ডিব্ৰুগড়: অসম চৰকাৰে সীমা সমস্যা সমাধান কৰি সীমান্তৱৰ্তী ৰাজ্যসমূহৰ সৈতে সু-সম্পৰ্ক স্থাপন কৰিবলৈ চেষ্টা চলাই থকা সময়ত অসম-নাগালেণ্ডৰ সীমান্তৱৰ্তী জিলাসমূহত অব্যাহত আছে অপৰাধজনিত বিভিন্ন কাৰ্যকলাপ । অসমৰ বিভিন্ন জিলাত ড্ৰাগছকে ধৰি নিচাযুক্ত সামগ্ৰী সৰবৰাহ কৰি অহা বিষয়টোৱে অসম আৰক্ষীৰ লগতে অসমৰ সচেতন ৰাইজকো চিন্তিত কৰি তুলিছে ।
বিশেষকৈ ঐতিহাসিক চৰাইদেউ জিলাৰ অসম-নাগালেণ্ডৰ সীমান্তত আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা কৰিছে যদিও আৰক্ষীৰ নিৰাপত্তা ফালি অসমত নাগালেণ্ডৰ একাংশ লোকে বিভিন্ন কাৰ্যকলাপ কৰিবলৈ সক্ষম হোৱা বিষয়টোৱে সকলোৰে মাজত উদ্বেগ সৃষ্টি কৰিছে । ইয়াৰ পাছতে অসম-অৰুণাচল প্ৰদেশৰ সীমান্তত নতুন প্ৰজন্মক নিচামুক্ত কৰিবলৈ লোৱা হ'ল এক ব্যতিক্ৰমী পদক্ষেপ ।
শুকুৰবাৰে চৰাইদেউ জিলাৰ সীমান্তৱৰ্তী অঞ্চলক নিচামুক্ত কৰাৰ লক্ষ্যৰে চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত নাগালেণ্ডৰ মন জিলা প্ৰশাসনৰ সহযোগত অসম-নাগালেণ্ড সীমান্তৰ নামতোলাত নিচামুক্ত প্ৰতিজ্ঞা কাৰ্যসূচী পালন কৰা হয় । ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ সৌজন্যত চৰাইদেউ জিলা প্ৰশাসনে আয়োজন কৰা এই কাৰ্যসূচীত অসমৰ চৰাইদেউ জিলা আৰু নাগালেণ্ডৰ মন জিলাৰ ক্ৰীড়া আৰু সাংস্কৃতিক দলে অংশগ্ৰহণ কৰে ।

ছাত্ৰ-ছাত্ৰীৰ মাজত কেৰিয়াৰ কাউঞ্চিলিঙৰ লগতে বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰি নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে সজাগতা বৃদ্ধিৰ ওপৰিও দুয়োখন ৰাজ্যৰ মাজত এক সু-সম্পৰ্ক ৰক্ষাৰ্থে প্ৰীতি ফুটবল আৰু ৰছী টনা প্ৰতিযোগিতাও অনুষ্ঠিত হয় ।

উক্ত অনুষ্ঠানত সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, মাহমৰা সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী যোগেন মহন, নাগালেণ্ডৰ মন জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়া, চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেছৰ, অতিৰিক্ত আৰক্ষী অধীক্ষক জ্যোতি প্ৰসাদ পেগুকে আদি কৰি শীৰ্ষ বিষয়া আৰু দুয়োখন ৰাজ্যৰ অন্যান্য প্ৰশাসনিক বিষয়াসকল উপস্থিত থাকে । ফুটবলকে ধৰি পৰম্পৰাগত খেলৰ প্ৰতিযোগিতাৰ লগতে সকলোৱে এই অনুষ্ঠানত নিচাযুক্ত সামগ্ৰীৰ পৰা নিজক আঁতৰত ৰখাৰ প্ৰতিজ্ঞা লয় ।

দুই ৰাজ্যৰ মাজৰ সংঘাত দূৰ কৰাৰ বাবে চেষ্টা চলোৱা হৈছে:
অসম-নাগালেণ্ড সীমান্তৰ নামতোলাত দুয়োখন ৰাজ্যৰ মাজত বিভিন্ন প্ৰীতি খেলৰ আয়োজনেৰে অনুষ্ঠিত হোৱা নিচামুক্ত প্ৰতিজ্ঞা অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰী যোগেন মহনে কয়, "ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ উদ্যোগত নিচামুক্ত ভাৰত অভিযানৰ যি কাৰ্যসূচী চলি আছে তাৰ অংশ স্বৰূপেই অসম আৰু নাগালেণ্ডৰ মাজৰ নামতোলাত অনুষ্ঠিত কৰা হৈছে এই কাৰ্যসূচী । চৰাইদেউ জিলা প্ৰশাসন আৰু নাগালেণ্ডৰ মন জিলা প্ৰশাসনৰ সহযোগত দিনজোৰাকৈ এই কাৰ্যসূচী অনুষ্ঠিত কৰা হয় । ক্ৰীড়া আৰু সংস্কৃতিয়ে যিহেতু সমন্বয় স্থাপন কৰে গতিকে দুই ৰাজ্যৰ মাজত যাতে সংঘাত নহয় তাৰে প্ৰচেষ্টা লোৱা হৈছে ।"

লগতে ড্ৰাগছৰ কৱলত পৰি নতুন প্ৰজন্মই নিজক ধ্বংস কৰি পেলাইছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয়, "সেয়ে আজি আমি সকলোৱে খেলপথাৰত নিচামুক্ত হৈ থকাৰ প্ৰতিজ্ঞা লৈছো । সীমান্ত অঞ্চলসমূহত যাতে ড্ৰাগছৰ সৰবৰাহ বন্ধ হয় তাৰ বাবে আৰক্ষী প্ৰশাসনে যাতে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে । এনেকুৱা এটা কাৰ্যসূচী গ্ৰহণ কৰাৰ বাবে চৰাইদেউ আৰু নাগালেণ্ডৰ মন জিলা প্ৰশাসনক অসম চৰকাৰৰ হৈ ধন্যবাদ জনাইছো ।"