ETV Bharat / state

চাহ বাগিচাৰ সৌন্দৰ্য উপভোগ কৰি আপ্লুত মোদী

author img

By ETV Bharat Assamese Team

Published : Mar 9, 2024, 6:11 PM IST

PM Modi spends time at tea garden in Assam
চাহ বাগিচাৰ সৌন্দৰ্য উপভোগ কৰি আপ্লুত মোদী

PM Modi In Assam: দুদিনীয়া অসম ভ্ৰমণকালত শনিবাৰে চাহ বাগিচাৰ সৌন্দৰ্য উপভোগ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । শনিবাৰে পুৱাই কাজিৰঙাৰ সমীপৰ হাতীখুলি চাহ বাগিচাৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰে প্ৰধানমন্ত্ৰীয়ে । সৌন্দৰ্য উপভোগ কৰি সামাজিক মাধ্যম X ত কৰিলে এক বিশেষ প'ষ্ট ।

তেজপুৰ,৯ মাৰ্চ: দুদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হোৱা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উপভোগ কৰে চাহ বাগিচাৰ সৌন্দৰ্য । শনিবাৰে পুৱাই কাজিৰঙাৰ সমীপৰ হাতীখুলি চাহ বাগিচাৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰে । চাহ বাগিচাৰ কেঁচাপাত হাতেৰে স্পৰ্শ কৰি তেওঁ সামাজিক মাধ্যম X ত শ্বেয়াৰ কৰে এটা প'ষ্ট । যাক লৈ সৃষ্টি হৈছে ব্যাপক চৰ্চাৰ ।

PM Modi spends time at tea garden in Assam
চাহ বাগিচাৰ কেঁচা পাত হাতেৰে স্পৰ্শ কৰিলে প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰীগৰাকীয়ে X ত লিখে যে, "অসম চাহ বাগিচাৰ বাবে জনাজাত আৰু অসম চাহে সমগ্ৰ বিশ্বতে এক স্থান লাভ কৰিছে । মই চাহ বাগিচাৰ চাহ জনজাতিৰ লোকসকলক প্ৰশংসা কৰিব বিচাৰো, যিয়ে কঠোৰ পৰিশ্ৰম কৰি সমগ্ৰ বিশ্বতে অসমৰ সন্মান বৃদ্ধি কৰিছে । মই অসম ভ্ৰমণলৈ অহা লোকসকলক চাহ বাগিচাসমূহ পৰিদৰ্শন কৰিবলৈ আহ্বান জনাও ।"

এই বিশেষ প'ষ্টটো শ্বেয়াৰ কৰাৰ পিচতেই বহুজনে চৰ্চা কৰা পৰিলক্ষিত হৈছে । বিভিন্নজনে লোকসভা নিৰ্বাচনৰ প্ৰাকঃক্ষণত দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে চাহ বাগিচাৰ লোকসকলক আকৰ্ষিত কৰিবলৈ চেষ্টা কৰিছে নেকি বুলিও প্ৰশ্ন উত্থাপন কৰিছে । পিছে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কাজিৰঙা লোকসভা সমষ্টিৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই ।

PM Modi spends time at tea garden in Assam
চাহ বাগিচাৰ সৌন্দৰ্য উপভোগ কৰে প্ৰধানমন্ত্ৰী

তেওঁ কয় যে, এয়া কোনো উদ্দেশ্যপ্ৰণোদিত প'ষ্ট নহয় । প্ৰধানমন্ত্ৰীগৰাকীয়ে অসমৰ চাহৰ বিষয়ে শুনি আহিছে আৰু সেয়ে তেওঁ ওচৰতে থকা বাবে হাতীখুলি চাহ বাগিচাত ক্ষন্তেক সময়ৰ বাবে পৰিদৰ্শন কৰে । লগতে তেওঁ কয় যে, ই কোনো নিৰ্বাচনকেন্দ্ৰিক প'ষ্ট নহয় । অৱশ্যে চাহ বাগিচাৰ লোকসকলৰ মাজত বৰ্তমান সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক বিশেষ গুৰুত্ব লাভ কৰা পৰিলক্ষিত হৈছে । মন কৰিবলগীয়া যে, পূৰ্বতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ বিশেষ বাৰ্তালাপত "চাই পে চর্চা" বুলি এক অনুষ্ঠানৰে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল ।

PM Modi spends time at tea garden in Assam
চাহ বাগিচাৰ সৌন্দৰ্য উপভোগ কৰি আপ্লুত মোদী

উল্লেখ্য যে, অসমৰ চাহ বাগিচা ২০০ বছৰীয়া ইতিহাসেৰে প্ৰসিদ্ধ । বৰ্তমান অসমত প্ৰায় ৭৮০ খন বৃহৎ চাহ বাগিচা আছে আৰু বছৰি ৭০০ মিলিয়ন কিঃগ্ৰাঃ চাহপাত উৎপাদন কৰে । ইয়াৰ উপৰিও ক্ষুদ্ৰ চাহ বাগিচাও যথেষ্ট পৰিমাণে আছে অসমত । অসম চৰকাৰৰ মালিকানাধীন অসম চাহ নিগম আৰু ইয়াৰে অধিকাংশই চিনামৰাকে ধৰি ৪ খনৰ বাদে ৩৫ বছৰৰ বাবে ব্যক্তিগত পক্ষক লীজত দিয়া হৈছে ।

ৰাজ্য চৰকাৰে ইয়াৰ পৰা ৰাজহ মূলতঃ GST ৰ ৰূপত লাভ কৰি আহিছে । লগতে ৰাজ্য চৰকাৰে চাহ বাগিচাৰ মাটিৰ পৰাও ৰাজহ লাভ কৰে । সেউজীয়া পাত আৰু কৃষি ভূমি আয়কৰ ৰেহাই দিছে ৰাজ্য চৰকাৰে । ২০২৩ বৰ্ষত (এপ্ৰিলৰ পৰা আগষ্ট) লৈ অসম চিটিচি চাহৰ গড় নিলাম, প্ৰতি কেজিত ২২০.৫৯ টকা আনহাতে ২০২২ চনত (এপ্ৰিলৰ পৰা আগষ্টলৈ), প্ৰতি কেজিত ২২৯.৯৭ টকা লাভ কৰে । বৰ্তমান অসমৰ চাহে বিশ্বতে এক উল্লেখনীয় অৱদান আগবঢ়াই আহিছে । অসমৰ চাহ বহু বিদেশী ৰাষ্ট্ৰলৈ ৰপ্তানি কৰা হয় আৰু বুজন পৰিমাণে লাভালাভ হৈছে ।

লগতে পঢ়ক: অভিলেখ সৃষ্টিৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ৫,৫৫,৫৫৫ পৰিয়ালৰ একেলগে গৃহ প্ৰৱেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.