গুৱাহাটী: হাতী-মানুহৰ সংঘাত বৃদ্ধি পোৱা যোৰহাট আৰু ওদালগুৰি জিলাৰ ২০ খন গাঁৱত প্ৰকৃতিপ্ৰেমী সংগঠন আৰণ্যকে শেহতীয়াকৈ গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ ।
যোৰহাট জিলাৰ আঠখন গাঁৱত হাতী-মানুহৰ সংঘাত বন্ধ কৰাৰ উদ্দেশ্যে ৩০ কিলোমিটাৰ সৌৰ বেৰ স্থাপন কৰা হৈছে । আকৌ ওদালগুৰি জিলাৰ ১২ খন গাঁৱত হাতী আৰু মানুহৰ সংঘাত বন্ধ কৰাৰ উদ্দেশ্যে ১৩ কিলোমিটাৰ সৌৰবেৰ স্থাপন কৰা হৈছে ।

এই সন্দৰ্ভত আৰণ্যকৰ হাতী গৱেষণা আৰু সংৰক্ষণ বিভাগৰ সহকাৰী প্ৰৱন্ধক জাকিৰ ইছলাম বৰাই কয়- ‘‘যোৰহাট জিলাৰ মানৱ-হাতী সংঘাত প্ৰভাৱিত আঠখন গাঁৱৰ ১,০৪৭ ঘৰ লোকক সুৰক্ষা দিয়াৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে । এই উদ্দেশ্যৰে আৰণ্যকে যোৰহাট জিলাৰ মুঠ আঠখন গাঁও সামৰি এতিয়ালৈকে প্ৰায় ৩০.১ কিলোমিটাৰ দৈৰ্ঘৰ সৌৰশক্তিচালিত বেৰা স্থাপন কৰিছে । তিনিখন প্ৰকল্প গাঁও ক্ৰমে হাতীশাল চাপৰি, শগুনপাৰা, বেজৰছিগা আৰু ইয়াৰ গাতে লাগি থকা পাঁচখন গাঁও ক্ৰমে- জপং গাঁও, তিনিঘৰীয়া, চুমনি চাপৰি, মাজৰ চাপৰি আৰু চোতাল বাঘগাঁৱক সামৰি এই বেৰা স্থাপন কৰা হৈছে ।’’
আৰণ্যকে “ব্ৰিটিছ এছিয়ান ট্ৰাষ্ট” আৰু “এলিফেণ্ট ফেমিলী” ৰ সহযোগ আৰু “ডাৰউইন ইনিছিয়েটিভ” সহায়ত স্থাপন কৰা এই সৌৰশক্তিচালিত বেৰাখনৰ ফলত মানৱ-হাতী সংঘাতত প্ৰভাৱিত গাঁৱসমূহৰ ১,০৪৭ টা পৰিয়াল তথা ৫০০০ ৰো অধিক লোক উপকৃত হৈছে ।
তেওঁ লগতে কয় ‘‘পূৰ্বে বনৰীয়া হাতীৰ জাকে এই গাঁৱবোৰত প্ৰৱেশ কৰি ধান আৰু অন্য শস্য খোৱাৰ ফলত কৃষিজীৱি লোকসকল গভীৰ সমস্যাৰ সন্মুখীন হৈছিল । এই সৌৰশক্তিচালিত বেৰা স্থাপনৰ পাছত গাঁৱবোৰত বনৰীয়া হাতীয়ে শস্য খোৱাৰ ঘটনা যথেষ্ট হ্ৰাস পাইছে আৰু ধানৰ লগতে অন্য শস্যক হাতীৰ পৰা ৰক্ষা কৰি এই বেৰাই গাঁওবাসীৰ জীৱন-জীৱিকাক সুৰক্ষিত কৰিছে ।’’

সৌৰশক্তিচালিত বেৰাখনৰ ফলত হাতীশাল চাপৰিৰ ২৯০ ঘৰ, চোতাল বাঘৰ ১৪৬ ঘৰ, চুমনি চাপৰিৰ ১৪৬ ঘৰ, বেজৰছিগাৰ ৮০ ঘৰ, মাজৰ চাপৰিৰ ৩০ ঘৰ আৰু শগুনপাৰা ৰাজহ গাঁৱৰ অন্তৰ্গত জপং গাঁৱৰ ১৭৫ ঘৰ আৰু তিনিঘৰীয়াৰ ১৮০ ঘৰ লোক উপকৃত হৈছে ।
ইপিনে আৰণ্য়কৰ হাতী বিশেষজ্ঞ অঞ্জন বৰুৱাই জনায় ‘‘হাতী-মানুহৰ সংঘাত প্ৰত্যাহ্বানৰ প্ৰতি সঁহাৰি জনাই আৰণ্যকে অসমৰ ওদালগুৰি জিলাৰ নং 1 ভোলাটাৰ, নং 3 ভোলাটাৰ আৰু নিউলি গাঁৱসমূহক সামৰি লোৱা দুটা উচ্চ-সংঘাতপূৰ্ণ অঞ্চলত সফলতাৰে 13 কিলোমিটাৰ সৌৰচালিত বেৰ স্থাপন কৰিছে । সেইদৰে ওদালগুৰি জিলাৰ 6 কিলোমিটাৰ বিস্তাৰিত প্ৰায় 160 টা পৰিয়াল আৰু 861 জন বাসিন্দাক সুৰক্ষা প্ৰদান কৰে । বাক্সা জিলাত প্ৰায় 370 টা পৰিয়াল আৰু 1,580 জন লোকৰ এটা সম্প্ৰদায়ক সুৰক্ষিত কৰা হৈছে । আৰণ্যকে 2023 চনত এই দুখন জিলাৰ আন কেইবাখনো গাঁৱত এনে সৌৰবেৰ স্থাপন কৰিছিল ।’’
তেওঁ লগতে জনায় যে এই সৌৰশক্তিচালিত বেৰবোৰ হাতীৰ বাবে মৃত্যুৰ কাৰণ নহয় । বিশেষভাৱে হাতীৰ ক্ষতি নকৰিবলৈ আৰু সুৰক্ষিত প্ৰতিৰোধ হিচাপে কাম কৰিবলৈ ডিজাইন কৰা হৈছে, যাৰ ফলত মানুহৰ জীৱন, সম্পত্তি আৰু শস্যক হাতীৰ অপব্যৱহাৰৰ পৰা সুৰক্ষিত কৰিব পাৰি । এই স্থাপনসমূহে হাতীৰ প্ৰৱেশৰ হাৰ হ্ৰাস কৰাত সহায় কৰে, গাঁওবাসীৰ বাবে খাদ্য সুৰক্ষা নিশ্চিত কৰে আৰু মানুহ-হাতীৰ শান্তিপূৰ্ণ সহাৱস্থানৰ পৰিৱেশ গঢ়ি তোলে ।
এই হস্তক্ষেপৰ স্থায়িত্ব আৰু দীৰ্ঘম্যাদী ফলপ্ৰসূতা মূলতঃ সক্ৰিয় সম্প্ৰদায়ৰ অংশগ্ৰহণৰ ওপৰত নিৰ্ভৰ কৰে । সেয়েহে এয়া নিশ্চিত কৰিবলৈ দুয়োটা স্থানত স্থানীয় বাসিন্দাসকলক লৈ ফেন্সিং মেনেজমেণ্ট কমিটি গঠন কৰা হৈছে ।
লগতে পঢ়ক: সাঁচিপাতে পাব নতুন ৰূপ : ডিজিটেল মাধ্য়মত উপলব্ধ বহু আপুৰুগীয়া সম্পদ