ETV Bharat / state

ৰাজ্যিক বিজেপিৰ আইন কোষৰ বিশেষ সাংগঠনিক সভা

author img

By ETV Bharat Assamese Team

Published : Feb 10, 2024, 9:50 PM IST

Assam BJP Law Cell
আইন কোষৰ সাংগঠনিক সভাত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস

Assam BJP Law Cell : ভাৰতীয় জনতা পাৰ্টিৰ মুখ্য কার্যালয়ত ৰাজ্যিক আইন কোষৰ বিশেষ সাংগঠনিক সভা ৷ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মন্ত্ৰী ৰণজিৎ কুমাৰ দাস ৷

বিজেপিৰ আইন কোষৰ বিশেষ সাংগঠনিক সভা

গুৱাহাটী, 10 ফেব্ৰুৱাৰী : "অধিবক্তা সকল সমাজৰ একো একোজন প্ৰভাৱী ব্যক্তি ৷ তেওঁলোকে ভাৰতীয় জনতা পাৰ্টিৰ নীতি-আদৰ্শক অসমৰ জনসাধাৰণৰ মাজলৈ লৈ গ'লে সমাজত দলটোৰ প্ৰতি জনসাধাৰণৰ বিশ্বাস অধিক বৃদ্ধি পাব ৷" আজি ভাৰতীয় জনতা পাৰ্টিৰ মুখ্য কার্যালয়ত অনুষ্ঠিত হোৱা ৰাজ্যিক আইন কোষৰ এখন বিশেষ সাংগঠনিক সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে এইদৰে মতপোষণ কৰে ৷ এই সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী দাসে ৰাজ্যিক ভিত্তিত এখন বৃহৎ অধিবক্তা সমাৰোহ আয়োজন কৰাৰো আহ্বান জনায় ৷

আইন কোষত মুঠ 10 হাজাৰ পঞ্জীয়নভুক্ত অধিবক্তা আছে বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ৷ ৰাজ্যিক আইন কোষৰ আহ্বায়ক জয়ন্ত কুমাৰ গোস্বামীয়ে সভাপতিত্ব কৰা সভাখনত বিজেপিৰ ৰাজ্যিক কোষ সমূহৰ তত্বাবধায়ক প্ৰদীপ ঠাকুৰীয়াই উদ্বোধনী বক্তব্য ৰাখি ভাৰতীয় জনতা পাৰ্টিৰ নীতি-আদর্শ সম্পৰ্কে বক্তব্য প্ৰদান কৰে ৷ আইন কোষৰ সহ- আহ্বায়িকা সত্যৱতী কোঁৱৰে আঁত ধৰা সভাখনত ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজুৱে দলৰ সাংগঠনিক দিশ সন্দৰ্ভত বিস্তৃত ব্যাখ্য দাঙি ধৰে ৷

বিজেপিৰ 39 খন সাংগঠনিক জিলাৰ প্ৰায় তিনি শতাধিক অধিবক্তাই অংশগ্ৰহণ কৰা বিশেষ সাংগঠনিক সভাখনত ৰাজ্যিক আইন কোষৰ সাংগঠনিক স্থিতি সম্পৰ্কে বক্তব্য দাঙি ধৰে সহ-আহ্বায়ক প্ৰাণজিৎ সিং লহকৰে ৷ সভাত উপস্থিত থাকি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৰাজ্যখনত চৰকাৰখনে আগন্তুক দিনত ইউনিফর্ম চিভিল ক'ড আইন প্ৰনয়ণ কৰি মহিলা সকলক সামাজিক ন্যায় প্ৰদান কৰিব বিচৰাৰ কথা উল্লেখ কৰে ৷ তেওঁ লগতে অধিবক্তা সকলে সমাজত দায়ৱদ্ধতাৰে কাম কৰি ভৱিষ্যতৰ দিনত অসমৰ সামাজিক ব্যৱস্থা শক্তিশালী কৰাৰ পোষকতা কৰে ৷ সভাত অসমৰ বিভিন্ন জিলাৰ প্ৰতিনিধি সকলে অসমৰ ন্যায়িক ব্যৱস্থাৰ আন্তঃগাঁথনি তথা আইন কোষৰ সাংগঠনিক দিশত উত্তৰণৰ বাবে বহুকেইটা গুৰুত্বপূর্ণ পৰামর্শ আগবঢ়ায় ৷

লগতে পঢ়ক : ১৩ ফেব্ৰুৱাৰীত আকৌ অসম চৰকাৰে ল'ব ৫০০ কোটিৰ ঋণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.