ETV Bharat / state

কাৰ আশীৰ্বাদত উজনিত অব্যাহত আছে অবৈধ গো ছিণ্ডিকেটৰাজ ? - Assam cattle smuggling

বিজেপিৰ পালিনেতা আৰু জাতীয় সংগঠনৰ নেতাক গুণ্ডাটেক্স দি নিতৌ পাৰ হৈ আছে ১০-১২ খনকৈ গাড়ী ৷ ভাইৰেল ভিডিঅ’ৱে উদঙাইছে ৰাজপথত গুণ্ডাৰাজ চলাই দুই নেতাই গৰু গাড়ীৰ পৰা ধন লোৱাৰ সত্যতা ৷

organisation leaders give permit to cattle smuggling in upper assam
অবৈধ গো ছিণ্ডিকেটৰাজ (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : May 11, 2024 at 10:29 AM IST

2 Min Read
Choose ETV Bharat
অবৈধ গো ছিণ্ডিকেটৰাজ (ETV BHARAT ASSAM)

ডিব্ৰুগড়, 11 মে’ : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশৰ পাচতো উজনিত বৰ্তমানেও অব্যাহত আছে অবৈধ গো ছিণ্ডিকেটৰাজ । গো সুৰক্ষা আইনক এক প্ৰকাৰৰ অংগুষ্ঠ প্ৰদৰ্শন কৰি নীতি বৰ্হিঃভূত ভাৱে দৈনিক পাৰ হৈ আছে ১০-১২ খনকৈ গৰু কঢ়িওৱা বাহন । ভাইৰেল ভিডিঅ’ৱে উদঙাইছে উজনিৰ ৰাজপথত গো ছিণ্ডিকেটৰাজৰ প্ৰকৃত সত্য ।

organisation leaders give permit to cattle smuggling in upper assam
জাতীয় সংগঠনৰ নেতা (ETV BHARAT ASSAM)

বিজেপি পালিনেতা আৰু জাতীয় সংগঠনৰ নেতাক গুণ্ডাটেক্স দি নিতৌ পাৰ হৈ আছে গৰু গাড়ীসমূহ । আমাৰ হাতত পৰা তথ্য অনুসৰি উজনিৰ তিনিচুকীয়া আৰু ধেমাজিৰ পৰা নগাঁৱলৈকে অহা গৰু গাড়ীসমূহ ডিব্ৰুগড় জিলাৰ বগীবিলৰ পৰা মৰাণৰ ৰাজমাৰীলৈকে পাৰ কৰি দিয়াৰ নামত বিজেপি পালিনেতা ৰুবুল বৰুৱা আৰু জাতীয় সংগঠনৰ নেতা প্ৰণৱজ্যোতি ফুকন ওৰফে পিণ্টুৱে এটা দল বনাই প্ৰতিখন গাড়ীৰ পৰা ৩০০০ পৰা ৩৫০০ টকালৈকে লয় ।

organisation leaders give permit to cattle smuggling in upper assam
টকাৰ লেন-দেন (ETV BHARAT ASSAM)

অভিযোগ অনুসৰি গৰু গাড়ীয়ে টকা নিদিলে গাড়ীৰ ডলা খুলি গৰু বাহিৰত মুকলি কৰি দিয়াৰো ভাবুকি দিয়ে দুই নেতাই । গৰু গাড়ীৰ পৰা টকা লোৱাৰ দৃশ্য আৰু অনলাইনত গৰু ব্যৱসায়ীয়ে টকা দিয়াৰ স্ক্ৰীনশ্বট এতিয়া হাতে হাতে বহুতৰে ম’বাইলত । উল্লেখ্য যে, গৰু সৰবৰাহৰ বাবে দ্য আছাম কেটেল প্ৰিজাৰ্ভেশ্যন এক্ট ২০২১ অনুসৰি নিৰ্ধাৰিত নীতি-নিয়মৰ মাজেৰে গৰুসমূহ গাড়ীত আনিব লাগে । কিন্তু প্ৰায় বিলাক গৰু গাড়ীৰে এই পাৰ্মিট নাই ।

organisation leaders give permit to cattle smuggling in upper assam
টকাৰ লেন-দেন (ETV BHARAT ASSAM)

তাৰেই সুযোগ লৈ এই দুই নেতাই চলাই গৈছে গুণ্ডাৰাজ । কাৰ আশীৰ্বাদত উজনিত এই সকলে দিনে নিশাই অবৈধ গো ছিণ্ডিকেটৰাজ চলাইছে তাক লৈ সচেতন ৰাইজৰ মাজত প্ৰশ্ন উত্থাপন হৈছে । এই ছিণ্ডিকেটৰাজৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষ্যণীয় হ'ব ।

লগতে পঢ়ক : বঙাইগাঁৱত চুৰি গৰু বজাৰলৈ বিক্ৰীৰ বাবে আনোতেই ৰাইজে সোধালে উত্তম-মধ্য়ম - Cattle smuggling in Assam