ETV Bharat / state

উজনিৰ পৰা গুৱাহাটীলৈ আহিব খুজিছে ? তেন্তে এই বাতৰি আপুনি পঢ়ি লোৱাটো খুব জৰুৰী - ROAD DIRECTION TO GUWAHATI

উজনি অসমৰ ফালৰ পৰা অহা সকলো লঘু বাহন ডিগাৰুৰ তিনিআলিৰ ডিগাৰু পইণ্ট হৈ আমচিং-যোৰাবাট হৈ আৰ্মী কেম্প হৈ পাথৰকুঁৱেৰীলৈ আহিব পাৰিব ।

ROAD DIRECTION TO GUWAHATI
উজনি অসমৰ পৰা গুৱাহাটী অভিমুখী বাহনৰ বাবে নতুন পথ নিৰ্দেশনা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 9, 2025 at 5:49 PM IST

2 Min Read

গুৱাহাটী : উজনি অসমৰ দিশৰ পৰা গুৱাহাটী মহানগৰীৰ প্ৰৱেশ পথত হোৱা তীব্ৰ যান-জঁট নিয়ন্ত্ৰণৰ বাবে গুৱাহাটী মহানগৰ যান-বাহন আৰক্ষীয়ে জাৰি কৰিছে পথ নিৰ্দেশনা । তেনেক্ষেত্ৰত উজনি অসমৰ পৰা গুৱাহাটী অভিমুখে যাত্ৰা কৰাৰ পূৰ্বে জানি লওক এই পথ নিৰ্দেশনা ।

পথ নিৰ্দেশনা সন্দৰ্ভত বুধবাৰে সংবাদমেল সম্বোধন কৰি মহানগৰ যান-বাহন আৰক্ষীৰ ADCP মৃণ্ময় গোস্বামীয়ে কয়, "২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ যোৰাবাটৰ পৰা খানাপাৰালৈ অহা পথছোৱাত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ নির্মাণকাৰ্য চলি থকা বাবে যাতায়াতত কিছু অসুবিধা হৈছে । বৰ্তমান মাৰোয়েট পেট্ৰ'ল পাম্পৰ সমীপৰ ৮০ মিটাৰ এলেকাৰ পুনৰ নিৰ্মাণকাৰ্য চলি আছে । দ্বিতীয় পৰ্যায়ত হনুমান মন্দিৰৰ সমীপত পথটোৰ পুনৰ নিৰ্মাণৰ কাম কৰা হ'ব । আনহাতে, তৃতীয় পৰ্যায়ত চি আৰ পি এফ কেম্পৰ সন্মুখৰ পথছোৱাৰ পুনৰ নিৰ্মাণৰ কাম কৰা হ'ব । সেয়ে এই পথ নিৰ্দেশনা দিয়া হৈছে ।"

উজনি অসমৰ পৰা গুৱাহাটী অভিমুখী বাহনৰ বাবে নতুন পথ নিৰ্দেশনা (ETV Bharat Assam)

তেওঁ লগতে কয়, "আগন্তুক দুমাহ ধৰি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে তিনিটা পৰ্যায়ত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত মেৰামতিৰ কাম কৰিব । যাতে মানুহৰ মূল্যাৱান সময় নষ্ট নহয় তাৰ বাবে এই পথ নিৰ্দেশনা জাৰি কৰা হৈছে । অৱশ্যে খানাপাৰাৰ দিশৰ পৰা সোণাপুৰৰ দিশে যোৱা বাহনবোৰৰ ক্ষেত্ৰত কোনো বাধা নাথাকিব ।"

road direction to Guwahati
গুৱাহাটী যান-বাহন আৰক্ষীৰ জাননী (ETV Bharat Assam)

নতুন পথ নিৰ্দেশনা

  1. উজনি অসমৰ ফালৰ পৰা গুৱাহাটী অভিমুখে অহা সকলো সামগ্ৰী কঢ়িওৱা বাহন কালিয়াবৰ তিনিআলি হৈ শোণিতপুৰ, দৰঙৰ মাজেৰে বাইহাটা চাৰিআলি হৈ আহিব পাৰিব ।
  2. নগাঁও, মৰিগাঁও, মেঘালয়ৰ পৰা গুৱাহাটী অভিমুখে অহা সকলো সামগ্ৰী কঢ়িওৱা বাহনক নিশা ১০ বজাৰ পৰা পুৱা ৬ বজাৰ ভিতৰত গুৱাহাটী মহানগৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰৱেশৰ অনুমতি দিয়া হ'ব ।
  3. উজনি অসমৰ ফালৰ পৰা অহা সকলো লঘু বাহন ডিগাৰুৰ তিনিআলিৰ ডিগাৰু পইণ্ট হৈ আমচিং-যোৰাবাট হৈ আৰ্মী কেম্প হৈ পাথৰকুঁৱেৰীলৈ আহিব পাৰিব ।
  4. ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ডিগাৰু তিনিআলিৰ পৰা ডিগাৰু পইণ্ট হৈ চন্দ্ৰপুৰ হৈ পানীখাইতী হৈ নাৰেংগীলৈ আহিব পাৰিব ।
  5. চামতা হৈ মায়ং হৈ চন্দ্ৰপুৰ হৈ পানিখাইতী হৈ নাৰেংগীলৈ আহিব পাৰিব ।
  6. জাগীৰোড হৈ মায়ং হৈ চন্দ্ৰপুৰ হৈ পানিখাইতী হৈ নাৰেংগীলৈ আহিব পাৰিব ।
লগতে পঢ়ক :তিনিচুকীয়াত আটাছুৱে অৱৰোধ কৰিলে ইণ্টাৰচিটি ৰে’ল; জানক সবিশেষ... - ATASU PROTEST
লগতে পঢ়ক :অমৃতপাল সিঙৰ আৰু এজন সহযোগীক ডিব্ৰুগড়ৰ পৰা পঞ্জাবলৈ নিয়াৰ প্ৰস্তুতি - DIBRUGARH CENTRAL JAIL

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.