ETV Bharat / state

উচ্ছেদৰ জাননীয়ে বন্ধ কৰিলে হৃদক্ৰিয়া - Eviction in Chirang

author img

By ETV Bharat Assamese Team

Published : Mar 28, 2024, 6:28 PM IST

One dies of cardiac arrest after receiving eviction notice in Chirang
উচ্ছেদৰ জাননীয়ে বন্ধ কৰিলে হৃদক্ৰিয়া

Eviction notice in Chirang: চিৰাঙৰ হাশ্ৰাওবাৰীত বিটিআৰ প্ৰশাসনৰ উচ্ছেদৰ জাননী পোৱাৰ পিচতে হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু ফজল হক নামৰ এজন লোকৰ । ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্য বিৰাজ কৰিছে সমগ্ৰ অঞ্চলত ।

উচ্ছেদৰ জাননীয়ে বন্ধ কৰিলে হৃদক্ৰিয়া

চিৰাং,২৮ মাৰ্চ: চিৰাঙৰ চিদলী ৰাজহ চক্ৰৰ অধীনৰ হাশ্ৰাওবাৰী গাঁৱত উচ্ছেদৰ জাননী লাভ কৰাৰ পাচতে এজন লোকৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হোৱাক লৈ সৃষ্টি হয় তীব্ৰ চাঞ্চল্য । বিগত বৰ্ষৰ আগষ্ট মাহত হাশ্ৰাওবাৰী গাঁৱৰ ১৯ টা পৰিয়ালক বিটিআৰ প্ৰশাসনে উচ্ছেদৰ জাননী প্ৰদান কৰিছিল । তাৰ পিচতে বিভিন্ন দল-সংগঠনৰ তৎপৰতাত গাঁওবাসীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত PIL কৰাত উচ্ছেদৰ স্থগিতাদেশ জাৰি কৰিছিল উচ্চ ন্যায়ালয়ে ।

তাৰ পিচতে চিৰাং জিলা প্ৰশাসনে উচ্ছেদৰ জাননী লাভ কৰা পৰিয়ালসমূহক নথি পৰীক্ষাৰ বাবে তিনিবাৰকৈ জাননীৰে মাতি পঠিৱাইছিল । স্বাধীনতাৰ পুৰ্বৰে পৰা বসবাস কৰা এইসকল লোকক বিটিআৰ প্ৰশাসনে উচ্ছেদৰ নামত যি হাৰাশাস্তি কৰি আহিছে তাক লৈ বিভিন্ন মহলত সৃষ্টি হৈছে চাঞ্চল্যৰ । হাশ্ৰাওবাৰী গাঁৱৰ মুৰব্বী ফজল হকৰ পৰিয়ালৰ ৫ জনৰ নামত জাননী দিছিল চিৰাং জিলা প্ৰশাসনে ।

তাৰে মাজত ফজল হকৰ ৬ বছৰীয়া পুত্ৰৰ নামতো দিছিল উচ্ছেদৰ জাননী । নাবালকৰ নামতো উচ্ছেদৰ জাননী লাভ কৰিয়ে ফজল হক নামৰ লোকজন অসুস্থ হৈ পৰে আৰু শুনানীৰ বাবে চিৰাং জিলা সদৰ কাজলগাঁৱত উপস্থিত হয় যদিও অধিক অসুস্থ হোৱাত চিকিৎসালয়লৈ নিয়ে । অৱশেষত বৃহস্পতিবাৰে পুৱা হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্য হয় ফজল হক নামৰ লোকজনৰ । পৰিয়াল তথা স্থানীয় লোকে দাবী কৰে এখনৰ পিচত আন এখন উচ্ছেদৰ জাননী লাভ কৰি অসুস্থ হৈ পৰিছিল লোকজন আৰু পিছত হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু হয় ফজল হক নামৰ লোকজনৰ ।

লগতে পঢ়ক: গাঁতত পুতি থোৱা অৱস্থাত উদ্ধাৰ সত্তৰোৰ্ধৰ ব্যক্তিৰ মৃতদেহ - DEADBODY RECOVERED

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.