ETV Bharat / state

আজি গেইলৰ বাৰাউনী-গুৱাহাটী প্ৰাকৃতিক গেছ পাইপলাইন উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

গেইলৰ বাৰাউনী-গুৱাহাটী প্ৰাকৃতিক গেছ পাইপলাইন আজি উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ ইয়াৰ পিচতে 10.30 বজাত ইটানগৰলৈ ৰাওনা হ’ব মোদী ৷

PM Modi to inaugurate Barauni Guwahati Natural Gas Pipeline on Saturday
গেইলৰ বৰাউনী-গুৱাহাটী প্ৰাকৃতিক গেছ পাইপলাইন উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে
author img

By ETV Bharat Assamese Team

Published : March 9, 2024 at 7:43 AM IST

2 Min Read
Choose ETV Bharat
গেইলৰ বৰাউনী-গুৱাহাটী প্ৰাকৃতিক গেছ পাইপলাইন উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

গুৱাহাটী, 8 মাৰ্চ: ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলক সংযোগ কৰা এক মাইলৰ খুঁটি প্ৰকল্প বাৰাউনী-গুৱাহাটী প্ৰাকৃতিক গেছ পাইপলাইন শনিবাৰে উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীগৰাকীৰ লগতে অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া, অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ আৰু আয়ুষ বিভাগৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ তথা গৃহ আৰু গৃহ নিৰ্মাণ, নগৰ পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী হৰদীপ সিং পুৰী, কেন্দ্ৰীয় পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ, শ্ৰম তথা নিয়োগ দপ্তৰৰ ৰাজ্যিক ৰামেশ্বৰ তেলী উপস্থিত থাকিব বুলি জানিব পৰা গৈছে ।

শনিবাৰে মহানগৰীৰ হোটেল ভিভান্তাত অনুষ্ঠিত এক সংবাদমেলত এই কথা সদৰী কৰে GAILৰ কাৰ্যবাহী সঞ্চালক এ কে ত্ৰিপাঠীয়ে । সংবাদমেলত বিষয়াগৰাকীয়ে কয়, "বিহাৰ, পশ্চিমবংগ আৰু অসম ৰাজ্যৰ মাজেৰে পাৰ হৈ যোৱা 718 কিলোমিটাৰ দৈৰ্ঘৰ বিজিপিএল (Barauni-Guwahati Natural Gas Pipeline) পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰণালয়ে 3992 কোটি টকাৰ বিনিয়োগেৰে স্থাপন কৰিছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

বিজিপিএল বিহাৰৰ ছখন জিলা, পশ্চিমবংগৰ 5 খন জিলা আৰু অসমৰ 9 খন জিলা কোকৰাঝাৰ, চিৰাং, বৰপেটা, বাক্সা, নলবাৰী, কামৰূপ, দৰং, বঙাইগাঁও আৰু কামৰূপ মহানগৰৰ মাজেৰে পাৰ হৈ গৈছে । 24 ইঞ্চি ব্যাসৰ পাইপলাইনত প্ৰায় 2.5 MMSCMD প্ৰাকৃতিক গেছ পৰিবহণৰ ক্ষমতা আছে । এই প্ৰকল্পটোৱে অঞ্চলটোৰ ঘৰুৱা পৰিয়াল, উদ্যোগ, বাণিজ্যিক খণ্ড আৰু অটোমোবাইল খণ্ডলৈ পৰিৱেশ অনুকূল আৰু খৰচ কম প্ৰাকৃতিক গেছ যোগান ধৰাৰ বাবে গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিৰ সৃষ্টি কৰিব । যাৰ ফলত অধিক বিনিয়োগ আৰু নিয়োগ সৃষ্টি হ’ব বুলিও বিষয়াগৰাকীয়ে সংবাদমেলত জানিবলৈ দিয়ে ।

উল্লেখ্য যে, 8 মাৰ্চত অসমলৈ অহা প্ৰধানমন্ত্ৰীয়ে শনিবাৰৰ পুৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰাৰ পিচত পুৱা 10.30 বজাত ইটানগৰত উপস্থিত হৈ ‘বিকশিত ভাৰত বিকশিত নৰ্থ ইষ্ট’ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব, য’ত তেওঁ ছেলা সুৰংগ দেশৰ বাবে উৎসৰ্গা কৰিব আৰু প্ৰায় 10 হাজাৰ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক আঁচনি মুকলি কৰিব ৷ তেওঁ দুপৰীয়া প্ৰায় 12.15 বজাত যোৰহাটত উপস্থিত হৈ অসমীয়াৰ শৌৰ্য বীৰ্যৰ প্ৰতীক বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি উন্মোচন কৰাৰ লগতে প্ৰায় 17.500 কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিল স্থাপন আৰু উন্মোচন কৰিব । তাৰ পিছত পশ্চিমবংগলৈ ৰাওনা হ’ব প্ৰধানমন্ত্ৰী ৷

লগতে পঢ়ক: ৰ’ড শ্ব’ৰে কাজিৰঙাত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী