ETV Bharat / state

ৰঙালী বিহুৰ বজাৰত পাৱাৰলুমৰ গামোচাৰ প্ৰয়োভৰ: গ্ৰাহকেও বিচাৰে কম দামৰ গামোচাহে - Powerloom Gamocha

author img

By ETV Bharat Assamese Team

Published : Apr 3, 2024, 5:01 PM IST

Rongali Bihu: গামোচা, অসমীয়াৰ আবেগ তথা অসমীয়াৰ পৰিচয় । কিন্তু এই গামোচাখনক লৈয়েই এতিয়া বেপাৰ আৰম্ভ কৰিছে একাংশ দুষ্ট চক্ৰই । ৰঙালী বিহুৰ প্ৰাক ক্ষণত এতিয়া গুৱাহাটীৰ বজাৰ ভৰিছে বহিঃৰাজ্যৰ পৰা অহা পাৱাৰলুমৰ গামোচাৰে । যাৰ বাবে অসমীয়া শিপিনীয়ে হাতে বোৱা গামোচাই হেৰুৱাইছে বজাৰ ।

Powerloom Gamocha
Ban on powerloom gamocha

ৰঙালী বিহুৰ বজাৰত পাৱাৰলুমৰ গামোচাৰ প্ৰয়োভৰ

গুৱাহাটী, 3 এপ্ৰিল: বাপতিসাহোন ৰঙালী বিহুলৈ মাজত মাথোঁ কেইদিনমান বাকী । ৰঙালী বিহুৰ প্ৰাকক্ষণত ফাঁচী বজাৰ ভৰি পৰিছে বহিঃৰাজ্যত মেচিনত তৈয়াৰী গামোচাৰে । অসমীয়াৰ স্বভিমানৰ গামোচাই জি আই টেগ পোৱাৰ পিচতো বজাৰত এতিয়া যুঁজ দিব লগীয়া হৈছে অস্তিত্বৰ বাবে । থলুৱা গামোচাতকৈ অতি কম মূল্যত বিক্ৰী হোৱাৰ সুযোগ লৈয়েই একাংশ ব্যৱসায়ীয়ে অধিক মুনাফা লাভৰ স্বাৰ্থত বজাৰত মোকলাই দিছে অসমীয়া গামোচাৰ আৰ্হিৰ গলবস্ত্ৰ । পাৱাৰলুমৰ গামোচা আৰু থলুৱা গামোচাৰ মাজত থকা বৈসাদৃশ্য ধৰা পৰে পুতলৰ চিনত । পাৱাৰলুমৰ গামোচাত পুতলৰ চিন নাথাকে ।

বহিঃৰাজ্যত মেচিনত তৈয়াৰ কৰা এই গামোচাবোৰ বিগত কেইটামান বছৰত অসমৰ চহৰ অঞ্চলৰ পৰা গাঁও অঞ্চললৈ বিয়পি পৰা পৰিলক্ষিত হৈছে । কিন্তু এই ক্ষেত্ৰত যেন কাণসাৰ নাই চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা এক বৈঠকত সকলো চৰকাৰী অনুষ্ঠানতে বহিঃৰাজ্যৰ পৰা আমদানি কৰি অনা গামোচাৰ পৰিৱৰ্তে অসমীয়া শিপিনীয়ে হাতেৰে শালত তৈয়াৰ কৰা গামোচা ব্যৱহাৰ কৰাৰ কথা কোৱা হৈছিল । কিন্তু সেয়া অসাৰ প্ৰতিপন্ন হৈছে ।

একাংশ অসাধু চক্ৰই মুনাফা আদায়ৰ দাবীত বজাৰত উলিয়াই দিছে মেচিনত তৈয়াৰী গামোচা । তাৰ বাবে থলুৱা ব্যৱসায়ীৰ লগতে শিপিনীসকল ক্ষতিগ্ৰস্ত হৈছে । থলুৱা শিপিনীসকলে তৈয়াৰ কৰা গামোচা বিক্ৰী কৰা ব্যৱসায়ীসকলে ক্ষোভ প্ৰকাশ কৰি কয় যে পাৱাৰলুমৰ গামোচাই থলুৱা গামোচা বিক্ৰীত প্ৰভাৱ পেলাইছে । কিয়নো বহিঃৰাজ্যৰ গামোচাবোৰৰ মূল্য একেবাৰে কম । সেয়েহে দাম কম হোৱাৰ বাবে গ্ৰাহকে সেইবোৰৰ প্ৰতি বেছি আগ্ৰহী হয় । চৰকাৰ তথা বিভাগে বহিঃৰাজ্যৰ গামোচাৰ বিৰুদ্ধে বিহুৰ সময়ত এদিন-দুদিন অভিযান চলাই দায়িত্ব সামৰে বুলিও অভিযোগ কৰে গামোচা ব্যৱসায়ীসকলে ।

উল্লেখ্য যে শেহতীয়াকৈ গামোচাই জি আই টেগ লাভ কৰাত ইয়াৰ স্বকীয়তা এক বিশেষ পৰ্যায়লৈ উন্নীত হৈছে । অসমীয়া জাতিৰ স্বাভিমান, জাতিৰ পৰিচয় এই গামোচাখনৰ অস্তিত্ব ৰক্ষাৰ প্ৰতি যেন উদাসীন চৰকাৰো । কেৱল চমক সৃষ্টিৰ বাবেই বিহুৰ আগে-পাচে দুই-এদিন অভিযান চলায়েই দায়িত্ব সামৰে বিভাগটোৱে । একমাত্ৰ মূল্য কম হোৱাৰ বাবেই বহু গ্ৰাহক থলুৱা গামোচাৰ পৰিৱৰ্তে পাৱাৰলুমৰ গামোচাৰ প্ৰতি আকৃষ্ট হয় বুলি এগৰাকী বিক্ৰেতাই জনায় ।

লগতে পঢ়ক: ব’হাগৰ বতৰা লৈ বাৰীৰ চুকত ফুলি ৰৈছে মাখিয়তী - Bohag Bihu

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.