ETV Bharat / state

ডকাইতৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ ব্যাপক অভিযান

author img

By ETV Bharat Assamese Team

Published : Feb 6, 2024, 11:41 AM IST

Robbery in Nagaon : ডকাইতৰ বিৰুদ্ধে ব্যাপক অভিযান নগাঁও আৰক্ষীৰ । অভিযানত নগাঁও আৰক্ষীৰ সফলতা । ডকাইতি, বাহন অপহৰণত জড়িত কেবাটাও ডকাইত পৰিছে নগাঁও আৰক্ষীৰ জালত । উদ্ধাৰ বাহন, নগদ ধন । নৱ বিবাহিত দম্পতিক আক্ৰমণ কৰি ধন লুটি নিয়া ডকাইতৰ দলকো আটক আৰক্ষীৰ ।

nagaon
ডকাইতৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ ব্যাপক অভিযান

নগাঁও, 6 ফেব্ৰুৱাৰী : ৰাষ্ট্ৰীয় ঘাইপথত ডকাইতি, বাহন অপহৰণেৰে মধ্য অসমত একপ্ৰকাৰ ত্ৰাসৰ সৃষ্টি কৰা কুখ্যাত ডকাইতৰ দুটাকৈ দলক শেহতীয়াকৈ জালত পেলাবলৈ সক্ষম হৈছে নগাঁও আৰক্ষীয়ে । নগাঁৱৰ আৰক্ষী অধীক্ষক নৱনীত মহন্তৰ নেতৃত্বৰ নগাঁও আৰক্ষীয়ে এইবাৰ কঠোৰ হোৱা পৰিলক্ষিত হৈছে ডকাইতৰ বিৰুদ্ধে । ডকাইতৰ বিৰুদ্ধে আৰম্ভ কৰা ধাৰাবাহিক অভিযানত জালত পেলাবলৈ সক্ষম হৈছে কুখ্যাত ডকাইতক ।

উল্লেখযোগ্য যে, বিগত জানুৱাৰী মাহত নগাঁৱৰ মিছা আমনিৰ ৰাষ্ট্ৰীয় ঘাইপথত এটা নৱ বিবাহিত দম্পতিক আক্ৰমণ চলাই এক লোমহৰ্ষক ডকাইতি সংঘটিত কৰিছিল এটা কুখ্যাত ডকাইতৰ দলে । দম্পতিটোৰ পৰা লুটি নিছিল নগদ ধনৰ লগতে আ-অলংকাৰ । ঘটনা সন্দৰ্ভত নগাঁৱৰ চামগুৰি আৰক্ষী থানাত ৰুজু হৈছিল এটা গোচৰ ।

চামগুৰি আৰক্ষী থানাত 36/24 নম্বৰত ভাৰতীয় দণ্ডবিধিৰ 341/427/326/307/392/34 ধাৰাৰ অধীনত আৰক্ষীয়ে গোচৰ ৰুজু কৰি আৰম্ভ কৰিছিল অনুসন্ধান । অৱশেষত নগাঁও আৰক্ষী অধীক্ষক নৱনীত মহন্তৰ কঠোৰ নিৰ্দেশৰ পিচতেই ডকাইতৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ লগতে তৎপৰ হৈ পৰে চামগুৰি আৰক্ষী ।

সোমবাৰে এই ডকাইতি কাণ্ডৰ সৈতে জড়িত ব্যক্তিৰ সন্ধানত এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত অভিযান চলাই নগাঁও আৰু চামগুৰি আৰক্ষীৰ এটা দলে চামগুৰিৰ খাটোৱালৰ পৰা দুটাকৈ কুখ্যাত ডকাইতক আটক কৰিবলৈ সক্ষম হয় । ধৃত ডকাইত দুটা হৈছে ৰূপহীহাটৰ বৰঘাটৰ বাহাৰুল ইছলাম আৰু চামগুৰি কনুৱামাৰীৰ মোজ্জাম্মিল হুছেইন ।

ধৃত দুয়োটা ডকাইতকে সোমবাৰে বিয়লি নগাঁও আদালতত হাজিৰ কৰোৱা হয় যদিও অধিক তথ্যৰ বাবে পুনৰ আৰক্ষীয়ে নিজৰ জিম্মাত লোৱা বুলি জানিব পৰা গৈছে । সম্প্ৰতি দুয়োটা ডকাইতকে মাৰাথান জেৰা অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে । ইপিনে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বাণিজ্যিক বাহন অপহৰণ কৰা ঘটনাৰ সৈতে জড়িত আন তিনিটাকৈ ডকাইতকো আটক কৰিবলৈ সক্ষম হৈছে নগাঁও আৰক্ষী ।

নগাঁও আৰক্ষীয়ে মাহমুদ হুছেইন, ছাইফুল ইছলাম আৰু পাপু বৰা নামৰ তিনিটাকৈ ডকাইতক আটক কৰাৰ লগতে আন কেবাটাও ডকাইতৰ সন্ধানত অভিযান অব্যাহত ৰখা বুলিও জানিব পৰা গৈছে । ধৃত এই তিনি কুখ্যাত অপৰাধীকো আদালতত হাজিৰ কৰোৱাৰ অন্তত পুনৰ আৰক্ষীৰ জিম্মাত লৈ অব্যাহত ৰাখিছে মাৰাথন জেৰা । ধৃত এই তিনি অপৰাধীৰ পৰা আৰক্ষীয়ে এখন বাহনৰ লগতে নগদ 1 লাখ 80 হাজাৰ টকাও জব্দ কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক : আঠমঙলা খাই ওভতাৰ পথত দুৰ্বৃত্তই প্ৰহাৰ কৰিলে নৱ বিবাহিত দম্পত্তিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.