ETV Bharat / state

বহৰি ব্ৰহ্মপুত্ৰ পাৰঘাটত লেচীৰ দপদপনি, জীৱন-মৰণেৰে যুঁজি পাৰাপাৰ হৈছে যাত্ৰীয়ে

author img

By ETV Bharat Assamese Team

Published : Jan 29, 2024, 3:29 PM IST

Bahari Brahmaputra ferry ghat : বৰপেটা জিলাৰ বহৰি ব্ৰহ্মপুত্ৰ পাৰঘাটত যাত্ৰীৰ জীৱনৰ সৈতে হোতালি খেলিছে লেচীয়ে ৷ ধোঁৱাচাঙত উঠিল নীতি-নিৰ্দেশনা ৷

Bahari Brahmaputra ferry ghat
বহৰি ব্ৰহ্মপুত্ৰ পাৰঘাটত লেচীৰ দপদপনি, জীৱন-মৰণেৰে যুঁজি পাৰাপাৰ হৈছে যাত্ৰীয়ে
বহৰি ব্ৰহ্মপুত্ৰ পাৰঘাটত লেচীৰ দপদপনি, জীৱন-মৰণেৰে যুঁজি পাৰাপাৰ হৈছে যাত্ৰীয়ে

বৰপেটা, 29 জানুৱাৰী : বৰপেটা জিলাৰ বহৰি ব্ৰহ্মপুত্ৰ পাৰঘাটত অনিয়ম । কোনো ধৰণৰ লাইফ জেকেট ব্যৱহাৰ নকৰাকৈ যাত্ৰী উঠাই পাৰাপাৰ কৰে বহৰি সোণতলী পাৰঘাটত ৷

যাত্ৰীৰ সুৰক্ষা নিশ্চিত কৰিবলৈ অসম চৰকাৰৰ আভ্যন্তৰীণ জল পৰিবহন বিভাগে নাও আৰু ফেৰীৰ ক্ষেত্ৰত কেতবোৰ নীতি-নিৰ্দেশনা ধাৰ্য কৰিছে যদিও সেইবোৰক অংগুষ্ঠ দেখুৱাই আহিছে বৰপেটা জিলাৰ বহৰিৰ ব্ৰহ্মপুত্ৰ পাৰঘাটৰ পৰা চলাচল কৰা নাওবোৰে । তাৰ বিপৰীতে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ লগত মিতিৰালি কৰি পাৰঘাটৰ লেচীয়ে বৃহৎ অৰাজকতা চলাইছে বুলি অভিযোগ উত্থাপন হৈছে ৷ ইয়াৰ উপৰিও পাৰঘাটৰ কৰ্তৃপক্ষৰ লগত গোপন মিতিৰালি কৰি নাৱত অভাৱনীয় পৰিমাণত ভাড়া বৃদ্ধি কৰাৰো অভিযোগ উত্থাপন হৈছে । এতিয়া ইয়াকে লৈ যাত্ৰীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

ইফালে কোনো ধৰণৰ লাইফ জেকেট অবিহনেই নাওসমূহত যাত্ৰী পৰিবহন অব্যাহত ৰাখিছে বুলি যাত্ৰীসকলে অভিযোগ উত্থাপন কৰিছে । তদুপৰি অতিৰিক্ত যাত্ৰী পৰিবহন কৰাটো এই পাৰঘাটত সাধাৰণ নিয়মৰ দৰে হৈ পৰিছে ।

আনহাতে শেহতীয়াকৈ নাওসমূহত দুটা ইঞ্জিন সংযোগৰ নিৰ্দেশনাও দিয়া হৈছিল যদিও অধিকাংশ নাৱে এই নিৰ্দেশনা নমনাৰ অভিযোগ উত্থাপন কৰিছে ৷ সচেতন যাত্ৰীয়ে এই সম্পৰ্কত অভিযোগ কৰিলেও তাক ন্যুনতমো গুৰুত্ব দিয়া নহয় ।

শেহতীয়াকৈ পাৰঘাটৰ লেচী ৰফিকুল ইছলামে ভাড়াৰ পৰিমাণ পোনচাটেই দুগুণ কৰে। সেই অনুসৰি পূৰ্বৰ 50 টকাৰ পৰিৱৰ্তে যাত্ৰীয়ে এতিয়া এশ টকা ভৰিব লাগে । যদিও জল পৰিবহন বিভাগে এইক্ষেত্ৰত চকু মুদা কুলিৰ ভাও লৈছে । এনেকৈ ভাড়া আদায় কৰাত ক্ষান্ত নাথাকি অধিক মুনাফা আদায়ৰ বাবে নাওখনৰ সক্ষমতাৰ দুগুণ যাত্ৰী পৰিবহন কৰা বুলি যাত্ৰীসকলে অভিযোগ উত্থাপন কৰিছে । ইয়াৰ সমান্তৰালকে অতিৰিক্ত সামগ্ৰীৰ পৰিবহনো অব্যাহত ৰাখিছে ।

নিয়ম অনুসৰি নাওসমূহৰ "ফিটনেছ" পৰীক্ষা বাধ্যতামূলক । এতিয়া পাৰঘাটত লেচীয়ে এইসমূহ নিৰ্দেশনাও গুৰুত্বহীন কৰিছে ।

লগতে পঢ়ক: এসপ্তাহৰ ভিতৰত বংগকে ধৰি সমগ্ৰ দেশতে কা' কাৰ্যকৰী হ'ব: শান্তনু ঠাকুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.