ETV Bharat / state

ভাৰতীয় সেনা আৰু এছ ডি আৰ এফৰ সহযোগত মাজুলীত অপাৰেশ্যন জলৰাহত - OPERATION JAL RAHAT

এই অভিযানৰ অংশ হিচাপে খাদ্য, বিশুদ্ধ খোৱাপানী, কাপোৰ, পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ কীট আদি অত্যাৱশ্যকীয় সামগ্ৰীসমূহো বিতৰণ কৰা হৈছিল ।

Operation Jal Rahat
অপাৰেশ্যন জলৰাহতৰ বাবে মাজুলীত উপস্থিত হোৱা দলটো (ANI Photo)
author img

By ANI

Published : June 13, 2025 at 11:20 PM IST

2 Min Read

মাজুলী: বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপ মাজুলীত ব্ৰহ্মপুত্ৰ আৰু সোৱণশিৰি নদীৰ জলস্তৰ বৃদ্ধিৰ বাবে বিগত কিছু বছৰৰ পৰা বান পৰিস্থিতিৰ সৃষ্টি হৈ আহিছে ৷ ফলত নদীদ্বীপটোৰ বাসিন্দাসকলে ব্যাপক ধ্বংসলীলাৰ সন্মুখীন হ’বলগীয়া হৈছে বুলি প্ৰতিৰক্ষা বিভাগৰ এক বিবৃতিত প্ৰকাশ পাইছে ।

বৰ্তমান অসমৰ বান পৰিস্থিতিৰ বাবে ভাৰতীয় সেনাৰ স্পিয়াৰ কৰ্পছে এইচ এ ডি আৰ অভিযানৰ প্ৰতি নিষ্ঠা আৰু দায়বদ্ধতা প্ৰদৰ্শন কৰাৰ লগতে ৰাজ্যিক দুৰ্যোগ প্ৰতিৰক্ষা বাহিনী (এছ ডি আৰ এফ) আৰু অসামৰিক প্ৰশাসনৰ সৈতে মিলি মাজুলীত অপাৰেশ্যন জলৰাহত নামৰ এক অভিযান আৰম্ভ কৰিছে ৷

এই অভিযানৰ লক্ষ্য হৈছে বান পৰিস্থিতিৰ মোকাবিলা কৰাৰ লগতে ইয়াক কেনেদৰে সমাধান কৰিব পাৰি, ব্যৱহাৰিক জ্ঞানৰ আধাৰত সমাধানসূত্ৰ উদ্ভাৱন কৰা । জৰুৰীকালীন বান পৰিস্থিতিৰ সময়ত প্ৰস্তুতি আৰু সঁহাৰি বৃদ্ধি আৰু বাস্তৱ জীৱনৰ পৰিস্থিতিৰ অনুকৰণৰ বাবে ইয়াক ডিজাইন কৰা হৈছিল ।

অপাৰেশ্যন জলৰাহতৰ জৰিয়তে বানাক্ৰান্ত এলেকাসমূহত আবদ্ধ লোকসকলৰ ওচৰলৈ যাবলৈ, উদ্ধাৰ অভিযান চলাবলৈ ৰছী আৰু নাওৰ কেনেদৰে ব্যৱহাৰ কৰিব পাৰি, তাৰ কৌশলসমূহৰ অনুশীলন কৰা হৈছিল ।

এই অভিযানৰ অংশ হিচাপে খাদ্য, বিশুদ্ধ খোৱাপানী, কাপোৰ, পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ কীট আদি অত্যাৱশ্যকীয় সামগ্ৰীসমূহো বিতৰণ কৰা হৈছিল ।

বানত ঘৰ-বাৰী হেৰুওৱা লোকসকলৰ বাবে অস্থায়ী আশ্ৰয় শিবিৰ হিচাপে সামৰিক তম্বু স্থাপন কৰাটো আছিল এই অভিযানৰ অংশ । এটা অস্থায়ী চিকিৎসা শিবিৰো জিলাখনত স্থাপন কৰা হৈছিল, য’ত সেনা চিকিৎসকে বানাক্ৰান্তক বিনামূলীয়া স্বাস্থ্যসেৱা প্ৰদান কৰিছিল ।

Operation Jal Rahat
বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ দৃশ্য (ANI Photo)

সাধাৰণ লোকৰ জীৱন ৰক্ষাৰ লক্ষ্যৰে কৰা এই প্ৰচেষ্টা সদায় প্ৰশংসনীয় ৷ কাৰণ এই কাৰ্যই সেনাবাহিনীৰ মূলমন্ত্ৰ ‘‘নিজৰ পূৰ্বে সেৱা’’ ক প্ৰদৰ্শন কৰে । দেশ বা ৰাজ্যৰ যিকোনো সংকটপূৰ্ণ পৰিস্থিতিত সদায়ে আগভাগ লৈ আহিছে ভাৰতীয় সেনাবাহিনীৰ লগতে এন ডি আৰ এফ আৰু এছ ডি আৰ এফ বাহিনীয়ে ৷

লগতে পঢ়ক: ভাৰতীয় সেনা-অসম ৰাইফলছৰ নেতৃত্বত চলিছে অপাৰেশ্যন জলৰাহত-2

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.