ETV Bharat / state

গজৰাজক খাদ্য খুৱাই আনন্দিত প্ৰধানমন্ত্ৰী মোদী

author img

By ETV Bharat Assamese Team

Published : Mar 9, 2024, 3:24 PM IST

Modi fed Sugarcane to elephants : কাজিৰঙাত গজৰাজক খাদ্য খুৱালে মোদীয়ে ৷ গজৰাজক খাদ্য খুৱাই প্ৰধানমন্ত্ৰীয়ে X যোগে শ্বেয়াৰ কৰে কেবাখনো ফটো ৷

Modi fed Sugarcane to elephants
লক্ষীমাই, প্ৰদ্যুম্ন আৰু ফুলমাইক খাদ্য খোৱাই আনন্দিত মোদী

কাজিৰঙা, ৯ মাৰ্চ : লক্ষীমাই, প্ৰদ্যুম্ন আৰু ফুলমাইক পুৱাই সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ কেৱল সাক্ষাৎ কৰাই নহয়, প্ৰধানমন্ত্ৰী মোদীয়ে লক্ষীমাই, প্ৰদ্যুম্ন আৰু ফুলমাইক খাদ্যও খুৱালে ৷ পিছে লক্ষীমাই, প্ৰদ্যুম্ন আৰু ফুলমাই বাৰু কোন জানেনে ?

Modi's day out in Kaziranga
গজৰাজৰ সৈতে মোদী

আমি উল্লেখ কৰা এই লক্ষীমাই, প্ৰদ্যুম্ন আৰু ফুলমাই হৈছে বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙাত থকা গজকেইটা ৷ শনিবাৰে পুৱা বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙাত গজৰাজক খাদ্য খুৱাই প্ৰধানমন্ত্ৰী মোদীয়ে X যোগে শ্বেয়াৰ কৰে কেবাখনো ফটো ৷

উল্লেখ্য যে, কাজিৰঙাৰ কঁহৰাস্থিত আৰক্ষীৰ অতিথিশালাত দেশৰ প্ৰধানমন্ত্ৰীয়ে শুক্ৰবাৰে নিশাটো কটাই শনিবাৰে পুৱা প্ৰায় ৫:৪৫ বজাত ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰে ৷ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে কঁহৰাৰ মিহিমুখলৈ যায় প্ৰধানমন্ত্ৰী মোদী ৷

তাৰ পৰাই বন বিভাগৰ প্ৰদ্যুম্ন নামৰ এটা হাতীৰ পিঠিত উঠি উদ্যান পৰিভ্ৰমণ কৰে মোদীয়ে ৷ হাতীৰ পিঠিত উঠি ৰাষ্ট্ৰীয় উদ্যানৰ নৈসৰ্গিক পৰিৱেশ উপভোগ কৰাৰ লগতে জীপ ছাফাৰীও কৰে মোদীয়ে ৷ প্ৰায় আঢ়ৈ ঘণ্টা উদ্যানতে কটাই কাজিৰঙা চফৰ সামৰে প্ৰধানমন্ত্ৰীয়ে ৷

ইতিমধ্যে সকলোৰে জ্ঞাত যে, কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে শুক্ৰবাৰে ৰোড শ্ব’ কৰি পাণবাৰীৰ পৰা ১৬ কিঃ মিঃ আঁতৰৰ কঁহৰালৈ অগ্ৰসৰ হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ ইফালে দেশৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ পাণবাৰীৰ পৰা কঁহৰা পৰ্যন্ত প্ৰায় ১৬ কিঃ মিঃ দৈৰ্ঘৰ ৩৭ নং ঘাই পথচোৱাৰ কাষত পূৰ্বৰে পৰা সাজু হৈ থকা অসমৰ বাৰেৰহণীয়া ৩৬ টা সাংস্কৃতিক দলে নৃত্য-গীত প্ৰদৰ্শন কৰে ৷ লগতে অজস্ৰ স্থানীয় লোকেও প্ৰধানমন্ত্ৰীক দৰ্শন কৰিবলৈ ভিৰ কৰা পৰিলক্ষিত হয় ৷

পথৰ দুয়োকাষে উৎসাহী জনগণৰ লগতে গায়ন-বায়ন, বিহু, ঝুমুইৰ, দেওধনি, কাৰ্বি, মিচিং আদি বিভিন্ন দলে প্ৰধানমন্ত্ৰীক উদ্দেশ্যি প্ৰদৰ্শন কৰা গীত-নৃত্যৰ প্ৰতি সঁহাৰি জনাই গাড়ীৰ দৰ্জা খুলি তেওঁ হাত জোকাৰি গুণমুগ্ধক অভিবাদন জনায় ৷ এনেদৰে ঠায়ে ঠায়ে ৰোড শ্ব’ কৰি বিয়লি ৬:১০ বজাত কঁহৰা চাৰআলিত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশাল কনভয় ৷ নিশাটো কঁহৰাত থকা আৰক্ষীৰ অতিথিশালাত কটাই পুৱা বিশ্ব ঐতিহ্যক্ষেত্ৰ ভ্ৰমণ কৰে নৰেন্দ্ৰ মোদীয়ে ৷

হাতী চাফাৰী কৰি আহি প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁক পিঠিত তুলি নিয়া কাজিৰঙা বনবিভাগৰ প্ৰদ্যুম্ন নামৰ হাতীটোৰ লগতে একেলগে চাফাৰী কৰা ফুলমাই আৰু লক্ষ্মীমাইক খাদ্য খুৱায় ৷ এই সময়ত মোদীক সংগ দিয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

লগতে পঢ়ক : পুৱাই হাতীৰ পিঠিত উঠি প্ৰধানমন্ত্ৰীৰ কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.