ETV Bharat / state

IPS বিষয়া শংকৰব্ৰত ৰায়মেধিলৈ NIAৰ কমেণ্ডেশ্বন মেডেল

author img

By ETV Bharat Assamese Team

Published : Jan 24, 2024, 10:46 PM IST

NIA Communication Medal to IPS officer Shankarbrata Rayamedhi
IPS বিষয়া শংকৰব্ৰত ৰায়মেধিলৈ NIAৰ কমেণ্ডেশ্বন মেডেল

NIA Medal to IPS officer: 'নিয়া'ৰ বিশেষ সন্মান লাভ কৰিলে এগৰাকী অসম সন্তান তথা সুদক্ষ আৰক্ষী বিষয়াই । অসম সন্তান তথা আই পি এছ বিষয়া শংকৰব্ৰত ৰায়মেধিক প্ৰদান কৰা হ'ব 'নিয়া'ৰ কমেণ্ডেশ্বন মেডেল । শংকৰব্ৰত ৰায়মেধি বৰ্তমান কেন্দ্ৰীয় ডেপুটেচনত আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত হৈ আছে ।

গুৱাহাটী,২৪ জানুৱাৰী: আই পি এছ বিষয়া অসম সন্তান শংকৰব্ৰত ৰায়মেধিলৈ বিশেষ মেডেল । ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ 'নিয়া'ৰ তৰফৰ পৰা আগবঢ়োৱা হৈছে এই বিশেষ সন্মান । অসম সন্তান শংকৰব্ৰত ৰায়মেধিলৈ আগবঢ়োৱা হৈছে 'নিয়া'ৰ কমেণ্ডেশ্বন মেডেল (ৰূপৰ পদক) । সম্প্ৰতি কেন্দ্ৰীয় ডেপুটেচনত থকা শংকৰব্ৰত ৰায়মেধিক আই এছ আই এছ বিৰোধী অভিযানৰ বাবে এই বঁটা আগবঢ়োৱা হৈছে ।

সুদীৰ্ঘ সময় অসমত সেৱা আগবঢ়োৱা শংকৰব্ৰত ৰায়মেধি বৰ্তমান কেন্দ্ৰীয় ডেপুটেচনত আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত হৈ আছে । ২০২১ বৰ্ষত আইছিচ সন্ত্রাসবাদীৰ বিৰুদ্ধে তেওঁ অভিযান চলাই বিশেষ সফলতা লাভ কৰিছিল । যাৰ বাবে তেওঁলৈ 'নিয়া'ৰ কমেণ্ডেশ্বন মেডেল আগবঢ়োৱা হৈছে । ইয়াৰ পূৰ্বেও অসম আৰক্ষীৰ আই পি এছ বিষয়া হিচাপে শংকৰব্ৰত ৰায়মেধিয়ে লাভ কৰিছিল কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ বিশেষ অভিযান পাৰদৰ্শিতা বঁটা ।

এই বঁটা লাভ কৰা শংকৰব্ৰত ৰায়মেধি একমাত্ৰ অসমীয়া বিষয়া । ইয়াৰ পূৰ্বেও ৰায়মেধিয়ে গৃহমন্ত্ৰণালয়ৰ পৰা তদন্তত পাৰদৰ্শিতা লাভ কৰা প্ৰথমগৰাকী আৰক্ষী অধীক্ষক আছিল । উল্লেখ্য যে বিশ্বত্ৰাস মৌলবাদী সংগঠনৰ বিৰুদ্ধে নিয়াৰ হৈ চলোৱা বিশেষ অভিযানৰ বাবে ৰায়মেধিলৈ উক্ত সন্মান আগবঢ়োৱা হয় । বৰ্তমান নতুন দিল্লীৰ ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ আৰক্ষী অধীক্ষকৰূপে কৰ্মৰত হৈ আছে শংকৰব্ৰত ৰায়মেধি ।

২০২০ বৰ্ষৰ ৭ অক্টোবৰত বিশ্বত্ৰাস উগ্ৰপন্থী সংগঠন ইছলামিক ষ্টেট চমুকৈ আইছিছৰ বিৰুদ্ধে চলোৱা সফল অভিযানৰ বাবে তেওঁ এই পদক লাভ কৰিছিল । শংকৰব্ৰত ৰায়মেধিয়ে পূৰ্বে নগাঁও জিলাৰ আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত হৈ থকা অৱস্থাত নগাঁৱত সংঘটিত বটদ্ৰৱা ধৰ্ষণকাণ্ডৰ ক্ষীপ্ৰ আৰু নিখুঁত তদন্তৰ বাবে লাভ কৰিছিল কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ বিশেষ পাৰদৰ্শিতা বঁটা ।

ৰায়মেধি আছিল সেই পদক লাভ কৰা প্ৰথমগৰাকী অসমীয়া বিষয়া । পুনৰ তেওঁ নিজৰ দক্ষতাৰ বাবে নিয়াৰ বিশেষ মেডেল লাভ কৰিবলৈ সক্ষম হৈছে । ২৬ জানুৱাৰীত নতুন দিল্লীত প্ৰদান কৰা হ'ব এই পদক । নিয়াৰ সঞ্চালক প্ৰধানে প্ৰদান কৰিব এই পদক । নিয়াৰ সঞ্চালক প্ৰধানৰ পদক লাভ কৰা প্ৰথমগৰাকী অসমীয়া আই পি এছ শংকৰব্ৰত ৰায়মেধি ।

লগতে পঢ়ক: বকো ছয়গাঁও সমষ্টিৰ হিতাধিকাৰীৰ মাজত ৰেচন কাৰ্ড বিতৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.