তেখেতৰ পত্নী লেখিকা মনালিছা শইকীয়াৰ প্ৰচেষ্টাত মহানগৰীৰ মাজমজিয়াৰ লতাশিলত গঢ় লৈছে থলুৱা খাদ্যৰ বিপণি থলগিৰি ।

Indigenous food available at 'Thalgiri' outlet in Guwahati
কংক্ৰিটৰ মহানগৰীতো পাব পাৰে থলুৱা খাদ্যৰ সোৱাদ

কংক্ৰিটৰ মহানগৰীতো পাব পাৰে থলুৱা খাদ্যৰ সোৱাদ

গুৱাহাটী,৯ এপ্ৰিল: ক্ৰমাৎ যেন হেৰাই গৈছে থলুৱা খাদ্যৰ সমাদৰ । পশ্চিমীয়া খাদ্য সম্ভাৰৰ প্ৰতি যুৱ-প্ৰজন্ম আকৰ্ষিত হোৱা পৰিলক্ষিত হৈছে । ইয়াৰ মাজতো একাংশই বিচাৰি ফুৰে থলুৱা খাদ্যৰ সোৱাদ । যি মহানগৰীত দুৰ্লভ বুলি ক'লেও ভুল কোৱা নহ'ব । কংক্ৰিটৰ মহানগৰীত ব্যতিক্ৰমী এখন বিপণি । য'ত পোৱা যায় অসমীয়া থলুৱা খাদ্য সম্ভাৰ । অসমীয়াৰ পৰম্পৰাগত খাদ্য জলপান, পিঠা, লাড়ুৰ পৰা মাছৰ টেঙা, হাঁহৰ মাংস, খাৰলি, কাহুদি, খৰিচালৈকে সকলো সামগ্ৰী উপলব্ধ এই বিপণিখনত । প্ৰতিদিনে দেশ-বিদেশৰ পৰ্যটকে অসমীয়া খাদ্যৰ সোৱাদ লয় ।

পুৱাৰে পৰা নিশালৈ অসমীয়া পৰম্পৰাগত খাদ্যৰ সোৱাদ ল'বলৈ আহে খাদ্যৰসিকসকলে । 'পথাৰো আমাৰ বজাৰো আমাৰ' এই কথাষাৰকে সৰোগত কৰি সাংবাদিকতা বৃত্তি এৰি মনোৰম গগৈ আৰু তেখেতৰ পত্নী লেখিকা মনালিছা শইকীয়াৰ প্ৰচেষ্টাত মহানগৰীৰ মাজমজিয়াৰ লতাশিলত জন্ম হৈছিল 'থলগিৰি' নামৰ এই বিশেষ বিপণিখন ।

২০১৮ ৰ চনত জন্ম হোৱা এই ব্যতিক্ৰমী বিপণিখনত উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লাড়ু, পিঠা, দৈ , চিৰা, হুৰুম, কোমল চাউল, গুৰ, জলপান আদিকে ধৰি কেইবা প্ৰকাৰৰ থলুৱা চাউল, দাইল, জনগোষ্ঠীয় বস্ত্ৰ আদি পোৱা যায় । মনোৰম গগৈয়ে ই টিভি ভাৰতৰ আগত কয় , থলগিৰিৰ লগত প্ৰত্যক্ষ-পৰোক্ষভাৱে প্ৰায় এহেজাৰ পৰিয়াল জড়িত হৈ আছে ।

অসমৰ প্ৰতিখন জিলাৰ পৰা আহে সামগ্ৰীবোৰ । পৰৱৰ্তী সময়লৈ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যৰে থলুৱা সামগ্ৰী ৰখাৰ পৰিকল্পনা আছে । বৰ্তমান নাগালেণ্ডৰ চাৰিবিধমান চাউল পোৱা যায় । বিহু উপলক্ষে সম্পূৰ্ণ প্ৰস্তুতি চলিছে থলগিৰিত । লাড়ু, পিঠাৰ পৰা জলপানলৈ যোগাৰ কৰিছে থলগিৰিত ।

দেশ-বিদেশৰ পৰা অহা পৰ্যটকসকলে জলপানৰ পৰা আৰম্ভ কৰি থলুৱা মাছ-মাংস আৰু হাঁহৰ মাংস বিচাৰে বুলি জনাই থলগিৰিৰ স্বত্বাধিকাৰী মনোৰম গগৈয়ে । বজাৰত বৰ্তমান বিভিন্ন খাদ্য সামগ্ৰীৰ পয়ভোৰ ঘটিছে । তাৰ মাজতে নৱপ্ৰজন্মক কিদৰে অসমীয়া পৰম্পৰাগত খাদ্যৰ প্ৰতি আকৰ্ষিত কৰিব পাৰো তাৰ বাবে প্ৰয়াস কৰা হৈছে ।

লগতে পঢ়ক: দখলা অগ্ৰগামী ছিষ্টাৰ মিউজিক বেণ্ডপাৰ্টীৰে মনোৰঞ্জন দিছে এদল ছাত্ৰীয়ে - Viral Girl Band Party

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.