ETV Bharat / state

৬ মাহৰ ভিতৰত ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন

author img

By ETV Bharat Assamese Team

Published : Feb 6, 2024, 3:34 PM IST

Assam Panchayat election 2024
৬ মাহৰ ভিতৰত ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন

Assam Panchayat election 2024: অসমৰ পঞ্চায়ত আৰু পৰিষদসমূহৰ কার্যকাল ৩ ফেব্রুৱাৰীত সমাপ্ত হৈছে ৷ নিৰ্বাচন অনুষ্ঠিত নোহোৱা পৰ্যন্ত পঞ্চায়ত আৰু পৰিষদসমূহৰ কর্তৃত্ব গ্রহণ কৰিবলৈ জিলা আয়ুক্তক অনুমতি । মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ মতে অসম চৰকাৰে নিৰ্বাচন সম্পৰ্কীয় কৰণীয়খিনি কৰি আছে ।

৬ মাহৰ ভিতৰত ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন

গুৱাহাটী,৬ ফেব্ৰুৱাৰী : অহা ৬ মাহৰ ভিতৰত অসমত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন । অসমৰ পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত এই মন্তব্য কৰে ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে । বুধবাৰে বিধানসভাৰ চলিত বাজেট অধিবেশনত অংশ লৈ বিধানসভা চৌহদত এই মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে । ৬ মাহৰ ভিতৰত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত নহ'লে পঞ্চদশ বিত্তীয় আয়োগৰ ধনৰ অনুদানৰ পৰা বঞ্চিত হ'ব অসম ৷

পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজ্য চৰকাৰে নিজৰ কৰণীয়খিনি কৰি আছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ৷ যিহেতু পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ সকলো কাম-কাজ ৰাজ্যিক নিৰ্বাচন আয়োগে তদাৰক কৰে ৷ আনহাতে অসমত সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত পঞ্চায়ত আৰু জিলা পৰিষদসমূহতো গাঁঠনিত পৰিৱৰ্তন ঘটিছে । এই সকলোবোৰো পুনৰগঠন কৰাৰ প্ৰক্ৰিয়া এটা চলি আছে ৷

সেয়ে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ পূৰ্বে প্ৰতিখন পঞ্চায়ত আৰু জিলা পৰিষদ পুনৰগঠন কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে বুলি তেওঁ উল্লেখ কৰে ৷ ইয়াৰ বাবে ৰাজ্যৰ প্ৰতিখন জিলাৰ আয়ুক্তক অধ্যক্ষ হিচাপে লৈ কমিটিও গঠনৰ প্ৰক্ৰিয়া চলি থকা বুলি মন্ত্ৰীগৰাকীয়ে সদৰী কৰিছে । এই কমিটিৰ সদস্য সচিবৰ দায়িত্বত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াগৰাকীক ৰখা হৈছে । জিলাসমূহৰ পৰা প্ৰতিবেদন লাভৰ পিচত আৰু লোকসভা নিৰ্বাচন শেষ হোৱাৰ পিচতে ভোটাৰ তালিকা প্ৰস্তুত কৰি ৰাজ্যিক নিৰ্বাচন আয়োগে পৰৱৰ্তী ৬ মাহৰ ভিতৰত নিৰ্বাচনী প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব তেওঁ উল্লেখ কৰে ।

উল্লেখ্য যে ৰাজ্যৰ পঞ্চায়ত আৰু পৰিষদসমূহৰ কার্যকাল যোৱা ৩ ফেব্রুৱাৰীত অন্ত পৰিছে ৷ তাৰ পিচতে নির্ধাৰিত সময়ত অসমত পঞ্চায়ত নির্বাচন অনুষ্ঠিত নোহোৱাৰ বাবে মাত্ৰ দুদিন পূৰ্বে ৪ ফেব্ৰুৱাৰীত কাৰ্যকাল অন্ত পৰাৰ বাবে পঞ্চায়তসমূহ ভংগ কৰা হয় ৷ অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ প্রধান সচিব জে বি এক্কাই গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ কর্তৃত্ব গ্রহণ কৰিবলৈ জিলা আয়ুক্তক অনুমতি প্রদান কৰে ৷ পঞ্চায়তৰ কার্যকাল শেষ হোৱাৰ পৰা নতুন নির্বাচনৰ প্রক্রিয়া সমাপ্ত নোহোৱালৈকে অন্তৱর্তীকালীন সময়ছোৱাত জিলা আয়ুক্তই পঞ্চায়ত আৰু পৰিষদৰ কাম-কাজ তত্বাৱধান কৰিব ৷

লগতে পঢ়ক :অতুল বৰাৰ গৃহ সমষ্টিৰ পৰা বহিঃৰাজ্যলৈ যাব ৬ কোটি টকাৰ ৰঙালাও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.